সন্ধানহীন ‘মৰমৰ পুতলা’ উদ্ধাৰ কৰি এটি শিশুৰ মুখৰ হাঁহি ঘূৰাই আনিলে ভাৰতীয় ৰে’লৱেই!

ভাৰতীয় ৰে’লৱেই ছেকেন্দ্ৰাবাদৰ পৰা যাত্ৰা কৰাৰ সময়ত ৰে’লখনত এটি মৰম লগা শিশুৰ হেৰাই যোৱা প্ৰিয় পুতলাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি তেওঁৰ মুখৰ ম্লান হাঁহি ঘূৰাই আনিবলৈ সক্ষম হয়। ৰে’ল মদদৰ জৰিয়তে খবৰ পোৱাৰ পিছত ৰে’লৱে কৰ্মকৰ্তাই ৰে’লৰ পৰা পুতলাটো উদ্ধাৰ কৰে আৰু ইয়াক তেওঁৰ ঘৰলৈ গৈ হস্তান্তৰ কৰে।

১৯মহীয়া বয়সৰ শিশুটোৱে মাক-দেউতাকৰ সৈতে ৰে’ল নং ০৭০৩০ (ছেকেন্দ্ৰাবাদ– আগৰতলা) বিশেষ ৰে’লখনত যাত্ৰা কৰিছিল আৰু পশ্চিমবংগত তেওঁলোকৰ গন্তব্য স্থানত নমাৰ সময়ত শিশুটিৰ প্ৰিয় পুতলাটো হেৰাই যায়।

লগতে পঢ়ক: বসবাসৰ উপযুক্ত নহয় ‘বিধ্বস্তমুখী চহৰ’ যোশীমঠ; মুখ্যমন্ত্ৰী ধামীৰ ঘোষণা, উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোডী

ভুছিন পাটনায়ক নামৰ এজন সহযাত্ৰীয়ে তেওঁলোকৰ সমগ্ৰ যাত্ৰাত পুতলাটোৰ সৈতে শিশুটোৰ সৌহাৰ্দ্য লক্ষ্য কৰি আহিছিল। যোৱা ৪জানুৱাৰীত তেওঁ ১৩৯নং ডায়েল কৰি ৰে’ল মদদৰ জৰিয়তে জনায় যে এটি সৰু শিশুৱে তেওঁৰ প্ৰিয় পুতলা ট্ৰাকখন পাহৰি ৰেলতেই এৰি থৈ যায়। যাত্ৰীজনে লগতে উল্লেখ কৰিছিল যে যদি ৰে’লৱেই পুতলাটো পৰিয়াললৈ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে তেন্তে বহুত ভাল হ’ব।

তথ্য লাভ কৰি ৰে’লৱে টীম তাৎক্ষণিকভাৱে কৰ্তব্যত নামি ৰে’লখনৰ অৱস্থান বিচাৰি উলিয়ায় আৰুপৰৱৰ্তী আসন্ন ষ্টেচন অৰ্থাৎ নিউ জলপাইগুড়ীত ইনফৰ্মাৰৰ সহযোগত পুতলাটো উদ্ধাৰ কৰে।

উক্ত পৰিয়ালটোৰ সংশ্লিষ্ট ঠিকনাৰ তথ্য বিচাৰি উলিওৱাটো এটা কঠিন কাম আছিল, কিয়নো তেওঁলোকৰ টিকট ছেকেন্দ্ৰাবাদৰ ৰিজাৰ্ভেচন কাউণ্টাৰৰ জৰিয়তে ক্ৰয় কৰা হৈছিল। পুংখানুপুংখ অনুসন্ধানৰ পিছত ৰিজাৰ্ভেচনৰ বাবে পূৰণ কৰা ৰিকুইজেচন শ্লিপখন বিচাৰি উলিওৱা হয় আৰু তেওঁলোকৰ সংশ্লিষ্ট যোগাযোগৰ ঠিকনা পুনৰুদ্ধাৰ কৰা হয়।

অৱশেষত সংশ্লিষ্ট অভিভাৱকসকলক উত্তৰ দিনাজপুৰ জিলাৰ (পশ্চিমবংগ) কাজীগাঁওৰ মোহিত ৰাজা আৰু নাছৰিন বেগম বুলি চিনাক্ত কৰা হয় যাৰ ঘৰ আলুয়াবাৰী ৰে’লষ্টেচনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত।

লগতে পঢ়ক: বৃহৎ অঘটন! ব্ৰাজিলৰ কংগ্ৰেছ ভৱন, ৰাষ্ট্ৰপতি প্ৰাসাদত বোলসোনাৰোৰ সমৰ্থকৰ আক্ৰমণ

ৰে’লৱে টীমটোৱে তেওঁলোকৰ ঘৰলৈ গৈ পুতলাটো শিশুটোৰ হাতত চমজাই দিয়ে। শিশুটোৰ পিতৃগৰাকী অভিভূত হৈ পৰে আৰু তেওঁলোকৰ সন্তানৰ মুখত পুনৰ হাঁহি ঘুৰাই অনাৰ বাবে ৰে’লৱেৰ এনে সুন্দৰ পদক্ষেপৰ বাবে ৰে’ল মন্ত্ৰালয়ক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে ইনফৰ্মাৰজনেও ৰে’লৱেৰ প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে।