‘’মহাপুৰুষগৰাকীয়ে সমগ্ৰ বিশ্বৰ জীৱকুলৰ বাবে অৱদান আগবঢ়াই থৈ গৈছে’’-শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ উদ্যোগত শুকুৰবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বিশেষ বক্তৃতা অনুষ্ঠান অনুস্থিত কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ প্ৰমূল্যবোধ আৰু সামাজিক দায়বদ্ধতা সৃষ্টিত শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ ভূমিকা শীৰ্ষক নিৰ্ধাৰিত বিষয়ত সাৰুৱা বক্তব্য আগবঢ়ায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনিৰ সঞ্চালনাত আয়োজিত এই বক্তৃতা অনুষ্ঠানত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বিমল বৰা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ সভাপতি মুকুল গগৈ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

পদাধিকাৰগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কেৱল অসমতে সীমাবদ্ধ নাৰাখি বিশ্ব দৰবাৰত গুৰুজনাৰ অমৰ সৃষ্টিৰাজি বিয়পাই নিবলৈ আমি চেষ্টা কৰিব লাগে কিয়নো মহাপুৰুষগৰাকীয়ে সমগ্ৰ বিশ্বৰ জীৱকুলৰ বাবে অৱদান আগবঢ়াই থৈ গৈছে।

তেওঁ লগতে ধৰ্ম এক আধ্যাত্মিক পৰিবৰ্তন বুলি কৈ কেৱল নামঘৰ,মছজিদ অথবা উপাসনাস্থলীলৈ গ’লেই যে ধৰ্ম কৰা হয় তাক নুবুজাই কৰ্মই ধৰ্ম বুলি সদৰি কৰি অহিংসাৰ বাটেৰে সকলোকে আগুৱাই যাবলৈ আহ্বান জনায়।

ইপিনে বৰ্তমান সমাজে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সমাজ পৰিচালনাৰ ক্ষেত্ৰত যিবোৰ নীতি-আদৰ্শ অৱলম্বন কৰিছে সেয়া মহাপুৰুষগৰাকীয়ে তেতিয়াই আৰম্ভ কৰিছিল বুলি মন্তব্য কৰিছে পদাধিকাগৰাকীয়ে।

নৃত্য গীত নাট বাদ্যৰ ক্ষেত্ৰতো মহাপুৰুষজনাৰ অমূল্য অৱদানৰ কথা সোৱৰণ কৰি মহাপুৰুষজনাৰ কৰ্মৰাজিৰ দৰ্শনেৰে বিশেষকৈ উঠি অহা প্ৰজন্মৰক আগুৱাই যাবলৈ তেওঁ আহ্বান জনায়।

উক্ত সভাত বিশিষ্ট সংস্কৃত পণ্ডিত ড° অকণ চন্দ্ৰ শইকীয়া, জেষ্ঠ শিক্ষক দেবেন দত্ত, টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি সুৰেন্দ্ৰ নাথ শইকীয়া, বিশিষ্ট ব্যৱসায়ী ৰবীন ভুঞা, প্ৰদীপ চুতীয়া, টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, ৰেণু বড়া মেম’ৰিয়েল একাডেমিৰ অধ্যক্ষ ড° ধীৰেন কলিতা, সঞ্চালক প্ৰাণ কমল বৰাকে প্ৰমুখ্য কৰি সংঘৰ জিলা শাখাৰ কেইবাগৰাকীও বিষয়ববীয়া, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।