NORTHEAST NOW (Assamese)

লুইত সাঁতুৰিবলৈ সাজু সুদৃশ্য এম ভি শংকৰদেৱ

February 28, 2019 11:22 am · এন ই নাও নিউজ
কলকাতাৰ পৰা যাত্ৰা কৰাৰ সময়ত এম ভি শংকৰদেৱ

গুৱাহাটী আৰু উত্তৰ গুৱাহাটী বাসীৰ মাজৰ জলপথেৰে যাতায়ত ব্যৱস্থাক সুচল আৰু নিৰ্ভৰযোগ্য কৰি আজিৰ পৰা লুইতৰ বুকুত চলিব অত্যাধুনিক ৰ’ ৰ’ জাহাজ। গুৱাহাটীৰ মধ্যম খণ্ডত অনুষ্ঠিত হ’ব লগা উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিক ভাবে এই সেৱা যাত্ৰী সকলৰ বাবে মুকলি কৰিব। অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে উপস্থিত থাকিব পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

ইতিমধ্যে কলকাতাৰ পৰা গুৱাহাটীত উপস্থিত হৈছে এম ভি শংকৰদেৱ নামৰ ৰ’ ৰ’ জাহাজখন। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ তত্ত্বাৱধানত এ চি ৰয় এণ্ড কোম্পানী নামৰ কলকাতাৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে এম ভি শংকৰদেৱ। ঘণ্টাত ৯ কিল’নট গতিবেগত যাত্ৰা কৰিব সামৰ্থ্য থকা জাহাজখনে ২০০ জন যাত্ৰী আৰু ১২ খন ট্ৰাক কঢ়িওৱাৰ ক্ষমতা আছে।

উল্লেখযোগ্য যে, বিগত বছৰত উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰৰ বুকুত যন্ত্ৰ চালিত নাৱৰ চলাচল বন্ধ কৰি দিছিল। যাৰফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত  জলপথেৰে দৈনিক যাত্ৰা কৰা হাজাৰ হাজাৰ যাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখিন হৈছিল। ব্ৰহ্মপুত্ৰৰ বুকুৰে চলিব লগা ৰ’ ৰ’ জাহাজকলৈ এতিয়া উত্তৰ গুৱাহাটী বাসী ৰাইজ যথেষ্ট আগ্ৰহী হৈ পৰিছে।

Related News