দুঃসাহসিক অভিযান কৰিবলৈ গৈ কৰুণ পৰিণতিৰ মুখামুখি হ’ল এটা পৰিয়াল। হিমাচল প্ৰদেশৰ মানালীত জিপলাইনত উঠি ৩০ ফুট দ খাৱৈত পৰিল তৃষা বিজৱে নামৰ ১০ বছৰীয়া কিশোৰী।
যোৱা ৮ জুনত মনালীৰ জিপলাইনৰ জনপ্ৰিয় পৰ্যটনস্থলীত সংঘটিত হৈছিল এই ঘটনা।
নাগপুৰৰ বাসিন্দা প্ৰফুল্ল বিজৱে পত্নী আৰু কন্যাৰ সৈতে ছুটীৰ বাবে মানালীলৈ গৈছিল। তাতেই জিপলাইনত উঠি গৈ থাকোঁতে হঠাতে জিপলাইনৰ ৰচী ছিগি তললৈ সৰি পৰিল তৃষা বিজৱে নামৰ কিশোৰীগৰাকী। এই দুৰ্ঘটনাত একাধিক হাড় ভাগি যায় কিশোৰীগৰাকীৰ।
পৰিয়ালটোৰ অভিযোগ অনুসৰি, ঘটনাস্থলীত কোনো পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা নথকাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চিকিৎসাৰ ব্যৱস্থাও উপলব্ধি নাছিল।
প্ৰথমে কিশোৰীগৰাকীক মানালীৰ এখন প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক চণ্ডীগড়ৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
বৰ্তমান নাগপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তৃষা আৰু তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
পৰিয়ালটোৱে ছ’চিয়েল মিডিয়াত এই দুৰ্ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত দেখা গৈছে যে কেনেকৈ মাজভাগত জিপলাইনৰ ৰছীডাল ছিঙি গৈছিল। এই ঘটনাত জিপলাইন কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ লগতে দুঃসাহসিক পৰ্যটন এলেকাত নিৰাপত্তা বৃদ্ধিৰ দাবী জনাইছে তেওঁলোকে।