• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংগ্ৰাম আন এটি নাম জীৱনৰ! দৰিদ্ৰতাক নেওচি সফলতাৰ উচ্চ শিখৰত বিশ্বজিত দৈমাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 22, 2021 9:53 am
172609-biswajit-daimary-resigns-from-bpf-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৰিত নাছিল চেণ্ডেল, পিন্ধিছিল  টাপলি মৰা হাফপেন্ট আৰু প্ৰায় সাত-আঠ কিলোমিটাৰ পথ খোজ কাঢ়িয়েই অহা যোৱা কৰিছিল বিদ্যালয়লৈ। তেওঁ এটি অতি দুখীয়া জনজাতীয় পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।

ছয় গৰাকী ভাতৃৰ মাজত তেওঁ আছিল কণিষ্ঠ। দৰিদ্ৰতাৰ বাবে কেতিয়াবা লঘোণেও গৈছিল বিদ্যালয়লৈ। বিদ্যালয় ছুটি হ’লেই কাম কৰিছিল চাহৰ দোকানত। গ্ৰাহকে চাহ খাই যোৱাৰ পিছত কাপ-প্লেট ধুইছিল তেওঁ। মুখত আছিল সদায় মিঠা  হাঁহি।  কামত নাছিল এলাহ। আছিল তেওঁৰ কঠোৰ জীৱন সংগ্ৰাম। কিয়নো তেওঁৰ দুচকুত আছিল হেজাৰ স্বপ্ন।

সৰুৰে পৰা আনক উপকাৰ কৰি ভালপোৱা সেই সময়ৰ কিশোৰ গৰাকীৰ আছিল সমাজ সেৱা কৰাৰ অদম্য হেঁপাহ। আৰু তাৰ বাবেই তেওঁ সকলো কষ্টক নেওচি অহা যোৱা কৰিছিল বিদ্যালয়লৈ।

দৰিদ্ৰতাক নেওচি কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে, জাতিৰ হকে কাম কৰিবলৈ ওলাই আহি আজি অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা সেইগৰাকী বড়ো জনজাতীয় নেতা  হৈছে তামুলপুৰৰ প্ৰাক্তন বিধায়ক, ৰাজ্য সভাৰ তিনিবাৰৰ সাংসদ তথা এইবাৰৰ পানেৰী বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিত দৈমাৰী।

বৰ্তমানৰ বাক্সা জিলাৰ ৫ নং শুৱাগপুৰ গাঁওত ১৯৭১ চনৰ ৪ ফেব্ৰুৱাৰীত জন্ম লাভ কৰা বিশ্বজিত দৈমাৰীৰ পিতৃ সুৰেন দৈমাৰী আছিল এগৰাকী হাতী মাউত। মাতৃ ফেডাব দৈমাৰী আছিল অতি সহজ সৰল গৃহিনী।

সাধাৰণভাৱে খেতি বাতি কৰি পৰিয়াল পোহপাল দিছিল পিতৃ-মাতৃয়ে। তেওঁলোকৰ নৰাৰ চালিৰ মাত্ৰ দুটাই ঘৰ আছিল। থকা ঠাইৰ অভাৱত ৰাতি ভাত খাই উঠি যিয়ে যেনেকৈ পাৰে চুবুৰীয়াৰ ঘৰত গৈছিল শুবলৈ।

বিশ্বজিত দৈমাৰীয়ে প্ৰাথমিক শিক্ষা জীৱন আৰম্ভ কৰিছিল শুৱাগপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত। তাৰ পিছত তেওঁ ৫ নং শুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত আৰু পিছত নাওকাটা মিলন হাইস্কুলত অধ্যয়ন কৰে আৰু তাৰ পৰা ১৯৮৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা দি উত্তীৰ্ণ হয়।

নাওকাটা চ’কত দৈমাৰীৰ নিজৰ ককায়েকৰ আছিল এখন সৰু চাহ দোকান। স্কুললৈ অহা যোৱা কৰোঁতে সময় আৰু সুবিধা পালেই চাহৰ দোকানত গিলাচ ধোঁৱা, চকী মেজ চাফা কৰাকে ধৰি বিভিন্ন কাম কৰিছিল তেওঁ বিনা দ্বিধাই।

সময়ে সময়ে লগৰীয়াৰ লগত গৰুও  চৰাইছিল তেওঁ। খেতি পথাৰলৈ জলপান নি কৃষি কাৰ্য্যতো সহায় কৰিছিল বিশ্বজিত দৈমাৰীয়ে।

