দলৰ পৰা আঁতৰি যোৱা সকলক দলৰ মজিয়ালৈ ঘূৰি আহিবলৈ আহ্বান আপৰ নতুন সভাপতি মনোজ ধানোৱাৰৰ

“ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অন্য কোনো দলৰ সৈতে বুজাবুজি নকৰে। ইয়াৰ বিপৰীতে অসমৰ ৰাইজৰ সৈতে বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে। আপৰ নেতা-কৰ্মী সকলৰ বাবে এই নিৰ্বাচন হ’ব কোৱাৰ্টাৰ ফাইনেল। গতিকে পঞ্চায়ত নিৰ্বাচনৰ বাবে আমাৰ কৰ্মী সকল এতিয়াৰ পৰাই সাজু হোৱা উচিত। ” আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যকৰ্তা সম্বোধন সভাত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰে আম আদমী পাৰ্টিৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।

দলীয় কৰ্মী সকলক সম্বোধন কৰি ধানোৱাৰে  বিগত দিনত দলৰ মজিয়াৰ পৰা আঁতৰি থকা দলৰ কৰ্মী সকলক পুনৰ দলৰ মজিয়ালৈ উভতি আহিবলৈ আহ্বান জনায়।  আম আদমী পাৰ্টিৰ উন্নয়নৰ ৰাজনীতি সন্দৰ্ভত মনোজ ধানোৱাৰে  কয়, ” অসমৰ চৰকাৰী স্কুল সমূহৰ অৱস্থা শোচনীয়। চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়ন আমাৰ লক্ষ্য। অসমতো আমি দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত বিশ্ব মানদণ্ডৰ চৰকাৰী স্কুল স্থাপন কৰিব বিচাৰোঁ। আপৰ চৰকাৰ হ’লে ব্যক্তিগত খণ্ডৰ স্কুলতকৈ চৰকাৰী স্কুলৰ মানদণ্ড উন্নত হ’ব। তদুপৰি, উন্নত শিক্ষাৰ লগতে বিনামূলীয়া তথা উন্নত চিকিৎসা সেৱা প্ৰদানৰ বাবে আমি ৰাইজৰ ওচৰত দায়বদ্ধ থাকিম। ” 

অসম চৰকাৰৰ স্মাৰ্ট মিটাৰৰ মাধমাৰ সন্দৰ্ভত  আপৰ নেতাগৰাকীয়ে কয়,” আমাৰ চৰকাৰে দিল্লী আৰু পাঞ্জাৱত ২০০ ৰ পৰা ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দি আছে। কিন্তু অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগাই ৩০০/৪০০ ইউনিটৰ বিল আমাৰ পৰা কাঢ়ি লৈছে। আমি অসমৰ ৰাইজক বুজাম যিদিনা অসমত আম আদমি পাৰ্টীৰ চৰকাৰ আহিব আমিও স্মাৰ্ট মিটাৰ লগাম। কিন্তু আমাৰ স্মাৰ্ট মিটাৰে ৰাইজক ৩০০ ইউনিটলৈকে বিজুলী বিনামূলীয়াকৈ দিব ।”

ৰাজ্য চৰকাৰৰ বসুন্ধৰা আঁচনিৰ ব্যৰ্থতাৰ বিৰুদ্ধেও সৰৱ হয় ধানোৱাৰ। বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত কিমানজনে মাটিৰ পট্টা লাভ কৰিছে চৰকাৰক সেই তথ্য ৰাজহুৱা কৰিবলৈ ধানোৱাৰে আহ্বান জনায়। আম আদমী পাৰ্টি ক্ষমতাত অধিষ্ঠিত হ’লে প্ৰতিগৰাকী থলুৱা লোকক মাটিৰ পট্টা প্ৰদানৰ সংকল্প ব্যক্ত কৰে নেতাগৰাকীয়ে।

কাৰ্যকৰ্তা সম্বোধন সভাত অংশগ্ৰহণ কৰা আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, ” অসমত আম আদমী পাৰ্টি দুৰন্ত গতিত আগবাঢ়িছে। এটা সময়ত সৰু কোঠাত আপৰ কাৰ্যালয় আৰম্ভ কৰি দলৰ কাম – কাজ চলোৱা হৈছিল। আজি গুৱাহাটীত দলৰ এই বৃহৎ আকাৰৰ কাৰ্যালয়ৰ পৰা সাংগঠনিক কাম কাজ চলোৱা হৈছে। তথাপিও  আজি আমি সভাগৃহত সকলোকে বহিবলৈ ঠাই দিব পৰা নাই। আগন্তুক দিনত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন সমূহত আমি বিজয়ৰ লক্ষ্যৰে আগবাঢ়িম। এতিয়াৰ পৰা অসমত মনোজ ধানোৱাৰে আমাৰ দলৰ নেতৃত্ব দিব। ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু অসমত ধানোৱাৰৰ নেতৃত্বত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। ”

আপৰ বিদায়ী ৰাজ্যিক সভাপতি তথা নতুনকৈ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক নিযুক্ত হোৱা ডাঃ ভবেন চৌধুৰীকো আজি কৰ্মী সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। ডাঃ চৌধুৰীয়ে নতুন ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত  দলে ভাল ফল প্ৰদৰ্শন কৰিব বুলি আশা ব্যক্ত কৰে। জনাকীৰ্ণ কাৰ্যকৰ্তা সভাত আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, অনুৰূপা ডেকাৰজা, পুনম গগৈ আৰু অসম লেবাৰ পাৰ্টিৰ নেতা বীৰেন মিৰ্ধায়ো ভাষণ দিয়ে। সভাত গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমো উপস্থিত থাকে । কাৰ্যকৰ্তা সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাজ্যিক সভাপতি হিচাপে বিদায়ী সভাপতি ডাঃ ভবেন চৌধুৰীৰ হাতৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে মনোজ ধানোৱাৰে।