টোকলাইত উপস্থিত নৰৱেৰ ৰাষ্ট্ৰদূত : চাহ খণ্ডলৈ নতুন প্ৰযুক্তি আমদানিৰ সম্ভাৱনা

Tocklai-Tea-Research-Association-TRA-1140x570

ভাৰতত নিয়োজিত নৰৱেৰ ৰাষ্ট্ৰদূত নিলছ ৰেগনৰ কামছভাগ, চেণ্টাৰ ফ’ৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট আব দ্য নৰৱেজিয়ান ইনষ্টিট্উট অব বায়ইক’নমি ৰিছাৰ্চৰ সঞ্চালক উদয় শেখৰ নাগথু,  কেন্দ্ৰটোৰ ডাইৰেক্টৰ অব কমিউনিকেশ্যনছ ৰেগনৰ ভাগা পেডেৰছেন আৰু সঁজাতী দলৰ সদস্যসকলে টোকলাইৰ বৈজ্ঞানিকসকলক ১০ অক্টোবৰত সাক্ষাৎ কৰে।

সঁজাতী দলটোৱে অসম কৃষি বিশ্ববিদ্যালয়ত ইয়াৰ পূৰ্বে ভাৰত-আৰু নৰৱে চৰকাৰৰ সহযোগিতাৰে জলবায়ু নিৰপেক্ষ কৃষিৰ এটা প্ৰকল্প উদ্বোধন কৰে।

নৰৱেৰ ৰাষ্ট্ৰদূতগৰাকীয়ে টোকলাইৰ বৈজ্ঞানিকসকলৰ সৈতে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ সৈতে কেনেদৰে মিলাই ল’ব লাগে তাৰ ওপৰত আলোচনা কৰে। পৰিস্থিতিতন্ত্ৰত ছাঁ দিয়া বৃক্ষৰ ভূমিকা, চাহৰ গুণমান আৰু বিভিন্ন প্ৰকাৰৰ চাহপাত প্ৰস্তুত প্ৰণালীৰ বিষয়েও তেওঁলোকে মত বিনিময় কৰে।

ওটকলাইৰ বিষয়াসকলে কৈছে যে চাহ গৱেষণা সন্থা তথা চাহ পৰিষদৰ অধ্যক্ষ পি কে বেজবৰুৱাই ৰাষ্ট্ৰদূত আৰু তেওঁৰ সৈতে অহা সঁজাতী দলটোত ওলগ জনাই মত বিনিময় অনুষ্ঠানলৈ আগবঢ়াই লৈ যায়।

চাহ গৱেষণা সন্থাৰ সঞ্চালক ড০ একে বৰুৱাই ৰাষ্ট্ৰদূতগৰাকীক শতিকা প্ৰাচীন চাহ গৱেষণা কেন্দ্ৰটোৰ বিষয়ে এটা চমু আভাষ দিয়ে আৰু বৰ্তমানে জলবায়ু পৰিৱৰ্তনৰ সৈতে তাল মিলাই চাহগছ ৰোপণৰ পদক্ষেপসমূহৰ বিষয়েও এটা আভাস দিয়ে।

বহনক্ষম চাহপাত প্ৰস্তুতৰ পৰিৱেশ বান্ধৱ প্ৰযুক্তিৰ ওপৰত প্ৰকাশিত কেতবোৰ পুস্তিকাও সন্মানীয় অতিথিসকলৰ মাজত বিতৰণ কৰা হয়।

চাহপাত প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত জটিল প্ৰস্তুতি প্ৰক্ৰিয়াৰ বিষয়ে অৱগত হ’বলৈ নৰৱেৰ ৰাষ্ট্ৰদূতগৰাকীয়ে টোকলাইত থকা এটা নমুনা চাহপাত কাৰখানাও ভ্ৰমণ কৰে।

টোকলাই চাহ গৱেষণা কসন্থাৰ পৰা প্ৰকাশিত সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে নৰৱেৰ ৰাষ্ট্ৰদূতগৰাকীয়ে টোকলাইত চলি ছকা কাম-কাজ সন্দৰ্ভত কৌতুহল প্ৰকাশ কৰে আৰু টী টেষ্টিং অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। নৰেৱৰ ৰাষ্ট্ৰদূতগৰাকীৰ টোকলাই ভ্ৰমণে চাহ খণ্ডটোত নতুন প্ৰযুক্তিৰ আমদানিত যথেষ্ট সহায় কৰিব বুলি সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে।