সাত বছৰীয়া পুত্ৰৰ চিকিৎসাৰ বাবে দুৰ্ভগীয়া পিতৃ-মাতৃৰ ৰাইজলৈ সাহায্য বিচাৰি আহ্বান

disable child teok

ফটো: নৰ্থইষ্ট নাও।

যোৰহাট জিলাৰ টীয়কৰ এগৰাকী মাতৃৰ অশ্ৰুসিক্ত নয়নেৰে ৰাইজলৈ আহ্বান- আমাক সহায় কৰক, ল’ৰাটোক সুস্থ কৰি তোলক। হয়, শিশুটোৰ এতিয়া পখিলা খেদাৰ বয়স। কিন্তু ভাগ্যৰ কি পৰিহাস, যোৱা সাতটা বছৰে শিশুটোৱে কেৱল বিচনাত শুয়ে দিন অতিবাহিত কৰিব লগা হৈছে।

শিশুটোৰ নাম আংশুমান ভূঞা। জন্মৰে পৰা ৰাজহাড়ৰ দুৰ্বলতাৰ বাবে বহিব, থিয় হ’ব নোৱাৰা পুত্ৰ আংশুমানক লৈ টীয়কৰ কাকজান কমাৰখাটোৱালৰ দুৰ্ভগীয়া পিতৃ-মাতৃ ক্ৰমে জ্ঞানদীপ ভূঞা আৰু ববি ভূঞাই ধনৰ অভাৱত দিক্-বিদিক্ হেৰুৱাই পেলাইছে।

দিব্যাংগ এই শিশুটোৰ চিকিৎসাৰ বাবে পৰিয়ালে যোৰহাট, গুৱাহাটীত চিকিৎসা কৰি কোনো সুফল নাপালে।

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ সাঁচতীয়া ধন ইতিমধ্যে সন্তানৰ চিকিৎসাৰ বাবদ শেষ হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱত এতিয়া ঘৰতে যন্ত্ৰণাত চটফটাই থাকিব লগা হৈছে শিশুটোৱে।

উল্লেখযোগ্য যে এই পৰ্যন্ত কোনো চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হোৱা নাই পৰিয়ালটি।

সেয়ে উপায়হীন হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া নিজ সন্তানৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী, সহৃদয় ৰাইজৰ পৰা সহায় বিচাৰিছে।

ইচ্ছুক সকলে পঞ্জাৱ এণ্ড নেশ্বনেল বেংকৰ কাকজান শাখাত থকা 0803010584647 নম্বৰৰ একাউন্টত IFSC PUNB0080320 সাহায্য আগবঢ়াব পাৰিব। অন্যথা 6002486603 নম্বৰত যোগাযোগ কৰিব পাৰিব।