পৰৱৰ্তী সময়ত এইগৰাকী ছাত্ৰৰ মনত জাগি উঠিছিল জাতিৰ প্ৰতি তীব্ৰ প্ৰেম। আৰু ১৯৮৮ চনত  নিখিল বড়ো ছাত্র সন্থাৰ পৃথক বড়ো ৰাজ্যৰ দাবীৰে ৰৌতা অধিবেশনত ডিভাইড আসাম ফিফটি ফিফটি আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল।

বৰ্তমানৰ নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবিৰাম ব্ৰহ্মই জনোৱা মতে ১৯৮৯ চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ পূব ডেফেলি আঞ্চলিক সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিশ্বজিত দৈমাৰীয়ে।

পৰৱৰ্তী সময়ত নিখিল বড়ো ছাত্র সন্থাৰ সংগ্ৰামত জড়িত হৈ পৰি অসম আৰক্ষীৰ মোষ্ট ৱান্টেড ও হৈ পাৰিছিল।  ছাত্র জীৱনত অধ্যয়নৰ সমান্তৰালভাৱে বিশ্বজিত দৈমাৰীয়ে পৃথক বড়ো ৰাজ্যৰ দাবীৰে নিখিল বড়ো ছাত্র সন্থাৰ জাতীয় সংগ্ৰামত সক্ৰিয় অংশ লৈছিল আৰু ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সংগ্ৰামৰ মাজেৰেই তেওঁ অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়।  ২০০১ চনত তেওঁ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত  নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

২০০৩ চনত অসম আৰু ভাৰত চৰকাৰৰ বিএলটিৰে হোৱা চুক্তিত বিশেষ ভূমিকা গ্ৰহণ কৰি পিছত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন আঞ্চলিক ৰাজনৈতিক দল বিপিএফৰ সৈতে জড়িত হৈ পৰে আৰু পিছত তেওঁ বিপিএফৰ পৰা দুবাৰকৈ ৰাজসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।

বিপিএফৰ সৈতে থাকি কংগ্ৰেছত থকা সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সু সম্পৰ্ক গঢ়ি তুলি বিপিএফ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা গঢ়ি তোলাত তেওঁ সহায় কৰে। পৰৱৰ্তী সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মা বিজেপি লৈ অহাত বিপিএফ দলে বিজেপিৰ লগত মিত্ৰতা কৰাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এই গৰাকী দক্ষ ৰাজনীতিবিদ বিশ্বজিত দৈমাৰীয়ে।

ৰাজসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ হকে সংসদৰ মজিয়াত বলিষ্ঠভাবে মাত মাতি ”Roaring Tiger” হিচাপে চৰ্চিত হৈছিল দৈমাৰী।

২০২০ চনত বিটিএডিৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোক সকলৰ বাবে প্ৰস্তাৱিত বড়ো কছাৰী স্বায়ত্ব শাসিত উন্নয়ন পৰিষদ গঠনক লৈ বিপিএফৰ জ্যেষ্ঠ নেতৃত্বৰ সৈতে বিশ্বজিত দৈমাৰীৰ হৈছিল মনোমালিন্য আৰু তেওঁ ২০২০ চনৰ নৱেম্বৰ মাহত বিপিএফ দল ত্যাগ কৰি বাক্সা জিলাৰ কুমাৰীকাটাত ২২ নৱেম্বৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিশাল যোগদান সমাৰোহত বিজেপি দলত আনুষ্ঠানিকভাবে যোগদান কৰিছিল আৰু আঞ্চলিক ৰাজনীতিৰ পৰা তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিত জড়িত হৈ পৰে।

তাৰ পিছত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হৈ পৰে বিশ্বজিত দৈমাৰী আৰু এইবাৰ পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিপুল ভোটৰ ব্যৱধানত বিধানসভালৈ নিৰ্বাচিত হয়।

বিশ্বজিত দৈমাৰীয়ে বিপিএফ ত্যাগ কৰাৰ পিছত  বিগত বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে শাসনৰ গাদী হেৰুৱায় আৰু বিধানসভাৰ নিৰ্বাচনতো বিপিএফ দলে চাৰিখন আসনত সীমাবদ্ধ থাকিব লগা হয়।  বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত অসম বিধানসভাত বিশ্বজিত দৈমাৰীয়ে  মন্ত্ৰিত্ব লাভ কৰিব বুলি ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা হৈছিল আৰু সংবাদ মাধ্যমতো চৰ্চা হৈছিল বিষয়টো। কিন্তু পৰৱৰ্তী সময়ত দক্ষ ৰাজনীতিবিদ গৰাকীয়ে  মন্ত্ৰিত্ব লাভ নকৰিলে যদিও বিশ্বজিত দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষ হিচাপে সাংবিধানিক পদ মৰ্যাদাৰ আসনত অধিষ্ঠিত হবলৈ সক্ষম হয়।

