নিৰ্বাচনী বণ্ডৰ ধন ক’ৰ পৰা আহিছে সেই কথা জনাৰ অধিকাৰ সাধাৰণা জনতাৰ নাই বুলি উচ্চতম ন্যায়ালয়ক জনাইছে কেন্দ্ৰীয় চৰকাৰে।
ৰাজনৈতিক দলসমূহে কাৰ পৰা কেনেকৈ অনুদান লাভ কৰিছে, দলসমূহৰ তহবিললৈ ক’ৰ টকা আহিছে সেই কথা জনাৰ অধিকাৰ দেশৰ সাধাৰণ ৰাইজৰ নাই৷
সোমবাৰে দেশৰ শীর্ষ আদালতত এই কথা সদৰী কৰে কেন্দ্ৰই৷ ৰাজনৈতিক দলসমূহক অনুদানৰ বাবে নিৰ্বাচনী বণ্ডৰ বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে কেন্দ্ৰৰ হৈ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে এই সদৰী কৰে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠৰ সন্মুখত ভেংকটাৰমণীয়ে কয় যে নিৰ্বাচনী বণ্ড আঁচনিখনে ৰাজনৈতিক দলৰ পুঁজিত বিশেষ অৱদান আগবঢ়ায়। কিন্তু এই প্ৰকল্পটোৱে কোনো ব্যক্তিৰ পৰিচয় প্ৰকাশ নকৰে। গতিকে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত সাধাৰণ নাগৰিকৰ এই সন্দৰ্ভত কোনো তথ্য জনাৰ অধিকাৰ নাই।
ভেংকটাৰমণীয়ে লগতে কয় যে ২০০৩ চনত উচ্চতম ন্যায়ালয়ে পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ গোচৰত ঐতিহাসিক ৰায়দান দিছিল। উচ্চতম ন্যায়ালয়ে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ বাছি লোৱাৰ পূৰ্বে ভোটাৰৰ সুবিধাৰ্থে নিজৰ ‘অপৰাধমূলক ইতিহাস’ ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে।
প্ৰাৰ্থী নিৰ্বাচনত প্ৰাৰ্থীৰ অপৰাধজনিত ইতিহাস জনাটো যথেষ্ট প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ হ’ব পাৰে, কিন্তু বৰ্তমানৰ গোচৰৰ সৈতে ইয়াক তুলনা কৰিব নোৱাৰি।
নিৰ্বাচনী বণ্ড আঁচনিসমূহে পুঁজিদাতাসকলক গোপনীয়তাৰ সুবিধা প্ৰদান কৰে। গতিকে সাধাৰণ মানুহৰ এই বিষয়ে সকলো জনাৰ অধিকাৰ নাই।
৩১ অক্টোবৰত অৰ্থাৎ আজি উচ্চতম ন্যায়ালয়ত ৰাজনৈতিক দললৈ অনুদানৰ বাবে নিৰ্বাচনী বণ্ডৰ বৈধতা সম্পৰ্কীয় এক গোচৰৰ শুনানি চলি আছে।
প্ৰসংগক্ৰমে ২০১৮ চনত মোডী চৰকাৰে নিৰ্বাচনী বণ্ড নীতি আৰম্ভ কৰিছিল। কোনো ব্যক্তি বা কৰ্পৰেট সংস্থাই যদি ৰাজনৈতিক দললৈ দান দিব বিচাৰে তেন্তে নিৰ্দিষ্ট মূল্যৰ বণ্ড ক্ৰয় কৰি নিজ নিজ দলক প্ৰদান কৰিব লাগে। এই নীতিৰ অধীনত ১০০০, ১০০০০, ১ লাখ, ১০ লাখ আৰু ১ কোটিৰ বণ্ড উপলব্ধ।
নিয়ম অনুসৰি বণ্ড ইছ্যুকাৰীৰ পৰিচয় গোপনীয় কৰি ৰখা হয়। যোৱা ৫ বছৰত বণ্ডৰ দ্বাৰা ৯০ শতাংশ ধন বিজেপিৰ তহবিললৈ গৈছে। এই বণ্ডসমূহৰ বৈধতা সন্দৰ্ভত চিপিআইএমকে ধৰি চাৰিটা সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে।