• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলৰ পৰা আঁতৰি যোৱা সকলক দলৰ মজিয়ালৈ ঘূৰি আহিবলৈ আহ্বান আপৰ নতুন সভাপতি মনোজ ধানোৱাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 22, 2024 6:33 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
  • সভাপতিৰ দায়িত্ব গ্ৰহণৰ পিছতে আপৰ কাৰ্যকৰ্তা সভাত মনোজ ধানোৱাৰ
  • “পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ সৈতে বুজাবুজি হ’ব আপৰ”
  • কেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে – ৰাজেশ শৰ্মা

“ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অন্য কোনো দলৰ সৈতে বুজাবুজি নকৰে। ইয়াৰ বিপৰীতে অসমৰ ৰাইজৰ সৈতে বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে। আপৰ নেতা-কৰ্মী সকলৰ বাবে এই নিৰ্বাচন হ’ব কোৱাৰ্টাৰ ফাইনেল। গতিকে পঞ্চায়ত নিৰ্বাচনৰ বাবে আমাৰ কৰ্মী সকল এতিয়াৰ পৰাই সাজু হোৱা উচিত। ” আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যকৰ্তা সম্বোধন সভাত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰে আম আদমী পাৰ্টিৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।

দলীয় কৰ্মী সকলক সম্বোধন কৰি ধানোৱাৰে  বিগত দিনত দলৰ মজিয়াৰ পৰা আঁতৰি থকা দলৰ কৰ্মী সকলক পুনৰ দলৰ মজিয়ালৈ উভতি আহিবলৈ আহ্বান জনায়।  আম আদমী পাৰ্টিৰ উন্নয়নৰ ৰাজনীতি সন্দৰ্ভত মনোজ ধানোৱাৰে  কয়, ” অসমৰ চৰকাৰী স্কুল সমূহৰ অৱস্থা শোচনীয়। চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়ন আমাৰ লক্ষ্য। অসমতো আমি দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত বিশ্ব মানদণ্ডৰ চৰকাৰী স্কুল স্থাপন কৰিব বিচাৰোঁ। আপৰ চৰকাৰ হ’লে ব্যক্তিগত খণ্ডৰ স্কুলতকৈ চৰকাৰী স্কুলৰ মানদণ্ড উন্নত হ’ব। তদুপৰি, উন্নত শিক্ষাৰ লগতে বিনামূলীয়া তথা উন্নত চিকিৎসা সেৱা প্ৰদানৰ বাবে আমি ৰাইজৰ ওচৰত দায়বদ্ধ থাকিম। ” 

Apply Now

অসম চৰকাৰৰ স্মাৰ্ট মিটাৰৰ মাধমাৰ সন্দৰ্ভত  আপৰ নেতাগৰাকীয়ে কয়,” আমাৰ চৰকাৰে দিল্লী আৰু পাঞ্জাৱত ২০০ ৰ পৰা ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দি আছে। কিন্তু অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগাই ৩০০/৪০০ ইউনিটৰ বিল আমাৰ পৰা কাঢ়ি লৈছে। আমি অসমৰ ৰাইজক বুজাম যিদিনা অসমত আম আদমি পাৰ্টীৰ চৰকাৰ আহিব আমিও স্মাৰ্ট মিটাৰ লগাম। কিন্তু আমাৰ স্মাৰ্ট মিটাৰে ৰাইজক ৩০০ ইউনিটলৈকে বিজুলী বিনামূলীয়াকৈ দিব ।”

ৰাজ্য চৰকাৰৰ বসুন্ধৰা আঁচনিৰ ব্যৰ্থতাৰ বিৰুদ্ধেও সৰৱ হয় ধানোৱাৰ। বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত কিমানজনে মাটিৰ পট্টা লাভ কৰিছে চৰকাৰক সেই তথ্য ৰাজহুৱা কৰিবলৈ ধানোৱাৰে আহ্বান জনায়। আম আদমী পাৰ্টি ক্ষমতাত অধিষ্ঠিত হ’লে প্ৰতিগৰাকী থলুৱা লোকক মাটিৰ পট্টা প্ৰদানৰ সংকল্প ব্যক্ত কৰে নেতাগৰাকীয়ে।

কাৰ্যকৰ্তা সম্বোধন সভাত অংশগ্ৰহণ কৰা আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, ” অসমত আম আদমী পাৰ্টি দুৰন্ত গতিত আগবাঢ়িছে। এটা সময়ত সৰু কোঠাত আপৰ কাৰ্যালয় আৰম্ভ কৰি দলৰ কাম – কাজ চলোৱা হৈছিল। আজি গুৱাহাটীত দলৰ এই বৃহৎ আকাৰৰ কাৰ্যালয়ৰ পৰা সাংগঠনিক কাম কাজ চলোৱা হৈছে। তথাপিও  আজি আমি সভাগৃহত সকলোকে বহিবলৈ ঠাই দিব পৰা নাই। আগন্তুক দিনত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন সমূহত আমি বিজয়ৰ লক্ষ্যৰে আগবাঢ়িম। এতিয়াৰ পৰা অসমত মনোজ ধানোৱাৰে আমাৰ দলৰ নেতৃত্ব দিব। ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু অসমত ধানোৱাৰৰ নেতৃত্বত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। ”

আপৰ বিদায়ী ৰাজ্যিক সভাপতি তথা নতুনকৈ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক নিযুক্ত হোৱা ডাঃ ভবেন চৌধুৰীকো আজি কৰ্মী সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। ডাঃ চৌধুৰীয়ে নতুন ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত  দলে ভাল ফল প্ৰদৰ্শন কৰিব বুলি আশা ব্যক্ত কৰে। জনাকীৰ্ণ কাৰ্যকৰ্তা সভাত আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, অনুৰূপা ডেকাৰজা, পুনম গগৈ আৰু অসম লেবাৰ পাৰ্টিৰ নেতা বীৰেন মিৰ্ধায়ো ভাষণ দিয়ে। সভাত গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমো উপস্থিত থাকে । কাৰ্যকৰ্তা সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাজ্যিক সভাপতি হিচাপে বিদায়ী সভাপতি ডাঃ ভবেন চৌধুৰীৰ হাতৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে মনোজ ধানোৱাৰে। 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd