প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে, মঞ্চত তেওঁ কান্দি দিবও পাৰে : মোদীক ঠাট্টা ৰাহুলৰ

কৰ্ণাটকৰ বিজয়াপুৰাত এখন সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে মোদীয়ে ভয় খাইছে আৰু আনকি তেওঁ মঞ্চত চকুলো টুকিব পাৰে।

লগতে ৰাহুল গান্ধীয়ে কয়, ‘আপোনালোকে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিছে। তেওঁ ভয় খাইছে। তেওঁ হয়তো মঞ্চত চকুলো টুকিবলৈ আৰম্ভ কৰিব।’ 

ৰাহুল গান্ধীয়ে ভাষণত কয়, ‘মোদীয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। কেতিয়াবা চীন আৰু পাকিস্তানৰ কথা কয়। কেতিয়াবা থালি বজাবলৈ কয় আৰু কেতিয়াবা মোবাইলৰ টৰ্চ লাইট জ্বলাবলৈ কয়।”

গান্ধীয়ে কয় যে ভাৰতত দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিকে ধৰি চাৰিটা গুৰুত্বপূৰ্ণ বিষয় আছে।  তেওঁ দাবী কৰে যে কেৱল কংগ্ৰেছেহে নিবনুৱা সমস্যাৰ অন্ত পেলাব পাৰে, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে আৰু মানুহক উচিত প্ৰাপ্য দিব পাৰে। 

‘মোদীয়ে কেৱল দুখীয়া মানুহৰ ধন লুটি মাত্ৰ কেইজনমান মানুহক কোটিপতি কৰি তুলিছে। প্ৰায় ২২ জন লোকৰ ধন-সম্পত্তিৰ পৰিমাণ দেশৰ ৭০ কোটি জনসাধাৰণৰ ধনৰ সমান।” – গান্ধীয়ে কয়।

ৰাহুল গান্ধীয়ে কয় যে দেশৰ ৪০ শতাংশ ধন-সম্পত্তি মাত্ৰ এক শতাংশ লোকৰ হাতত আছে। তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতিত দলিত, অন্যান্য পিছপৰা শ্ৰেণীৰ লোক, সংখ্যালঘু আৰু সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ লোকৰ বাবে কোনো ঠাই নাই। 

ৰাহুল গান্ধীয়ে প্ৰতিশ্ৰুতি দি কয় যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ‘অগ্নিবীৰ’ আঁচনিৰ অন্ত পৰিব।

গান্ধীয়ে কয়, ‘নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ পৰা সেনাৰ চাকৰি কাঢ়ি লৈ ​​গ’ল। তেওঁ অগ্নিবীৰ যোজনাৰ দ্বাৰা ভাৰতীয় সেনা-জোৱানসকলক অপমান কৰিছে। আমি ইয়াৰ অন্ত পেলাম।’