বৰাকৰ ১৩ খন চুতীয়া গাঁৱৰ কোনো লোকৰ নাম নাই এন আৰ চিৰ খচৰাত

এন আৰ চি

বৰাক উপত্যকাৰ ১৩খন চুতীয়া গাঁৱৰ এজন লোকৰো নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নহ’ল। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ শেহতীয়া চূড়ান্ত খচৰা প্ৰকাশৰ পিছত এনে বহু অভিযোগ উত্থাপিত হৈছে য’ত খিলঞ্জীয়াকে ধৰি বহু স্বদেশী লোকৰ নাম বাদ পৰি গৈছে।

এইদৰে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা স্বদেশী লোকসকলে চিন্তিত হ’ব নালাগে বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আনহাতে, ৰাজ্যৰ হিন্দু বঙালী লোকসকলৰ কোনো ধৰণৰ সমস্যা নহয় আৰু চৰকাৰে নাগৰিকত্ব সন্দৰ্ভত ব্যৱস্থা ল’বৰ বাবে প্ৰস্তুত আছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। গুৱাহাটীত এখন বৈঠকত শিলচৰৰ সদৌ অসম বঙালী হিন্দু সংস্থাৰ (আভা)ৰ প্ৰতিনিধি দলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস দি এই কথা জানিবলৈ দিছে।

আভাৰ সঁজাতী দলটোৱে বিদেশী আইন ১৯৪৬ আৰু পাৰপত্ৰ আইন ১৯২০ অনুসৰি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা ২০১৫ চনৰ ৭ ছেপ্টেম্বৰৰ জাননী শীঘ্ৰে অসমত কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীয়ে  প্ৰতিনিধি দলটোক চৰকাৰে হিন্দু বঙালী লোকৰ সমস্যাসমূহ গুৰুত্বসহকাৰে সমাধানৰ চেষ্টা কৰিছে বুলি অৱগত কৰে।

‘ডি’ ভোটাৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ আয়ুক্ত আৰু মুখ্য সচিবৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে। নৱনিযুক্ত মুখ্য সচিবে কিছুদিনৰ ভিতৰত বৰাক উপত্যকালৈ গৈ গোটেই সমস্যাসমূহ পৰ্যালোচনা কৰিব।

মুখ্যমন্ত্ৰীয়ে  এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰি যোৱা হিন্দু বঙালীসহ অন্যান্য জনগোষ্ঠীক দাবী প্ৰ-পত্ৰ দাখিলৰ বাবে উৎসাহিত কৰিবলৈ আভাৰ প্ৰতিনিধি দলক ইতিবাচক ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। তদুপৰি, মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত সংগঠনৰ কাম-কাজ সম্প্ৰসাৰণ কৰি দুয়োখন উপত্যকাৰ মাজত সমন্বয়ৰ সেতুবন্ধন গঢ়িবলৈ আভাক আহ্বান জনায়।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা আভাৰ প্ৰতিনিধি দলত আছিল সভাপতি বাসুদেৱ শৰ্মা, সম্পাদক শান্তনু সূত্ৰধৰ, সহঃ সম্পাদক ক্ৰমে ৰাজীৱ নাথ, নীতিশ ভট্টাচাৰ্য, শান্তনু ৰয়, সন্দীপন দত্ত পুৰকায়স্থ, পাৰ্থ দাস আৰু সন্তোষ চক্ৰৱৰ্তী।