• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সহস্ৰাধিক নিবনুৱাৰ জীৱনক লৈ হিমন্ত চৰকাৰৰ চুপতি! পুৰণি ৫,৫৫০টা শিক্ষক পদ পূৰণ নকৰাকৈ জাৰি কৰিলে নতুন বিজ্ঞাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2025 12:06 pm
321
VIEWS
Share on FacebookShare on Twitter

ডেৰ লাখ নিযুক্তিৰে চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰা হিমন্ত বিশ্ব চৰকাৰ তথা শিক্ষা বিভাগে সংঘটিত কৰিছে আচৰিত কাণ্ড। পুৰণি বিজ্ঞাপনৰ ভিত্তিত শিক্ষক পদ পূৰণ নকৰাকৈয়ে শিক্ষা বিভাগে বুধবাৰে পুনৰ প্রকাশ কৰিলে নিম্ন আৰু উচ্চ প্রাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ বিজ্ঞাপন। এনে বিসংগতিপূৰ্ণ বিজ্ঞাপন প্রত্যক্ষ কৰি এতিয়া চৰম দুশ্চিন্তাত পৰিবলগা হৈছে সহস্ৰাধিক প্রার্থী।

অধিক আগ্ৰহেৰে এবছৰৰো অধিক সময় অপেক্ষা কৰাৰ পাছত মেধা তালিকাৰ পৰিৱৰ্তে নতুন চাকৰিৰ বিজ্ঞাপন প্রত্যক্ষ কৰি মানসিকভাৱে ভাগি পৰিছে প্রার্থীসকল।

উল্লেখ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে ২০২৩ চনৰ ২৬ ডিচেম্বৰত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৫,৫৫০ টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনৰ ভিত্তিত ২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ ১৩ ফেব্ৰুৱাৰীত অন্ত পৰে। সেই অনুসৰি বহু নিবনুৱা প্ৰত্যাশীয়ে উক্ত পদসমূহৰ বাবে আবেদন কৰে। এনে আবেদনৰ পাছত প্রার্থীসকলে বহু আশাৰে শিক্ষা বিভাগে নথিসমূহ পৰীক্ষা কৰি মেধা তালিকা প্রকাশ কৰি তেওঁলোকৰ শিক্ষক হোৱাৰ সপোন পূৰণ কৰাৰ আশা দেখিছিল।

আনকি ফুটনি মাৰি ভাল পোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায়ো সেই সময়ত বহুকেইখন নির্বাচনী সভাত প্ৰচাৰ চলাই জুলাই মাহত শিক্ষক নিযুক্তি প্রক্রিয়া সমাপ্ত কৰাৰ প্ৰতিশ্রুতি দিছিল। কিন্তু আজি  এমাহ, দুমাহকৈ ৫,৫৫০ টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশৰ এবছৰ পাৰ হৈ গ’ল যদিও আবেদনকাৰী প্রার্থীসকলৰ নিযুক্তিৰ বাট মুকলি নহ’ল।  

ইয়াৰ মাজতে নিবনুৱা প্ৰাৰ্থীৰ মাজত চৰম বিভ্রান্তিৰ সৃষ্টি কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বুধবাৰে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক পদৰ বাবে ৪,৫০০ টা পদৰ বিজ্ঞাপন প্রকাশ কৰে। সেয়েহে এতিয়া স্বাভাৱিকতে এনে কাণ্ডক লৈ চাকৰি প্ৰত্যাশীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Recent News

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

হানিমুন মাৰ্ডাৰ কাণ্ড! ষড়যন্ত্ৰত সোণমৰ পৰিয়ালো জড়িত; চিবিআইৰ তদন্ত দাবী ৰাজাৰ ভাতৃৰ

হানিমুন মাৰ্ডাৰ কাণ্ড! ষড়যন্ত্ৰত সোণমৰ পৰিয়ালো জড়িত; চিবিআইৰ তদন্ত দাবী ৰাজাৰ ভাতৃৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd