সৰভোগৰ বেঁকী নৈৰ দলঙত যুৱক-যুৱতী অগ্নিদগ্ধ হোৱা ঘটনাৰ ৰহস্য কি? জনালে বৰপেটাৰ আৰক্ষী অধীক্ষকে

Sorbhog burn case of couple boy-girl

ফটো: নৰ্থইষ্ট নাও।

বৰপেটাৰ সৰভোগত বেঁকী নৈৰ দলঙত কালি নিশা এহাল যুৱক-যুৱতী অগ্নিদগ্ধ হোৱাৰ খবৰে ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

যুৱতীগৰাকীৰ জন্মদিন পালন কৰাৰ সময়ত কেকৰ মমবাটিৰ বাবে অগ্নিদগ্ধ হোৱা বুলি প্ৰচাৰ হৈছিল যদিও এই ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা গৈছে ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই আজি এক সংবাদমেলৰ আয়োজন কৰি ঘটনাৰ প্ৰকৃত কাৰণ সদৰী কৰে ৷

উল্লেখ্য যে, কালি নিশা সয়স্মিতা অধিকাৰী আৰু ৰণোজ জাজোদিয়া নামৰ যুৱক যুৱতীহালে বেঁকী নৈৰ দলঙৰ ওপৰত অগ্নিদগ্ধ হয় ৷

Also Read: জন্মদিন পালন কৰিবলৈ আহি সৰভোগৰ বেঁকী নৈৰ দলঙত অগ্নিদগ্ধ যুৱক-যুৱতী; হাস্পাতালত ভৰ্তি

যুৱতী গৰাকীৰ জন্মদিন পালন কৰাৰ বাবে কেক কাটোতে জুই লগা বুলি প্ৰচাৰ কৰা হয় যদিও সেয়া ভুল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি বেঁকী নৈৰ দলঙৰ ওপৰত যুৱক-যুৱতী হালৰ মাজত কিছু কথাক লৈ কাজিয়া হয় ৷

ইয়াৰ পিছতে যুৱকজনে নিজৰ দেহত জুই লগায় ৷ যুৱতীগৰাকীয়ে এই জুই নুমাবলৈ চেষ্টা কৰোতে দুয়োৱে অগ্নিদগ্ধ হয় ৷

Also Read: শিক্ষকৰ অভাৱত অনিশ্চয়তাত কলিয়াবৰৰ তিনিখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ

আৰক্ষীৰ তদন্তত এই কথা জানিব পৰা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

সম্প্ৰতি যুৱক-যুৱতী হাল বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটালত চিকিৎসাধীন হৈ আছে ৷