• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শপত ল’লে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যই

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 5, 2019 9:08 am
20190204_161748

উত্তৰ কাছাৰ পার্বত্য পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকল সোমবাৰে শপত গ্ৰহণ অনুষ্ঠানত। ফটো : নৰ্থইষ্ট নাও

807
VIEWS
Share on FacebookShare on Twitter

দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলক  সোমবাৰে ঈশ্বৰৰ নামত শপত বাক্য পাঠ কৰোৱা হয়। হাফলং কালচাৰেল ইনষ্টিটিউট হলত ৰাজ্যপালৰ হৈ শপত বাক্য পাঠ কৰায় ডিমা হাচাও জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত ভাস্কৰ দেৱশৰ্মাই।

শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰথমতে শপত লয় ১ নং হাফলং আসনৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰতিনিধি ড্যানিয়াল লাংথাচাই। লাংথাচাই ইংৰাজী ভাষাত শপত বাক্য পাঠ কৰে। জাতিঙ্গা আসনৰ নিৰ্দলীয় প্ৰাৰ্থী ফ্লেমিঙ ৰূপছিয়েও ইংৰাজীত শপত লয়। ইপিনে,বৰাইল আসনৰ গুলৰিনলাল চাঙছানে কুকি ভাষাত শপত লয়। মাৰ ভাষাত শপত লয় জিনাম আসনৰ বিজেপি প্ৰতিনিধি জছিনথাঙ মাৰ আৰু ল’ৱাৰ খাৰথং আসনৰ বিজেপি প্ৰতিনিধি  নাম্ৰোথাঙ মাৰে।

আনহাতে, ডিমাচা ভাষাত শপত বাক্য পাঠ কৰে দেহাংগী আসনৰ নিৰ্বাচিত বিজেপি প্ৰাৰ্থী দেবলাল গাৰ্লচা, হামৰি আসনৰ মনজিত নাইডিঙ, গুনজুঙৰ নজিত কেম্প্ৰাই, হাতিখালী আসনৰ নিৰ্দলীয় প্ৰাৰ্থী বিমল হোজাই, ডাওটোহাজা আসনৰ বিজেপি প্ৰাৰ্থী নিপোলাল হোজাই, হাদিঙমা আসনৰ দেবজিত বাঠাৰি,মাইবাঙ পূৰ্ব আসনৰ নন্দিতা গাৰ্লচা, মাইবাঙ পশ্চিম আসনৰ নিৰ্দলীয় প্ৰাৰ্থী বিজিত লাংথাচা, কালাচান্দৰ বিজেপি প্ৰাৰ্থী ৰতন জাৰাম্বুছা, হাজাদিচাৰ প্ৰজিত হোজাই, ওৱাজ’ৰ বিশ্বজিত দাউলাগুপু, লাঙটিংৰ গলঞ্জ থাউচেন,দিয়ুঙব্ৰাৰ নবজিত হোজাই, হাৰাংগাজাওৰ অমেন্দু হোজাই আৰু  চেমখৰৰ ৰাণু লাংথাচাই।

উক্ত ডিমাচা ভাষাত শপত বাক্য পাঠ কৰা সদস্যকেইজনে লগতে ডিমাচা পৰম্পৰাগত পোচাক পৰিধান কৰে। তদুপৰি, দিগেৰ, মাহুৰ আৰু হাংগ্ৰুমৰ প্ৰতিনিধিত্ৰয় ক্ৰমে বিজেপিৰ চ্যামুয়াল চাঙছান,ৰাহুল নাইডিঙ আৰু নিৰ্দলীয় নোৱা দাইমে ইংৰাজীত শপত বাক্য পাঠ কৰে।

সেইদৰে, লাইচঙৰ বিজেপি প্ৰতিনিধি পাওদামিঙ নৃয়ামে জেমি ভাষাত আৰু দলং আসনৰ নিৰ্দলীয় প্ৰাৰ্থী এছ টি জেম ৰাঙখলে ৰাঙ্খল ভাষাত শপত বাক্য পাঠ কৰে। কিন্তু ব্যতিক্ৰম আছিল দিহামলাই আসনৰ নিৰ্দলীয় প্ৰতিনিধি ৰামগালুঙবে জেমি। জেমিয়ে ৰাষ্ট্ৰ ভাষা হিন্দীত শপত বাক্য পাঠ কৰে।

শপত গ্ৰহণ অনুষ্ঠানৰ পাছত প্ৰাক্তন মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লচায় সংবাদ মাধ্যমৰ আগত কয় যে সংসদীয় সমিতিৰ বৈঠকত অধ্যক্ষ কোন হ’ব এই বিষয়ে সিদ্ধান্ত লোৱা হ’ব আৰু মঙলবাৰে উপৰোক্ত পদৰ কাৰণে দলৰ ফালৰ পৰা মনোনয়ন দাখিল কৰা হ’ব। তদুপৰি, ৰাজ্যপালৰ পৰা অনুমোদন লাভ কৰাৰ পাছত মুখ্য কাৰ্যবাহী পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Recent News

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd