এনআৰচিৰ ওপৰত দাবী আৰু অভিযোগ গ্ৰহণৰ প্ৰক্ৰিয়াত সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

TH08BRIEFLY1AGNS2Q3KDI3jpgjpg

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰাৰ ওপৰত দাবী আৰু অভিযোগ গ্ৰহণ প্ৰক্ৰিয়াত সাময়িকভাৱে পুনৰাই স্থগিতাদেশ জাৰী কৰিছে। পৰবৰ্তী নিৰ্দেশ নহালৈকে এই নিৰ্দেশ বাহাল থাকিব বুলি ন্যায়ালয়ে জনাইছে।

উল্লেখ্য যে জুলাইৰ ৩০ তাৰিখে প্ৰকাশ হোৱা এনআৰচিৰ চূড়ান্ত তালিকাত ৩,২৯ কোটি লোকৰ পৰা ২.৮৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াতে ৪০ লাখতকৈও অধিক লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰাত বাদ পৰিছে। তাৰে ভিতৰত ৩৭.৫৯ লাখৰ নাম বাতিল কৰা হৈছে আৰু ২.৪৮ লাখৰ নাম বিৱেচনাৰ বাবে ৰখা হৈছে।

দাবী আৰু অভিযোগ প্ৰক্ৰিয়া আগষ্টৰ ৩০ তাৰিখৰ পৰা ছেপ্টেম্বৰৰ ২৮ তাৰিখলৈকে চলাৰ কথা আছিল। উল্লেখ্য যে যোৱা মঙলবাৰেও সৰ্বোচ্চ ন্যায়ালয়ে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰাৰ ওপৰত দাবী আৰু অভিযোগ গ্ৰহণৰ দিন পিছুৱাই দিছিল।

এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰক ৰঞ্জন গগৈ আৰু বিচাৰক আৰএফ নৰিমেনেৰে গঠিত বিচাৰপীঠৰ ওচৰত এটা প্ৰতিৱেদন দাখিল কৰিছে। প্ৰতিৱেদনখনত নাগৰিকত্ব প্ৰমাণৰ বাবে ১৫ খনৰ ভিতৰত ১০খনহে বৈধ গ্ৰহণ কৰা হৈছে।

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু অন্যন্য সংশ্লিষ্ট গোটক এনআৰচিৰ সমন্বয়কৰ পৰামৰ্শাৱলীৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে।

সৰ্বোচ্চ ন্য়ায়ালয়ে এনআৰচি সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ দিন ছেপ্টেম্বৰৰ ১৯ তাৰিখ ধাৰ্য কৰিছে। মহাধিবক্তাগৰাকীয়ে যুক্তি  দৰ্শাইছিল যে কেন্দ্ৰৰবৃহত্তৰ স্বাৰ্থ থকা হেতুকে উত্তৰ প্ৰদান কৰাৰ বাবে এনআৰচিৰ সমন্বয়কৰ পৰামৰ্শাৱলীৰ এটা প্ৰতিলিপি কেন্দ্ৰকো প্ৰদান কৰা উচিৎ। বিচাৰপীঠখনে মহাধিবক্তাগৰাকীক জনাই দিছিল যে সামপ্ৰতি কেন্দ্ৰক প্ৰতিলিপি দিয়াৰ প্ৰয়োজন নাই।

মঙলবাৰে স্থগিতকৰণৰ যুক্তি হিচাপে সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল যে দাবী আৰু অভিযোগ গ্ৰহণৰ প্ৰক্ৰিয়াত কিছু বিতৰ্ক হোৱা বাবে দাবী আৰু অভিযোগ গ্ৰহণ প্ৰক্ৰিয়াত স্থগিতাদেশ দিয়া হৈছে।

এনআৰচিত অন্তৰ্ভুক্তিৰ বাবে দাবী জনোৱাসকলক তেওঁলোকৰ পূৰ্বৰ স্থিতি পৰিৱৰ্তন কৰাৰ বাবে কিয় নতুনকৈ নথি জমা দিবলৈ অনুমতি প্ৰদান কৰা হ’ব তাৰ ওপৰত সৰ্বোচ্চ ন্যায়ালয়ে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হাজেলাৰ পৰা প্ৰতিৱেদন বিচাৰিছে।