প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ক্ষমতালৈ অহাৰ পিছতে অসমৰ জনজাতীয় ৰাজনীতিয়ে এক নতুন ধাৰালৈ গতি কৰিব বুলি কিছুলোকে ধাৰণা কৰিছিল। তেওঁলোকৰ মতে সৰ্বানন্দ সোণোৱালে অসমৰ জনজাতিসকলৰ সংবিধান প্ৰদত্ত প্ৰকৃত ৰাজনৈতিক অধিকাৰ প্ৰদানত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে বৰ্তমানেও জনজাতিসকলৰ অমীমাংসিত ৰাজনৈতিক প্ৰশ্নসমূহৰ ৰাজনৈতিক মীমাংসা কৰিব।
বিশেষকৈ ভৈয়াম জনজাতিসকলৰ উপগ্ৰহীয় স্বায়ত্ত শাসনৰ অমীমাংসিত ৰাজনৈতিক প্ৰশ্নসমূহ(ষষ্ঠ অনুসূচী সম্পৰ্কীয় আঁসোৱাহ দূৰ আৰু ক্ষমতা প্ৰদান)ৰ লগতে জনজাতিসকলৰ মৌলিক(Genuine) সমস্যা ভূমি অধিকাৰ, বান-খহনীয়া আদিত ভূমিহীন হোৱা জনজাতিসকলৰ পুনঃসংস্থাপন, বন গাঁৱৰ ভূমি সমস্যা, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহৰ সুৰক্ষা আৰু তাত হোৱা বেদখলকাৰীক উচ্ছেদ কৰা, ঔদ্যোগিকৰণ আদিৰ কাৰণত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা বিতাড়িত হোৱা জনজাতিসকলক ভূমি পট্টন দিয়া, পৰম্পৰাগত অৰ্থাৎ উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা ভূমিৰ পৰা বিতাড়িত জনজাতীয় পৰিয়ালসমূহৰ চিনাক্তকৰণ কৰি ক্ষতিপূৰণসহ পুনঃসংস্থাপন কৰা আদি এশ এবুৰি সমস্যাৰ সমাধান হ’ব বুলি আশা পালি আছিল।
ৰাজনৈতিক ক্ষমতাৰ অধিক কেন্দ্ৰীভূতকৰণত বিশ্বাসী এটা ৰাজনৈতিক আদৰ্শৰ দ্বাৰা পৰিচালিত দল এটাই মুখ্যমন্ত্ৰী পতা সৰ্বানন্দ সোণোৱালৰ পৰা জনজাতিসকলে এই আশা কৰাতো আচলতে পৰ্বতত কাছ কণী বিচৰা সদৃশ কাৰবাৰেই আছিল। বৰ্ণাশ্ৰমত বিশ্বাসী হ’লেও হিন্দুত্ববাদী আৰএছএছ আৰু বিজেপিয়ে ৰাজনৈতিক ক্ষমতা বিন্যাসত ক্ষমতাক বিকেন্দ্ৰীকৰণ কৰাতকৈ সদায় কেন্দ্ৰিভূত কৰাত ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি আহিছে।
তেনে অৱস্থাতো আঞ্চলিকতাবাদক বিসৰ্জন দি ৰাষ্ট্ৰীয়তাবাদী হোৱা বিজেপিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা জনজাতীয় লোকসকলে বিশেষকৈ জনজাতীয় দল-সংগঠনৰ নেতৃবৃন্দই ৰাজনৈতিক সুৰক্ষা লাভ কৰিম বুলি ভবাটো আছিল এটা বৃহৎ ৰাজনৈতিক মূঢ়তা।
এইটো নক’লেও হ’ব যে যোৱা শতিকাৰ ৯০ দশকৰে পৰা এজন জনজাতীয় ব্যক্তি হিচাপে আছুৰ সভাপতি হোৱা সৰ্বানন্দ সোণোৱালৰ জনজাতীয় দল সংগঠনৰ নেতৃতবৃন্দৰ ওপৰত আছিল বিশেষ প্ৰভাৱ। ২০১৬ চনত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা সেই প্ৰভাৱৰ বলতে সৰ্বানন্দ সোণোৱালে সকলো জনজাতীয় দল-সংগঠনসমূহৰ নেতৃবৃন্দকে অজগৰৰ দৰে গিলি পেলালে।
আৰএছএছৰ ৰাজনৈতিক চক্ৰান্তৰে সৰ্বানন্দ সোণোৱালে ৰাজনৈতিক লালসাত পাহাৰ-ভৈয়ামৰ জনজাতীয় সকলো দল-সংগঠনৰ প্ৰায়বোৰ নেতাই বিদ্ধ হৈ পৰিল। ইয়াৰ পিছতে তেওঁলোকে জনজাতিসকলৰ ৰাজনৈতিক সুৰক্ষা আৰু প্ৰশ্নসমূহৰ ফালে পিঠি দিবলৈ ধৰিলে। অৱশ্যে আমি ওপৰত উল্লেখ কৰি জনজাতিসকলৰ জেনুইন সমস্যাবোৰ কোনো দল সংগঠনেই উত্থাপন কৰা নাছিল। বিগত এটা দশক তেওঁলোকৰ বাবে মাত্ৰ এটাই ৰাজনৈতিৰ ইচ্ছ্যু আছিল, আৰু সেইটো হ’ল ছয়জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা।
কিন্তু সৰ্বা চৰকাৰে কেইটামান বিশেষ চমৎকাৰী সিদ্ধান্তৰে জনজাতিসকলৰ মোহাৱদ্ধ কৰি ৰাখিবলৈ সক্ষম হ’ল আৰু সেই সিদ্ধান্তসমূহৰ বাবে জনজাতীয় দল-সংগঠনৰ নেতা গংগাটোপৰ দৰে ফুলি উঠিল। এনেও পূৰ্ব কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰে চৎমকাৰী সিদ্ধান্তেৰেৰ জনগণক চমকিত কৰাৰ লগতে মোহাৱদ্ধ কৰা ৰখাত পাকৈত। শিশুসকলে পূজাৰ খেলনা বস্তু/পুতলাবোৰকে প্ৰকৃত বুলি ভুল যোৱাৰ দৰেই আমাৰ জনতাইও বিজেপি চৰকাৰৰ চমৎকাৰ সিদ্ধান্ততে ভুল যায়।
সৰ্বা চৰকাৰে জনজাতীয় মূলৰ অসমৰ জননেতা ভীমবৰ দেউৰীৰ নামত কেবাটাও চমৎকাৰী সিদ্ধান্ত গ্ৰহণ কৰি নিজকে জনজাতিসকলৰ ৰক্ষাকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এক ভেল্কীবাজিৰ আশ্ৰয় ল’লে। তেওঁ জননেতা ভীমবৰ দেউৰীৰ নামত বঁটা, জননেতা ভীমবৰ দেউৰী কলাক্ষেত্ৰ, আদি অভিলাষী ঘোষণা কৰিলে।
এই ঘোষণাৰে সৰ্বা চৰকাৰে ভীমবৰ দেউৰীৰ ৰাজনৈতিক অৱদান আৰু আৰ্দশ অসমত প্ৰতিষ্ঠা কৰা বুলিও দম্ভ মাৰিও ফুৰিলে। কিন্তু এইবোৰ ঘোষণাৰ জৰিয়তে জনজাতীয় দল-সংগঠনসমূহক পেকটত ভৰাই প্ৰকৃতাৰ্থে যে সম্পূৰ্ণ আভুৱা ভাৰিছিল সেইটো আজি প্ৰমাণ কৰিবলৈ উলাইছো।
যোৱা শতিকাৰ ত্ৰিশ দশকৰ পৰা চল্লিশৰ দশকলৈকে চুটি জীৱনকালত ভীমবৰ দেউৰীৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ কি অৱদান আছিল সেইবোৰ পুনৰাবৃত্তি কৰিব বিচৰা নাই। কিন্তু ভীমবৰ দেউৰীৰ কিছুমান অৱদানক কেনেকৈ বিজেপি চৰকাৰে অসমৰ পৰা বিলুপ্ত কৰিবলৈ বিচাৰিছে তাৰ প্ৰমাণ আমি দাঙি ধৰিব খুজিছো।
অসমৰ অন্নুনত আৰু পিছপৰা শ্ৰেণী লোকৰ ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা কৰাই আছিল ট্ৰাইবেল লীগ আৰু ভীমবৰ দেউৰী মূল ৰাজনৈতিক দৰ্শন। অৱশ্যে অসমৰ উমৈহতীয়া স্বাৰ্থত ভীমবৰ দেউৰীয়ে তেওঁলোকৰ মূল ৰাজনৈতিক দাবীকো পিছলৈ ঠেলিবলৈ ভ্ৰূক্ষেপ কৰা নাছিল।
ভীমবৰ দেউৰী নেৰানেৰা প্ৰচেষ্টাত অসমত ট্ৰাইবেল বেল্ট আৰু ব্লক গঠন কৰা হৈছিল। অৱশ্যে ইয়াৰ পূৰ্বে ভীমবৰ দেউৰীয়ে ১৯৩৭ চনতে পূৰ্ব বংগৰ পমুৱাসকলৰ পৰা ভূমিপুত্ৰ জনজাতিসকলৰ ভূমি সুৰক্ষা বাবে প্ৰাদেশিক চৰকাৰৰ দ্বাৰা লাইন প্ৰৰ্থাও সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্ণবাদীৰ প্ৰভূত্ব থকা অসমীয়া মূলসুঁতি অসমীয়া ৰাজনৈতিক নেতৃত্বই এই লাইন প্ৰথাক বিলোপ কৰি পেলালে।
ব্রিটিছ প্রণীত অসম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন ল’, ১৮৮৮ৰ ১০ নং অধ্যায়ৰ অধীনত ভীমবৰ দেউৰীৰ হেঁচাতে গোপীনাথ বৰদলৈৰ প্ৰাদেশিক চৰকাৰে ১৯৪৭ চনত ১৫,০০০ বৰ্গ কিলোমিটাৰ এলেকাক সাঙুৰি মুঠ ৩৮ টা ট্ৰাইবেল বেল্ট আৰু ব্ল’ক গঠন কৰিছিল। ইয়াৰ দ্বাৰা ৫০ শতাংশতকৈও অধিক জনজাতীয় লোকৰ বসতি থকা ট্ৰাইবেল বেল্ট আৰু ব্ল’কসমূহ কেৱল জনজাতীয় লোকৰ বাবে সুৰক্ষিত কৰা হৈছিল।
এই বেল্ট আৰু ব্ল’ক মূল উদ্দেশ্য আছিল আগ্ৰাসী অজনজাতীয় লোকৰ পৰা জনজাতীয় লোকৰ ভূমিক সুৰক্ষিত কৰা। এই জনজাতীয় বেল্ট আৰু ব্ল’কৰ কোনো ভূমি অজনজাতীয় লোকে ক্ৰয় কৰিব নোৱাৰাৰ লগতে কোনো অজনজাতীয় লোকে ইয়াত বসতি স্থাপন কৰিব নোৱাৰে।
কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল যে বহু ট্ৰাইবেল্ট বেল্ট আৰু ব্ল’কত অজনজাতীয় লোকে বসতি কৰিবলৈ ধৰিলে। আনকি গুৱাহাটী পট্টনৰ নামত কামৰূপৰ বেল্ট আৰু ব্ল’ক পৰা কংগ্ৰেছ চৰকাৰে জনজাতীয় মানুহক স্থানচ্যুৎ কৰিলে। ইফালে কিছুমান বেল্ট আৰু ব্ল’কৰ বেদখলকাৰীক কোনো চৰকাৰে উচ্ছেদ কৰি জনজাতিসকলক সেই মাটি ঘূৰাই দিয়া নাই। অথচ স্বাধীনতাৰ পিছৰে পৰা প্ৰতিটো বান আৰু খহনীয়াৰ লগতে অন্যান্য কাৰণত মাটি হেৰুওৱাই হাজাৰ হাজাৰ জনজাতীয় লোক ভূমিহীন হ’ল।
বিধি মতে চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ব্ল’কৰ পৰা অজনজাতীয় লোকৰ পৰা উদ্ধাৰ কৰি তাত জনজাতীয় ভূমিহীন সেই মানুহখিনিক সংস্থাপিত কৰিব লাগিছিল। কিন্তু চৰকাৰে সেই কাম নকৰাৰ ফলত এতিয়াও হাজাৰ হাজাৰ জনজাতীয় লোক ভূমিহীন হৈ পৰিল (জলন্ত প্ৰমাণ আমচাং আৰি লাইকা দধীয়া এই সময়ৰ জলন্ত প্ৰমাণ)। কিন্তু সৰ্বা চৰকাৰে সেই ট্ৰাইবেল বেল্ট আৰু ব্ল’ক উদ্ধাৰ কৰাতো বাদেই তেওঁৰ দিনতে শদিয়া ট্ৰাইবেল বেল্টটো অজনজাতি অৰ্থাৎ নেপালী সম্প্ৰদায়ৰ বাবে মুকলি কৰিহে দিলে।
সেয়া আছিল স্বয়ম্ভূ জনজাতি দৰদী সৰ্বানন্দ সোণোৱালৰ জনজাতিসকলক কৰা মোক্ষম ৰাজনৈতিক আঘাত। আনহাতে একেটা পথকে অনুসৰণ কৰি বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অসমৰ প্ৰতিটো ট্ৰাইবেল বেল্ট আৰু ব্ল’ককে অজনজাতীয় লোকৰ বাবে মুকলি কৰি দিছে। হিমন্ত বিশ্ব শর্মা চৰকাৰৰ শেহতীয়া কেবিনেটে এই সিদ্ধান্ত লৈছে। জনজাতিসকলৰ আইনগত সুৰক্ষা আৰু অধিকাৰ অসম চৰকাৰে কাঢ়ি নিয়াৰ পিছতো কোনো জনজাতীয় দল-সংগঠনে প্ৰতিবাদ কৰাতো বাদেই এটাও মাতেই মতা নাই। অথচ তেওঁলোকেই ভীমবৰ দেউৰীৰ চৰকাৰী অনুষ্ঠানত আগভাগ লোৱা দেখা যায়।
দ্বিতীয়তে ১৯৪১ চনৰ লোক পিয়লত ভীমবৰ দেউৰীয়ে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। উক্ত লোকপিয়লত তেতিয়াৰ প্ৰভাৱশালী হিন্দুত্ববাদী সংগঠন হিন্দু মহাসভাই অসমীয়া খিলঞ্জীয়াসকলক লোকপিয়লত ধৰ্ম হিন্দু বুলি নথিভুক্ত কৰিবলৈ আহ্বান জনাইছিল। কিন্তু ভীমবৰ দেউৰীয়ে হিন্দু মহাসভাৰ এই প্ৰচেষ্টাক বিৰোধ কৰি উক্ত লোকপিয়লত অসমৰ খিলঞ্জীয়া লোকক হিন্দু ধৰ্মৰ পৰিৱৰ্তে জড়োপাসক বুলি নথিভুক্ত কৰিবলৈ আহ্বান জনায়।
এই আহ্বানৰ ফলস্বৰূপে পূৰ্বতকৈ ১৯৪১ চনৰ লোকপিয়লৰ নথিত অসমত হিন্দু লোকৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছিল। পৰিহাসৰ কথাটো হ’ল যে এতিয়া এই জনজাতীয় দল-সংগঠনৰ নেতাসমূহেই হিন্দুত্ববাদৰ নামত ভীমবৰ দেউৰীৰ আদৰ্শক জলাঞ্জলি দি জননেতাজনৰ মৃত্যু দিৱসো পালন কৰে।
জনজাতীয় লোকৰ ভূমি বন্দোৱস্তি কৰা তথা পট্টা দিয়াটো কৰাতো দূৰৰে কথা লাইকা দধীয়া, আমচাং, মিকিৰ বামুণী গ্ৰাণ্টৰ উচ্ছেদিত খিলঞ্জীয়া আৰু ভূমিহীন জনজাতীয় লোকক পুনঃসংস্থাপন কৰাত ব্যৰ্থ হৈছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ। অথচ সেই সৰ্বানন্দ সোণোৱালেই জননেতা ভীমবৰ দেউৰীৰ নাম লৈ লৈ নিজৰ কোৱাৰিকে ফালি পেলাইছিল!
ইফালে সৰ্বানন্দ সোণোৱালে পেলোৱা ফান্দত পৰা জনজাতীয় দল-সংগঠনসমূহক এতিয়া হিমন্ত বিশ্ব শৰ্মাই অজগৰৰ দৰেই হিমন্তবিশ্বই গিলি পেলালে। এইদৰে ভীমবৰ দেউৰী ৰাজনৈতিক দৰ্শনক চিন-মোকাম নাইকিয়া কৰি হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত গভীৰ ৰাজনৈতিক সংকটত পেলাব।
সংযোজনঃ আমাৰ এই লেখা প্ৰস্তুত কৰাৰ পিছত খবৰ আহিছে যে CCTOAৰ নেতৃত্বত জনজাতীয় সংগঠনৰ এক প্ৰতিনিধি দলে ভৈয়াম জনজাতি মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে জনজাতি বেল্ট আৰু ব্ল’কৰ সুৰক্ষা বাবে এক আলোচনাত মিলিত হৈছে। এতিয়া প্ৰশ্ন হ’ল, ডাঃ ৰণোজ পেগু আৰু উখাও গৌৰা ব্ৰহ্মৰ দৰে জনজাতীয় নেতা আৰু কেবিনেট মন্ত্ৰী থাকোতে অসম কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কেনেকৈ পালে? তেওঁলোকে কিয় কেবিনেটৰ এই সিদ্ধান্ত বিৰোধিতা কৰা নাছিল? এয়া ভেকোভাওনাৰে কালক্ষয়ৰ কৌশল নহয় নে?
যোগাযোগ নম্বৰ: ৬৯১৩৩৩৩৩৬৭