দেশৰ শাসকে কেৱল ধনীক শ্ৰেণীৰ বাবেহে চিন্তা কৰিছে  : লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্মত্য সেনৰ মন্তব্য

দেশৰ শাসকে দুখীয়া শ্ৰেণীৰ বাবে চিন্তা কৰিব লাগে। তেওঁলোকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু বাস্তৱত সেয়া হোৱা নাই। শাসক ধনী মানুহৰ কামত ব্যস্ত। লোকসভা নিৰ্বাচনৰ পূৰ্বে এক সাক্ষাৎকাৰত নোবেল বিজয়ী অমৰ্ত্য সেনে এই মন্তব্য কৰিছে।

১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ লোকসভা নিৰ্বাচন। তাৰ আগতে অমৰ্ত্য সেনে সৰ্বভাৰতীয় সংবাদ সংস্থা এটাক সাক্ষাৎকাৰ প্ৰদান কৰি ভাৰতৰ বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থাত শাসক বা চৰকাৰৰ সঠিক চৰিত্ৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰে।

তেওঁ কয়, ‘ভাৰতৰ শাসক শ্রেণী সদায় ধনী মানুহৰ লগত ব্যস্ত৷ দুখীয়া লোকক অৱহেলিত কৰা হয়। আনকি দুখীয়া সকল নূন্যতম চিকিৎসাৰ পৰাও বঞ্চিত, যিটো তেওঁলোকৰ মৌলিক অধিকাৰ।

অমৰ্ত্য সেনে লগতে কয় যে শাসকে পিছপৰা শ্ৰেণীক কেনেকৈ আগুৱাই নিব পাৰি, কেনেকৈ উন্নত কৰিব পাৰি তাৰ পৰিকল্পনা গ্ৰহণ কৰাটো প্ৰয়োজন। এই মুহূৰ্তত ভাৰতত কৰ্মসংস্থাপনৰ সৰ্বাধিক প্ৰয়োজন। শিক্ষাৰ উপৰিও স্বাস্থ্য ব্যৱস্থাও উন্নত কৰিব লাগিব। দেশৰ গণতান্ত্ৰিক আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ চৰকাৰে এই বিষয়বোৰত গুৰুত্ব দিব লাগিব।

ইয়াৰ লগতে অৰ্থনীতিবিদগৰাকীয়ে কয়, “শাসকে বিভিন্ন নিয়ম অনুসৰি সংবিধান সলনি কৰিব পাৰে। হয়তো এটা ধৰ্মক বিশেষ গুৰুত্ব দিব পাৰি। কিন্তু ইয়াৰ দ্বাৰা সমাজৰ কোনো লাভ নহ’ব। ভাৰত আচলতে এখন ধৰ্মনিৰপেক্ষ দেশ, যাৰ ধৰ্মনিৰপেক্ষ সংবিধান আছে।”