জুনত দেশৰ ক’ৰ’নাৰ পৰিস্থিতি পৰ্যালোচনাৰ পাছতহে চলচ্চিত্ৰ গৃহ খোলা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব-প্ৰকাশ জাভেদকাৰ

প্ৰকাশ জাভেদকাৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জুনত কোভিড-১৯ মহামাৰীৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছতে চলচ্চিত্ৰগৃহ সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।

চলচ্চিত্ৰ আদিৰ প্ৰডাক্টশ্যন সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিশেষ পৰিচালন ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

প্ৰকাশ জাভেদকাৰে লগতে চলচ্চিত্ৰ উদ্যোগক অধিক অৰ্থনৈতিক ৰেহায় দিয়া হ’ব বুলিও কয়।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দেশত সকলো চলচ্চিত্ৰগৃহ প্ৰথমপৰ্যায়ৰ ল’কডাউনৰ পৰা বন্ধ হৈ আছে।

চলচ্চিত্ৰ গৃহৰ লগতে দেশৰ শিক্ষানুষ্ঠানসমূহো বন্ধ হৈ আছে।

শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা সন্দৰ্ভতো জুন মাহতহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি কেন্দ্ৰ চৰকাৰে জানিবলৈ দিয়ে।

ভাৰতত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ২ লাখ অতিক্ৰম কৰিছে যদিও আজিৰ দিনটোৰ যোগাত্মক খবৰটো হৈছে দেশত ১ লাখতকৈ অধিক লোক চিকিৎসাৰ অন্তত ক’ৰ’নামুক্ত হৈছে।

বলিউদৰ চলচ্চিত্ৰ উদ্যোগৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলী সকলে দেশত ক’ৰ’না আক্ৰান্ত সকললৈ বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰধান মন্ত্ৰী সাহায্য পুজিলৈ অনুদান আগবঢ়াইছে।