• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰ কাণ্ডত নতুন বিতৰ্ক! বিবস্ত্ৰা কৰি মহিলা দুগৰাকীক খোজ কঢ়োৱাৰ কথা আগতেই জানিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2023 5:00 pm
379
VIEWS
Share on FacebookShare on Twitter

এইবাৰ দাবী কৰা হৈছে যে মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰা কৰি ৰাজপথত খোজ কঢ়োৱাৰ ঘটনাৰ ভিডিঅ’ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগ বহু আগতেই ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ গৈছিল। কিন্তু বিজেপি চৰকাৰৰ নিয়ন্ত্ৰিত মহিলা আয়োগে এই অভিযোগক আওকাণ কৰা বুলি দাবী কৰা হৈছে।

বুধবাৰে ছ’চিয়েল মিডিয়াত বিয়পি পৰা মণিপুৰৰ এই ভিডিঅ’টোৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে সেই ছবি ৪ মে’ত তোলা হৈছিল।

শুকুৰবাৰে ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে মহিলাৰ ওপৰত হোৱা সেই নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ১২ জুনত ৰাষ্ট্ৰীয় মহিলা আয়োগক লিখিত অভিযোগ উত্থাপন কৰা হৈছিল। প্ৰকাশিত প্ৰতিবেদনৰ সৈতে অভিযোগ পত্ৰৰ প্ৰতিলিপিও প্ৰকাশ কৰা হৈছে। তিনিগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰে দুগৰাকী মহিলাক বিবস্ত্ৰা হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই শুকুৰবাৰে কাৰ্যতঃ স্বীকাৰ কৰে যে মণিপুৰত মহিলাৰ ওপৰত হোৱা বহু হিংসাৰ অভিযোগ তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে। সেই ৰাজ্যৰ বিজেপি চৰকাৰৰ কান্ধত দায় জাপিছে মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে।

শুকুৰবাৰে ৰেখা শৰ্মাই কয় যে, যোৱা তিনিমাহত আমি মণিপুৰ চৰকাৰক এই বিষয়ে তিনিবাৰকৈ সুধিছো। কিন্তু কোনো সঁহাৰি পোৱা নগ’ল।’ অৱশ্যে মণিপুৰৰ এই ঘটনা সন্দৰ্ভত তেওঁলোকৰ ওচৰলৈ বহু ভুৱা অভিযোগ আহিছিল বুলিও কয় ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষই। তেওঁ কয় যে বহু ক্ষেত্ৰত অভিযোগকাৰী মণিপুৰৰ নাছিল, আনকি ভাৰতৰো নাছিল।

উল্লেখ্য যে যোৱা ৩ মে’ত জনজাতীয় ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়। পিছদিনা থৌবাল জিলাৰ নংপক ছেকমাই থানাৰ সমীপত মহিলা দুগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। ঘটনাস্থলীৰ ওচৰতে কাংপাকপি জিলাৰ সীমান্ত।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এই বিষয়ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত এখন বিচাৰপীঠে শুকুৰবাৰৰ ভিতৰত কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ পৰা এই ঘটনাৰ প্ৰতিবেদন বিচাৰিছে।

ইপিনে, বিজেপি শাসিত মণিপুৰৰ এই ভিডিঅ’ ৰাজহুৱা হোৱাৰ পিছতে সক্ৰিয় হৈ পৰে আৰক্ষী। ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে শুকুৰবাৰে পুৱালৈকে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

ইতিমধ্যে ৪ মে’ত হোৱা ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে এগৰাকী নিৰ্যাতিতাই বৰ্ণনা কৰিছে। তেওঁ দাবী কৰে যে সেইদিনা দুস্কৃতিকাৰীয়ে তেওঁলোকক হত্যাৰ ভাবুকি দি ৰাজহুৱা স্থানত কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল। ১৮ মে’ত কাংপাকোপি জিলাৰ বি ফিনেম গাঁৱৰ মুৰব্বীৰ সহযোগত একেখন জিলাৰ ছাইকুল আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নিৰ্যাতিতাই। ‘জিৰ’ এফআইআৰ’ দাখিল কৰা হয়।

উল্লেখ্য যে ‘সাধাৰণ এফ আই আৰ’ ঘটনা সংঘটিত হোৱা থানা এলেকাত এফ আই আৰ দাখিল কৰিবলগীয়া হয়। কিন্তু যিকোনো থানাত ‘জিৰ’ এফ আই আৰ’ দাখিল কৰিব পাৰি। অপৰাধ সংঘটিত হোৱা ঘটনা যি থানাৰ এলেকাতে নঘটক কিয়। তাৰ পিছত সেই থানাখনে সংশ্লিষ্ট থানালৈ অভিযোগ প্ৰেৰণ কৰে। অৰ্থাৎ এনে অপৰাধৰ ক্ষেত্ৰত ভুক্তভোগী বা তেওঁৰ পৰিয়ালৰ লোকে ঘটনা স্থলীৰ থানালৈ যাব নালাগে।

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd