NORTHEAST NOW (Assamese)

নিয়তিৰ পৰিহাস! পুত্ৰৰ পাঁচ বছৰীয়া জন্মদিনৰ পাৰ্টিত হাৰ্ট এটেকত মৃত্যু মাতৃৰ

September 17, 2024 8:36 pm · এন ই নাও নিউজ, গুৱাহাটী

পুত্ৰৰ পঞ্চম জন্মদিন। সেই উপলক্ষে হোটেলখনত উদযাপন চলি আছিল। আত্মীয়-স্বজন গোট খাইছিল।তাৰ মাজতে বিপদ ঘটিল। হঠাৎ হুলস্থুলৰ মাজতে কিশোৰজনৰ মাক ঢলি পৰিল। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ভালছাদৰ এখন হোটেলত জন্মদিন উদযাপন চলি আছিল। ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে৷ ভিডিঅ’টোত মাতৃগৰাকী, তেওঁৰ স্বামী আৰু পুত্ৰ মঞ্চত থিয় হৈ আছে। বাকী পৰিয়ালটোৱে নাচি আছে।

ইয়াৰ পাছত এবাৰ স্বামীৰ কান্ধত মূৰটো থৈ দিলে। তাৰ পাছত তললৈ পৰিল। লগে লগে পৰিয়ালৰ লোক আহিল। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Related News