NORTHEAST NOW (Assamese)

৭ মহীয়া কন্যাক সৰ্পদংশন কৰা বাবে প্ৰাণ ল’লে মাতৃয়ে! মাতৃক মৃত্যুদণ্ড আদালতৰ

April 13, 2025 2:31 pm · এন ই নাও নিউজ, গুৱাহাটী

এগৰাকী তান্ত্ৰিকৰ পৰা পৰামৰ্শ লাভ কৰাৰ পাছত এগৰাকী মাতৃয়ে নিজৰ ৭ মহীয়া কেঁচুৱা কন্যা সন্তানক জিভা আৰু ডিঙি কাটি নিৰ্মমভাৱে হত্যা কৰিছিল। তেলেংগানাৰ এখন আদালতে এই জঘন্য অপৰাধৰ বাবে ৩২ বছৰীয়া এগৰাকী মহিলাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

জানিব পৰা মতে, ২০২১ চনৰ ১৫ এপ্ৰিলত সংঘটিত এই ভয়াবহ ঘটনা। ভাৰতী নামৰ গৃহিণীগৰাকীয়ে এগৰাকী তান্ত্ৰিকৰ পৰামৰ্শ মানি ঘৰতে এক বিশেষ পূজাৰ আয়োজন কৰে। নিজৰ কন্যাৰ তেজেৰে পূজা প্ৰক্ৰিয়া কৰা হয়। ভাৰতীয়ে ৭ মহীয়া কন্যা সন্তানক জিভা কাটি ডিঙি ফালি হত্যা কৰে। ইফালে ঘটনাৰ সময়ত মহিলাগৰাকীৰ শহুৰেক কাষৰ কোঠাটোত আছিল। ঘৰৰ ভিতৰৰ পৰা কেঁচুৱাটোৰ চিঞৰ শুনি দৌৰি আহিছিল। হত্যাকাৰী মাতৃগৰাকীয়ে কন্যাক বলি দি ৰক্তাক্ত শৰীৰ লৈ ঘৰৰ পৰা ওলাই আহিল। ততাতৈয়াকৈ শিশুটিক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই মহিলাগৰাকীৰ স্বামী কৃষ্ণই কয়, ‘হত্যাৰ পাছত মোৰ পত্নীয়ে মোক কৈছিল যে মোৰ ছোৱালীক বলি দি আমি সাপৰ অভিশাপৰ পৰা মুক্ত হ’লোঁ।’

কৃষ্ণই দাবী কৰে যে তেওঁৰ পত্নী দীৰ্ঘদিন ধৰি মানসিক সমস্যাত ভুগি আছে। পৰিয়ালে ভাৰতীক মনোৰোগ চিকিৎসাৰ ব্যৱস্থা কৰিলে, কিন্তু তেওঁ ঔষধ সেৱন নকৰিলে। ইয়াৰ পূৰ্বেও গধুৰ শিল দলিয়াই স্বামীক হত্যা কৰাৰ চেষ্টা কৰিছিল।

আৰক্ষীৰ মতে, ভাৰতীক কেঁচুৱা কন্যাৰ হত্যাৰ গোচৰত আদালতলৈ অনাৰ সময়ত ন্যায়াধীশগৰাকীয়ে সকলো কথা শুনাৰ পাছতে কৈছিল যে এইটো আটাইতকৈ বিৰল ঘটনা। এই গোচৰত ১০ জন সাক্ষী, মৃত ছোৱালীজনীৰ ককাক, আৰু ফৰেনছিক বিশেষজ্ঞৰ বক্তব্যও আদালতত দাখিল কৰা হৈছিল। আদালতে সকলো প্ৰমাণৰ ভিত্তিত অপৰাধী মাতৃক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

Related News