The most expensive vegetable in the world আমি সাধাৰণতে ১ কিলোগ্ৰাম পাচলিৰ দামৰ কথা ভাবিলে মনলৈ অহা ধাৰণাটো কিমান হ’ব পাৰে? যদি কোনো পাচলিৰ দাম প্ৰতি কিলোগ্ৰামত ৮৫ হাজাৰ টকা হয়, তেন্তে আপুনি আচৰিত হোৱাই নহয় সেই পাচলিবিধৰ বিষয়ে জানিবলৈও আগ্ৰহী হৈ পৰিব। অৱশ্যে এই পাচলি দৈনিক ব্যৱহাৰ কৰা নহয়। কিয়নো ই যিমান ব্যয়বহুল সিমানেই বিৰলো।
‘হপ শ্বুটছ’ (Hop shoots) নামৰ এই পাচলিবিধক বিশ্বৰ আটাইতকৈ ব্যয়বহুল পাচলি হিচাপে চিহ্নিত কৰা হৈছে।
এই পাচলি ইউৰোপীয় দেশসমূহত পোৱা যায়। আকাৰত সৰু যদিও ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ইমান বেছি যে সেই টকাৰে সোণ ক্ৰয় কৰিব পাৰি। কিন্তু এই পাচলিৰ মূল্য ইমান আকাশচুম্বী কিয়?
লগতে পঢ়ক: সৰুকালত হনুমান বুলি পূজা কৰা ললিত আক্ৰান্ত এক বিৰল ৰোগত; চিকিৎসকে কি কয়?
মুখ্যতঃ দুটা কাৰণত এই পাচলি ব্যয়বহুল হৈ পৰিছে। প্ৰথমতে এই পাচলিৰ খেতি কৰা সহজ নহয়। আন পাচলিৰ বিপৰীতে ইয়াৰ ব্যাপক হাৰত খেতি কৰা নহয়। যথেষ্ট সময় আৰু যত্ন লৈ ইয়াৰ গছডাল ডাঙৰ কৰিব লাগিব। তদুপৰি, প্ৰতি তিনি বছৰত ইয়াৰ উৎপাদন আশা কৰা হয়। তাৰ আগতে গছডাল ডাঙৰ আৰু উৎপাদনশীল কৰিবলৈ যথেষ্ট অহোপুৰুষাৰ্থ কৰিবগীয়া হয়। যিহেতু খেতি কৰাটো কঠিন, গতিকে পাচলিৰ দামো বাঢ়ি যায়।
দ্বিতীয়তে, এই পাচলিৰ ভেষজ গুণাগুণ আশ্চৰ্যজনক। অৰ্থাৎ এই গছৰ প্ৰতিটো অংশ ব্যৱহাৰ কৰিব পাৰি। গছৰ ফুলবোৰ বিয়েৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও এই গছৰ কিছু অংশ চালাডৰ সৈতেও ব্যৱহাৰ কৰিব পাৰি। লগতে দৰৱ তৈয়াৰ কৰাত ইয়াৰ গুৰুত্ব অপৰিসীম।
এই উদ্ভিদৰ বিভিন্ন অংশ হজমৰ সমস্যাৰ পৰা ছালৰ সমস্যালৈকে বহুতো দৰৱ, ভাগৰ উপশম কৰাৰৰ দৰৱ, টোপনিৰ সমস্যা আঁতৰাবলৈ দৰৱ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেইকাৰণে এই পাচলিৰ চাহিদাও বেছি। কম উৎপাদন আৰু উচ্চ চাহিদাৰ বাবে এই পাচলিৰ মূল্যও মহঙা।
লগতে পঢ়ক: বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
ভাৰতত ইয়াৰ খেতি কৰা নহয়। সেয়েহে ভাৰতীয় মুদ্ৰাত এই পাচলিৰ মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় ৮৫ হাজাৰ টকালৈ বিক্ৰী হয়। অৱশ্যে এই পাচলি কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ব্যয়বহুল। ই কম উপলব্ধ হোৱাৰ লগতে এডাল গছতে বহুগুণৰ সমাহাৰ ঘটিছে। সেয়েহে, এই হোপ-শ্বুটক বিশ্বৰ আটাইতকৈ ব্যয়বহুল পাচলি বুলি চিহ্নিত কৰা হৈছে।