এসময়ত অতি পিছ পৰা অঞ্চলৰ বড়ো জনগোষ্ঠীৰ এগৰাকী নেতাক অসম বিধান সভাৰ আধাক্ষ পদত নিযুক্তি দিয়াত উৎফুল্লিত হৈ পৰিছে তেওঁৰ  জেষ্ঠ্য ভাতৃ, ন বৌয়েক, আত্মীয় স্বজন আৰু সমগ্ৰ তামুলপুৰবাসী।

অতীতৰ দুখৰ কাহিনী বৰ্ণনা কৰি জ্যেষ্ঠ তিনি গৰাকী ভাতৃয়ে দৈমাৰীৰ সফলতাত উৎফুল্লিত হৈ পৰে আৰু ভৱিষ্যতে যাতে তেওঁ ৰাইজৰ মঙ্গলৰ হকে কাম কৰি যাব পাৰে তাৰ কামনা কৰে। অৱশ্যে তিনি ভাতৃয়ে দুখ কৰি ক’লে যে বিশ্বজিত দৈমাৰীৰ সুখ দেখা নাপালে তেওঁলোকৰ স্বৰ্গগামী পিতৃ-মাতৃ আৰু স্বৰ্গগামী দুই ভাতৃয়ে।

বিশ্বজিত দৈমাৰীৰ সফলতাত আনন্দ প্ৰকাশ কৰিলে এসময়ৰ এবছু নেতা বৰ্তমান নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাবিৰাম ব্ৰহ্ম আৰু সেইখন বিদ্যালয়ৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ  নিৰ্মল দৈমাৰীয়ে কয় যে বিশ্বজিত দৈমাৰী  কৰ্মস্পৃহা থকা উদ্যমী লোক। তেওঁৰ এখন বিশাল হৃদয় আছে। সৰুৰে পৰা আছিল সমাজ সেৱাৰ মনোভাব। আৰু আজি তেওঁ অসম বিধানসভাৰ এক উচ্চ আসনত অধিষ্ঠিত হৈ জনগোষ্ঠীটোৰ লগতে আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে।

এসময়ৰ এবছু আন্দোলনৰ নেতা তথা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ চন্দ্ৰ ব্ৰহ্মই বিশ্বজিত দৈমাৰী সন্দৰ্ভত মত প্ৰকাশ কৰি কয়, ”বিশ্বজিত দৈমাৰী এগৰাকী দক্ষ ৰাজনৈতিক নেতা।  তেওঁৰ স্মৃতি শক্তি প্ৰচুৰ।  তেওঁ অসম বিধানসভাত মন্ত্ৰিত্ব লাভ কৰিব বুলি আশা কৰিছিলোঁ। মন্ত্ৰিত্ব নাপালে যদিও বড়ো জনগোষ্ঠীৰ পৰা অসম বিধান সভাত অধ্যক্ষ হিচাপে পাই মোৰ লগতে তামুলপুৰবাসী যথেষ্ট সুখী হৈছো।

বিশ্বজিত দৈমাৰীক বিধানসভাৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হোৱা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বড়ো সাহিত্য সভাৰ সভাপতি টোৰেন বড়োয়ে কয়, ”বড়ো জনগোষ্ঠীৰ পৰা বিশ্বজিত দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হোৱাত আমি যথেষ্ট সুখী হৈছো। এবছু আন্দোলনত  তেওঁ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আৰু যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। তেওঁৰ সৱল নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হোৱাৰ লগতে সকলোৰে মাজত সমন্বয়ৰ সাঁকো গঢ়ি উঠিব বুলি আমি আশাবাদী আৰু তেওঁৰ সফল ৰাজনৈতিক জীৱন কামনা কৰিছো।”

উল্লেখ্য যে বিশ্বজিত দৈমাৰী ২০০৯ চনৰ পৰা ইণ্টাৰনেশ্যনেল বড়ো ৰেচ ফেষ্টিভেল কমিটি আৰু ২০১০ চনৰ পৰা বড়োলেণ্ড টাই-কোৱান্দো এছোচিয়েশ্যনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

August 22, 2025 8:34 pm
বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd