• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ই ভি এম আৰু ভোটগ্ৰহণৰ সামগ্ৰী লৈ নিজ নিজ কেন্দ্ৰত সাজু ভোটগ্ৰহণকাৰী দল

শৰীৰৰ তাপমাত্ৰা ১০০.৪ ডিগ্ৰীতকৈ অধিক হ'লে তেনে ভোটদাতাই কেন্দ্ৰটোত একেবাৰে শেষৰগৰাকী ভোটদাতা হিচাপেহে দিব লাগিব ভোট

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 27, 2021 7:09 am
IMG_20210326_135408-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫নং গোলাঘাট আৰু ৯৬নংখুমটাই বিধানসভা সমষ্টিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোলাঘাট জিলা প্রশাসন সম্পূর্ণৰূপে সাজু হৈ উঠিছে ।

শুকুৰবাৰে গোলাঘাট গাৰ্লছ পলিটেকনিকৰ পৰা ই ভি এম আৰু অন্য প্ৰয়োজনীয় সামগ্ৰী লৈ প্রিজাইডিং আৰু প’লিং  বিষয়াসকলকে ধৰি ভোটগ্ৰহণকাৰী দল নিজ নিজ কেন্দ্ৰত উপস্থিত হয়।

আজি পুৱা ৭ বজাৰ পৰা ৬ বজালৈ ভোটগ্ৰহণ কৰা হ’ব। এইবাৰ কোভিড-১৯ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্ৰহণকাৰী দলে সামগ্ৰী নিয়াৰ সময়ত যাতে অযথা ভিৰ নহয় তাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে।

সেই অনুসৰি তিনিটা নিৰ্ধাৰিত সময়ত পৰ্যায়ক্ৰমে ভোটগ্ৰহণকাৰী দলসমূহক সামগ্ৰী যোগান ধৰা হয়। দূৰণিবটিয়া দলসমূহক পুৱাৰ ভাগতেই সামগ্ৰী দি নিজৰ কেন্দ্ৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হয়।

প্ৰশাসনৰ প্ৰণালীবদ্ধ ব্যৱস্থাৰ বাবেই ডিকডিং কেন্দ্ৰত হোৱা ভিৰ লাঘৱ হোৱাৰ বিপৰীতে অতি নিয়াৰিকৈ সমগ্ৰ কাৰ্য সম্পন্ন হয়। ভোটগ্ৰহণকাৰী দলসমূহে জিলা প্ৰশাসনৰ এই ব্যৱস্থাৰ শলাগ লোৱা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে কোভিড-১৯ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে। সমষ্টি দুটাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৪৮৬ টা। ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ।

সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ জটিল (critical) হিচাপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫নং হিন্দী বিদ্যালয় আৰু ১৯৪ নং ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪নং জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰ।

তদুপৰি আইন-শৃংখলাজনিত দিশৰপৰা গোলাঘাট সমষ্টিৰ ১৮টা আৰু খুমটাই সমষ্টিৰ ৭টা কেন্দ্ৰ জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব।

গোলাঘাটৰ হিন্দী হাইস্কুল আৰু খুমটাইৰ কুৰালগুৰি হাইস্কুলত স্থাপন কৰা কেন্দ্ৰকেইটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে ।

গোলাঘাট সমষ্টিত ৩১৭ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৯৫১ গৰাকী পলিং বিষয়া নিয়োগ কৰা হৈছে। আনহাতে খুমটাই সমষ্টিত ২১৯ গৰাকী প্ৰিজাইডিং আৰু ৬৫৭ গৰাকী প’লিং বিষয়া নিয়োগ কৰা হৈছে।

এইবাৰ মুঠ মহিলা ভোটগ্ৰহণকাৰী বিষয়াৰ সংখ্যা ৯৬ গৰাকী। ইয়াৰে গোলাঘাটত ৮৪ গৰাকী আৰু খুমটাইত ১২ গৰাকী । প্ৰতিটো চেক্টৰতে এজনকৈ অৰ্থাৎ ৩৯ গৰাকী মাইক্ৰ’ অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে।

ভোটগ্ৰহন কেন্দ্ৰসমূহত কোভিড ১৯ৰ বিধিসমূহ কঠোৰভাৱে পালন কৰা হ’ব । ভোটদাতাসকলৰ বাবে মাস্ক, চেনিটাইজাৰ, গ্লোভছ আদিৰ ব্যৱস্থা কৰাৰ লগতে শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হ’ব। তাপমাত্ৰা ১০০.৪ ডিগ্ৰীতকৈ অধিক হ’লে তেনে ভোটদাতাই কেন্দ্ৰটোত একেবাৰে শেষৰ গৰাকী ভোটদাতা হিচাপেহে ভোট দিব পাৰিব ।

সীমান্তৱৰ্তী অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ লগতে জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে ।

Tags: Assam Election
মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd