NORTHEAST NOW (Assamese)

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

May 31, 2025 3:54 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 31, 2025 3:55 pm

শনিবাৰে আবেলি ৩ বজাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

অসমৰ আজি প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

আজি নিশাপৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, পৰৱৰ্তী তিনি ঘণ্টাত কামৰূপ, কামৰূপ (মেট্ৰ) জিলাত প্ৰচণ্ড ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে।

এই ২খন জিলাত বিজুলী-ঢেৰেকনিৰে প্ৰচণ্ড শিলাবৃষ্টি হব পৰৱৰ্তী তিনিঘণ্টাত।

ইয়াৰোপৰি ৰাজ্যৰ অন্যান্য কেইবাঠাইতো আজি প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী প্ৰকাশ কৰা হৈছে।

Related News