নাৰীক যৌনগন্ধী মন্তব্যৰে ৰাজহুৱাভাৱে অপমান : জুবিনক ক্ষমা খোজাৰ দাবী নৰ্থ ইষ্ট ইণ্ডিয়া এচ’ছিয়েশ্যন ফ’ৰ ৱমেনছ ষ্টাডিজৰ

zubeengarg1-889

যিসময়ত মহিলা সবলীকৰণৰ হকে তথা সমাজত লিংগ বৈষম্য দূৰীকৰণৰ বাবে বিভিন্ন সামাজিক সংস্থাসমূহে অহোপুৰুষাৰ্থ কৰি আহিছে, সেই সময়ত অসমৰ যুব প্ৰজন্মৰ হাৰ্টথ্ৰব ৰূপে পৰিগণিত জুবিন গাৰ্গে মহিলাৰ বিৰুদ্ধে আপত্তিজনক আৰু অশালীন মন্তব্য কৰা বিষয়টোয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চ’ছিয়েল মিডিয়াত জুবিনৰ এই কাণ্ডক বিভিন্নজনে বিৰোধ কৰাৰ সমান্তৰালভাৱে নৰ্থ ইষ্ট ইণ্ডিয়া এচ’ছিয়েশ্যন ফ’ৰ ৱমেনছ ষ্টাডিজ(NEIAWS)এ তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে গৰিহণা দিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত নৰ্থ ইষ্ট ইণ্ডিয়া এচ’ছিয়েশ্যন ফ’ৰ ৱমেনচ ষ্টাডিজ-এ জুবিন গাৰ্গৰ এনে নিকৃষ্ট কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ক্ষমা খুজিবলৈয়ো দাবী জনাইছে।

উল্লেখযোগ্য যে যোৱা ৩০ জানুৱাৰীত অনুষ্ঠিত প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠানত জুবিনে নিশিতা গোস্বামীৰ প্ৰতি অশালীন মন্তব্য কৰাৰ লগতে আন এগৰাকী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ শাৰীৰিক অভিব্যক্তিক লৈও আপত্তিজনক মন্তব্য কৰিছিল।

কেৱল এয়াই নহয় জুবিনে ‘এনাজৰী’ নামৰ প্ৰগতিশীল বেচৰকাৰী সংস্থাটোৰ প্ৰতিষ্ঠাপক মিলিন দত্তকো মঞ্চত অনুভৱ প্ৰকাশ কৰি থকাৰ মাজতে বাধা দি আঁতৰি যাবলৈ কৈ চূড়ান্ত পুৰুষতান্ত্ৰিকতাৰ পৰিচয় দি অশোভনীয় আচৰণ কৰা পৰিলক্ষিত হয়, যাৰবাবে ‘জোনাকী পৰুৱা’ বোলছবিৰ বাবে বঁটা লাভ কৰা মিলিন দত্তই চ’ছিয়েল মিদিয়া যোগে ট্ৰান্স সম্প্ৰদায়ৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰক লৈ বিষোদগাৰ প্ৰকাশ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷

নৰ্থ ইষ্ট ইণ্ডিয়া এছ’চিয়েশ্যন ফ’ৰ ৱমেনছ ষ্টাডিজ নামৰ সংগঠনটোৱে জুবিনৰ এনে গৰ্হিত কাৰ্যক সহজে ল’ব পৰা নাই। উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইজন শিক্ষাবিদ, সমাজকৰ্মীৰে গঠিত সংগঠনটোৱে মত প্ৰকাশ কৰে যে গায়কজনৰ এনে আচৰণ ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা পৰিসৰতেই অগ্ৰহণীয় তথা প্ৰগতিশীল সমাজ এখনৰ বাবে সমীচীন নহয়। গায়কজনৰ লিংগ সংবেদনহীন মন্তব্য আৰু ব্যক্তিসত্বাক কৰা অপমানৰ বাবে অভিনেত্ৰী নিশিতা গোস্বামী, প্ৰস্তুতি পৰাশৰৰ লগতে মিলিন দত্তৰ ওচৰত লিখিতভাৱে ক্ষমা খুজিবলৈ সংগঠনটোৱে দাবী জনাইছে৷

সংগঠনটোৰ মতে সমাজত লিংগভিত্তিক সজাগতা আৰু সংবেদনশীলতাৰ প্ৰয়োজনীয়তাৰ কথা সেই সন্ধিয়াটোৱেই প্ৰমাণ কৰি দেখুৱালে কিয়নো উক্ত দিনটোত মঞ্চত উপৱিষ্টসকলকে ধৰি অনুষ্ঠানটোত উপস্থিত বেছি সংখ্যক দৰ্শকে গায়কজনৰ এনে আচৰণক প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে সহজভাৱে গ্ৰহণ কৰি হাস্যবদনেৰে উল্লাস প্ৰদৰ্শনহে কৰিলে৷

নৱপ্ৰজন্মৰ এক বৃহৎ অংশৰ আকাংক্ষাক প্ৰতিফলিত কৰা জুবিন গাৰ্গৰ দৰে এজন সাংস্কৃতিক প্ৰতিনিধিয়ে এনে কাৰ্যৰ জৰিয়তে জনতাৰ আৰু বিশেষভাৱে নাৰীসমাজৰ স্বাভিমানত কুঠাৰঘাট কৰিছে বুলি সংগঠনটোৱে মতপোষণ কৰিছে৷

সংগঠনটোৱে ঘটনাটোত জড়িত মহিলা দুগৰাকীৰ লগতে এনে লিংগসংবেদনহীন আচৰণৰ বাবে গায়কজনক সকলো মহিলাৰ ওচৰত আৰু ট্ৰান্স সম্প্ৰদায়ৰ ওচৰত বিনাচৰ্তে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈও দাবী জনাইছে৷