পৰ্য্যটনৰ ভিডিঅ’ত নাই এশিঙীয়া গঁড়; নাই ৰংঘৰ-কাৰেংঘৰ, কামাখ্যা! আছে মাথো প্ৰিয়ংকা

Awesome_Assam

১৫ অক্তোবৰত ৰাজ্য চৰকাৰৰ পৰ্য্যটন বিভাগে ‘অ’চম আছাম’ শীৰ্ষক অভিযানৰ অংশস্বৰূপে টেলিভিশ্যন বিজ্ঞাপনৰ দ্বিতীয় ভিডিঅ’টো মুকলি কৰে। কিন্তু গুৱাহাটীৰ তাজ ভিভান্তত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰা ভিডিঅ’টো মুকলিৰ ২৪ ঘণ্টাৰ ভিতৰতে বিতৰ্কৰ সূচনা হৈছে।

লক্ষণীয় কথা যে, অসম পৰ্য্যটনৰ মূল কেন্দ্ৰ এশিঙীয়া গঁড়, গুৱাহাটীৰ কামাখ্যা মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয় দৌল, শিৱদৌলকে ধৰি ৰাজ্যখনৰ কীৰ্তিচিহ্নসমূহে স্থান নাপালে উক্ত ভিডিঅ’টোত।

আনহাতে, ভিডিঅ’টোত সত্ৰীয়া সংস্কৃতিৰো চিনমোকাম নাই। নাই মাজুলীৰ বৰ্ণাঢ্য সংস্কৃতিৰ আভাস। এইবোৰৰ সলনি কেৱল প্ৰিয়ংকা চৌপ্ৰাকে বাৰেপতি দেখুৱাই থকা হ’ল।

উল্লেখযোগ্য যে বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চৌপ্ৰাক অসম চৰকাৰে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে। গতিকে তেওঁক কেন্দ্ৰত ৰাখিয়ে সমগ্ৰ ভিডিঅ’টো নিৰ্মাণ কৰা হৈছে। তৎসত্ত্বেও সকলো দৃশ্যাংশত কেৱল প্ৰিয়ংকাক দেখুৱায়ে ভিডিঅ’টো নিৰ্মাণ কৰাটোৱে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ অসমৰ গৌৰৱ আৰু পৰ্য্যটকৰ মূল আকৰ্ষণ গঁড়কো ঠাই নিদিয়াটো সহজভাৱে ল’ব পৰা নাই অসমৰ ৰাইজে। ছ’চিয়েল মিডিয়াতো ইয়াক লৈ প্ৰশ্ন অৱতাৰণা কৰা দেখা গৈছে। বিদেশৰ পৰা পৰ্য্যটক অসমলৈ প্ৰিয়ংকাক চাবলৈ আহিব নে অসমৰ গঁড়, ৰংঘৰ, কাৰেংঘৰ চাবলৈ আহিব -এইদৰে প্ৰশ্ন কৰা দেখা গৈছে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীক।

এই সন্দৰ্ভত এছিয়ান ৰাইন’ স্পেচিয়েলিষ্ট গ্ৰুপৰ অধ্যক্ষ ড০ বিভৱ তালুকদাৰে নৰ্থ-ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এটা জন্তুক হাইলাইট কৰাটো নিতান্তই প্ৰয়োজন যিটোৱে পৰ্য্যটকক আকৰ্ষিত কৰিব পাৰে। কেৱল গঁড়েই নহয়, ৰাজ্যিক গছ, ৰাজ্যিক পক্ষী অথবা অন্যান্য জীৱ-জন্তুসমূহো গুৰুত্বসহকাৰে দেখুৱাব লাগে।”

তেওঁ লগতে কয়, “অসমৰ এটা খড়্গযুক্ত গঁড় বিশ্ববিখ্যাত। এই জন্তুটোৱেই যদি ভিডিঅ’টোত নাথাকে নিশ্চয়কৈ ভিডিঅ’টোত ডাঙৰ কিবা এটা নাই। তথাপি আৰু কিছুমান জীৱ-জন্তু আছে অসমত, যিবোৰৰ পৃথিৱীত আদৰ আছে।”

আনহাতে, যি এই ভিডিঅ’টো প্ৰস্তুত কৰিছে, তেওঁলোকে সমগ্ৰ বিষয়টো চালি-জাৰি চাব লাগে বুলি তেওঁ মন্তব্য কৰি লগতে কয় “যিবিলাক বস্তু গুৰুত্বসহকাৰে দেখুৱালে অসমৰ নামটো উজলি উঠে, তেনেকুৱা কৰাটো উচিত বুলি মই ভাবো।”

“ভিডিঅ’টো নিৰ্মাণ কৰাৰ আগতে তেওঁলোকে গৱেষণা কৰিব লাগিছিল, বোধহয় সেইটো তেওঁলোকে কৰা নাই।” তেওঁ এইদৰে কয়।

আনহাতে আন্তঃগাঁথনিৰ প্ৰয়োজনৰ কথাত জোৰ দি তেওঁ কয়, “পৰ্য্যটন বিভাগৰ বিকাশ সাধন কৰিবলৈ হ’লে আন্তঃগাঁথনিৰো বিকাশ কৰিব লাগে বুলি মই ভাবো। যদি আন্তঃগাঁথনি ঠিক নাথাকে তেন্তে পৰ্য্যটকসকল আহি ক’ত থাকিব।তাৰোপৰি বিভিন্ন ধৰণৰ থকা ঠাই নিৰ্মাণ কৰি দিব লাগে, এনেকুৱা নহয় যে হোটেলত কেৱল ধনীসকলেই থাকিব।”

ইফালে, এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বন মন্ত্ৰী তথা বৰ্তমানৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই। প্ৰমীলাৰাণী ব্ৰহ্মই কয়, “পৰ্য্যটন বিভাগে এশিঙীয়া গঁড়ৰ পৰাহে পৰ্য্যটন ক্ষেত্ৰৰ বিকাশৰ কামবোৰ আৰম্ভ কৰিছিল। পৰ্য্যটনৰ মূল থীম হিচাপে এশিঙীয়া গঁড়টোকে লৈছিল। এতিয়া কিয় বাদ দিলে মই গম নাপাওঁ। নিশ্চয় এশিঙীয়া গঁড়টো থাকিব লাগিছিল।”

তেওঁ লগতে কয়, “সকলোৱে জানে, অসম এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। এশিঙীয়া গঁড়ৰ লগতে বনাঞ্চলক বাদ দি পৰ্য্যটন ক্ষেত্ৰ সম্পূৰ্ণ নহয়।”

আনহাতে, বিৰোধী দলপতি দেবব্ৰত শইকীয়াই অসমৰ এশিঙীয়া গঁড়ৰ লগতে কোনো কীৰ্তিচিহ্নৰ দৃশ্যাংশ ভিডিঅ’টোত নথকাক কেন্দ্ৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে।

তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয়, “অসমৰ গঁড় বিশ্ববিখ্যাত। লগতে ৬০০ বছৰ কাল শাসন কৰা আহোমসকলৰ দৃষ্টান্তও বিৰল। অসমৰ চৰাইদেউ মৈদাম, ৰংঘৰ, কাৰেংঘৰ বা অন্যান্য কীৰ্তিচিহ্নসমূহ তথা আহোমসকলে কেনেদৰে শাসন কৰিছিল সেয়া বিশ্বই জানিব লগীয়া কথা। গতিকে পৰ্য্যটন বিভাগৰ বিজ্ঞাপনত এইবোৰ দিশ নেদেখুৱালে প্ৰকৃততে অসমৰ পৰ্য্যটন ক্ষেত্ৰত প্ৰতিফলিত কৰাৰ কোনো দিশ নাথকিব।”

ইয়াৰোপৰি ‘পৰ্য্যটন বিভাগৰ বিজ্ঞাপনত এইবোৰ যদি নেদেখুৱায়, তেন্তে অসমক কেতিয়াও এই বিজ্ঞাপনে ভালকৈ দাঙি ধৰিব নোৱাৰে। গতিকে নিশ্চয় এইক্ষেত্ৰত প্ৰতিবাদ কৰিব লগীয়া থল আছে।’ বুলি তেওঁ কয়।

(অসম পৰ্য্যটনে নিৰ্মাণ কৰা উক্ত ভিডিঅ’টো)