NORTHEAST NOW (Assamese)

ভাৰতত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ১০০৯ জনলৈ বৃদ্ধি, কেৰালাত সৰ্বাধিক

May 26, 2025 3:55 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান মুঠ ১০০৯ জন কভিড-১৯ৰ আক্ৰান্ত ৰোগী আছে।

সৰ্বাধিক সক্ৰিয় ৰোগীৰ সংখ্যা আছে কেৰালাত। কেৰালাত ৪৩০ জন ব্যক্তি ক’ৰনাত আক্ৰান্ত হৈছে। ইয়াৰ পিছতে পিছতে মহাৰাষ্ট্ৰত ২০৯ জন আৰু দিল্লীত ১০৪ জন লোক কভিডত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি আজিৰ তাৰিখত কেৰালাত ৪৩০ গৰাকী, মহাৰাষ্ট্ৰত ২০৯ গৰাকী, দিল্লীত ১০৪ গৰাকী, গুজৰাটত ৮৩ গৰাকী, তামিলনাডু ৬৯ গৰাকী, কৰ্ণাটকত ৪৭ গৰাকী, উত্তৰ প্ৰদেশত ১৫ গৰাকী, ৰাজস্থানত ১৩ গৰাকী, পশ্চিম বংগত ১২ গৰাকী, হাৰিয়ানাত ৯ গৰাকী, পুডুচেৰীত ৯ গৰাকী, অন্ধ্ৰ প্ৰদেশত ৪ গৰাকী, মধ্যপ্ৰদেশত ২ গৰাকী, তেলেংগানাত ১ গৰাকী, গোৱা এগৰাকী আৰু ছত্তীশগড়ত ১ গৰাকী লোক কোভিডত আক্ৰান্ত হৈ আছে।

কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী দীনেশ গুণ্ডু ৰাওৱে যে এই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই।

দীনেশ গুণ্ডু ৰাৱে কয়  অৱশ্যে আমি দক্ষিণ-পূব এছিয়াৰ দেশসমূহত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কথা শুনিছো, কিন্তু তাতো সংক্ৰমণ ্কমি আহিছে। ভাৰততো কোভিড সংক্ৰমণৰ ঘটনা সামান্য বুলি প্ৰকাশ পাইছে।

তেওঁ কয়, “মহাৰাষ্ট্ৰৰ লগতে আন কিছুমান ঠাইত কিছু লোকৰ মৃত্যু হৈছে, কিন্তু এই মৃত্যুৰ প্ৰত্যক্ষ সম্পৰ্ক কোভিডৰ সৈতে নহয়। এই ৰোগীসকলৰ অন্যান্য ৰোগো আছিল।”

দীনেশ গুণ্ডু ৰাৱে কয়, “তথাপিও আমি সজাগ আৰু সতৰ্ক হব লাগিব। আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো। আমি কিছু পৰামৰ্শও জাৰি কৰিছো।”

Related News