মূৰে-কপালে হাত আদানীৰ! পানীত পৰিল নেকি বাংলাদেশত বৃহৎ বিনিয়োগ?

বাংলাদেশৰ পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে গৌতম আদানি। ফাইল ফটোঃ সংগ্ৰহীত।

শেহতীয়াকৈ বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তন ঘটিছে। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। আৰু তাতেই ভাৰতে নতুন পৰিৱৰ্তনৰ ইংগিত লক্ষ্য কৰিছে।

বাংলাদেশৰ পুৰণি চৰকাৰৰ সৈতে নতুন দিল্লীৰ যথেষ্ট বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। সেই মৈত্ৰীতাৰ ভিত্তিতে চুবুৰীয়া দেশ দুখনে বিভিন্ন ৰাজনৈতিক চুক্তিৰ পৰা আৰম্ভ কৰি বৃহৎ আৰ্থিক চুক্তিত স্বাক্ষৰ কৰে। য’ত ভাৰতে ইতিমধ্যে কাপোৰৰ পৰা আৰম্ভ কৰি ইন্ধন, কয়লা, বিদ্যুতলৈকে বিভিন্ন শক্তি উৎপাদন ক্ষেত্ৰত হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ ভিতৰত আদানী গোষ্ঠীৰ বিশেষ বিনিয়োগ আছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ‘ঘনিষ্ঠ বন্ধু’ৰ বিনিয়োগক তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অস্বীকাৰ কৰিব নোৱাৰিলে। তেওঁৰ কাৰ্যকালত গৌতম আদানীয়ে কয়লাৰ পৰা শক্তি আৰু বন্দৰত যথেষ্ট বিনিয়োগ কৰিছিল।

লগতে পঢ়কঃ নীৰজৰ স্বৰ্ণ পদক আজুৰি নিলে আৰ্ছাদে! ৰূপৰ পদক লাভ কৰিও অলিম্পিকত ইতিহাস ভাৰতীয়ৰ

২০১৭ চনত স্বাক্ষৰিত চুক্তিৰ অধীনত আগন্তুক ২৫ বছৰত আদানীয়ে ১৪৯৬ মেগাৱাট বিদ্যুৎ বাংলাদেশক বিক্ৰী কৰাৰ কথা। এই প্ৰকল্পটো ২০২৩ চনত আৰম্ভ কৰা হৈছে। অৱশ্যে আদানীৰ বিদ্যুৎ কেন্দ্ৰলৈ যোগান ধৰা কয়লাৰ দামক লৈ ইয়াৰ পূর্বে প্রশ্ন উত্থাপন হৈছে৷ কিন্তু বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত এই চুক্তিৰ ভৱিষ্যত সন্দৰ্ভতো আলোচনা হ’ব পাৰে। মুৰ্ছিদাবাদৰ ৰঘুনাথপুৰত আদানীৰ বিদ্যুৎ যোগান কেন্দ্ৰ আছে। য’ৰ পৰা বাংলাদেশৰ সাতখিৰালৈ বিদ্যুৎ যোগান ধৰা হয়। এতিয়া সেই সকলোবোৰ বাণিজ্যিক চুক্তিৰ ভৱিষ্যত ধুঁৱলী-কুঁৱলী হৈ পৰিছে।

বাংলাদেশৰ অস্থিৰতাই ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতীয় সূতাৰ বৃহৎ বজাৰ বাংলাদেশ। ভাৰতত উৎপাদিত সূতাৰ ২৫ৰ পৰা ৩০ শতাংশ বাংলাদেশলৈ যায়। আনহাতে, বাংলাদেশে ইতিমধ্যে চট্টগ্ৰাম আৰু মংলাত বন্দৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ সৈতে আলোচনা আগবঢ়াই লৈ গৈছে। কাৰণ ভূ-ৰাজনৈতিক আৰু কৌশলগত দৃষ্টিকোণৰ পৰা বংগোপসাগৰত অৱস্থিত চট্টগ্ৰাম বন্দৰটো অতি গুৰুত্বপূৰ্ণ। আৰু চীন আৰু আমেৰিকাই দীৰ্ঘদিন ধৰি এই বন্দৰটোৰ ওপৰত চকু ৰাখিছে। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত বন্দৰ সম্প্ৰসাৰণ চুক্তি কিমান ফলপ্ৰসূ হ’ব তাক লৈ এতিয়া নতুন দিল্লী চিন্তিত হৈ পৰিছে।

লগতে পঢ়কঃ বাংলাদেশ অস্থিৰ হ’লে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, মিয়ানমাৰতো প্ৰভাৱ পৰিব; সকীয়নি মহম্মদ ইউনুছৰ

বন্দৰ বিনিয়োগৰ লগত মোডীৰ ‘ঘনিষ্ঠ বন্ধু’ গৌতম আদানীৰ স্বাৰ্থ জড়িত বুলি জনা যায়। সেয়ে এইবাৰ বাংলাদেশৰ শাসনৰ পৰিৱৰ্তন আদানীৰ আশাত চেঁচাপানী পৰাৰ দৰেই বুলিয়ে ভাবে ৰাজনৈতিক বিশ্লেষকসকলে। কিন্তু ভাৰতৰ এতিয়া মূল লক্ষ্য হৈছে নতুন চৰকাৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা। তাৰ পিছত দিল্লীয়ে চুক্তিভিত্তিক বিনিয়োগৰ কাম আগবঢ়াই নিব বিচাৰে। হয়তো আগৰ দৰে বাটটো মসৃণ নহ’ব। কিন্তু কূটনৈতিক স্বাৰ্থৰ বাবে প্ৰচেষ্টাতো চলাবই লাগিব।

কিন্তু এই বৃহৎ বিনিয়োগ যদি পানীত পৰে, তেন্তে ‘ৰজাঘৰীয়া’ উদ্যোগপতি গৌতম আদানীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? মোডী-শ্বাহৰ ৰাজনৈতিক যাত্ৰাত তাৰ কিমান প্ৰভাৱ পৰিব? সেই সকলোবোৰ প্ৰশ্নই এতিয়া পাক খাই ৰৈছে নতুন দিল্লীৰ কূটনৈতিক নীতিৰ স্থিতিৰ মাজত।