টীয়কৰ পৰ্বতীয়া গাঁৱৰ পংকজ বৰুৱা নামৰ এগৰাকী সংস্কৃতিবান যুৱকৰ অশেষ পৰিশ্ৰম আৰু অঞ্চলটোৰ কেইবাজনো উদীয়মান যুৱকৰ প্ৰচেষ্টাত দেওবাৰে সন্ধিয়া এক আধ্যাত্মিক পৰিবেশত এটি সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে।
উল্লেখযোগ্য যে কোভিড মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰে ঘোষণা কৰা লক ডাউনৰ দীৰ্ঘ সময়ছোৱাত বৰুৱাই নিজৰ গৃহতে স্থানীয় শতাধিক ছাত্ৰ-ছাত্ৰীক কোভিডৰ সকলো নীতি-নিৰ্দেশনা অৱলম্বন কৰি গুৰু দুজনাৰ অমৰ সৃষ্টি বৰগীত, দিহানাম, নাগাৰা, খোল আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।
পৰৱৰ্ত্তী সময়ত উক্ত ছাত্ৰ-ছাত্ৰী সকলক লৈ সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰি শ্ৰোতা দৰ্শকৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।
বৰুৱা, আৰু আজি স্বীকৃতিপ্ৰাপ্ত গায়ন বৰুৱাই এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণ অনাগত দিনত অব্যাহত ৰখাৰ লগতে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক শিক্ষা প্ৰদানৰ অৰ্থে নিজা গৃহতে তেওঁৰ মাতৃৰ নামেৰে কুঞ্জ কানন কেন্দ্ৰ স্থাপন কৰি অহৰহ ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
উদীয়মান যুৱকজনৰ এই পদক্ষেপক এতিয়া সকলো ৰাইজে আদৰণী জনাইছে।