Pandora papers: ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ গোপন প্ৰেমিকাৰ সম্পদৰ তথ্য ফাদিল

36154722-0-image-a-53_1606428219514

Pandora papers: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ গোপন প্ৰেমিকাৰ সম্পদৰ তথ্য ফাদিল কৰিছে পেণ্ডোৰা পেপাৰ্ছে।প্ৰেমিকাৰ নাম ছেভৎলিনা ক্ৰিভোনোগিখ।

ইউৰোপৰ সৰু ৰাষ্ট্ৰ মোনোকোৰ মন্টে কাৰ্লোত ছেভৎলিনাৰ চাৰিটা ফ্ল’ৰৰ বিলাসবহুল ফ্লেট আছে। লগতে আছে বিলাসী জাহাজো।

নিউয়ৰ্ক প’ষ্টে দাবী কৰা মতে ছেভৎলিনাৰ ১০০মিলিয়ন ডলাৰৰ সম্পত্তি আছে।

ভ্লাডিমিৰ পুটিন ছেভৎলিনাৰ গৃহ চহৰ ছেন্ট পিটাৰ্ছবাৰ্গৰ ডেপুটি মেয়ৰ আছিল। তেতিয়াই দুয়োৰে মাজত সম্পৰ্ক গঢ়ি উঠিছিল। অৱশ্যে, পুটিনে এই কথা কেতিয়াও ৰাজহুৱা কৰা নাই।

উল্লেখ্য যে পানামা পেপাৰ্ছৰে তথ্য ফাদিলে ভাৰতকে ধৰি বিশ্বৰ বহু দেশত জোকাৰণি তোলাৰ পিছত এইবাৰ পেণ্ডোৰা পেপাৰ্ছৰ তথ্য ফাদিলে আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পেণ্ডোৰা পেপাৰ্ছত বহু ভাৰতীয় ৰাজনীতিক, খেলুৱৈ,ব্যৱসায়ী আদিৰ অৰ্থনৈতিক তথ্য ফাদিল হৈছে। অৰ্থনৈতিক তথ্য ফাদিল হোৱা ভাৰতীয় ব্যক্তিসকলৰ ভিতৰত কিংবদন্তী ক্ৰিকেট খেলুৱৈ শচীন টেণ্ডুলকাৰো আছে।

পেণ্ডোৰা পেপাৰ্ছৰ তথ্যত বিশ্বৰ বহু লোকৰ গোপন অৰ্থনৈতিক তথ্য সন্নিবিষ্ট হৈ আছে। গাৰ্জিয়েন কাকতত প্ৰকাশিত তথ্য অনুসৰি পানামা ,ডুবাই, মনাকো, ছুইজাৰলেণ্ড আদি দেশত বিশ্বৰ প্ৰায় ১২ নিযুত লোকৰ সম্পদ বিনিয়োগ কৰাৰ বাবে কেতবোৰ কোম্পানীয়ে কাম কৰি আহিছে।

The International Consortium of Investigative Journalists (ICIJ)-এ লাভ কৰা পেণ্ডোৰা পেপাৰ্ছৰ তথ্য অনুসৰি ৰাছিয়া, ভাৰত, আমেৰিকা, পাকিস্তান, ইংলেণ্ড, মেক্সিকো আদি দেশৰ কমেও ১০০ গৰাকী অতি ধনী ব্যক্তিয়ে বিশেষ কোম্পানীৰ জৰিয়তে বিদেশত বিনিয়োগ কৰি আহিছে।

ইয়াৰ ফলত সংশ্লিষ্ট দেশৰ চৰকাৰে বৃহৎ মাত্ৰাত কৰ হেৰুৱাই আছে।

পেণ্ডোৰা পেপাৰ্ছত জৰ্দানৰ ৰজা, ইউক্ৰেইন, কেনিয়া আৰু ইকুৱেডৰৰ ৰাষ্ট্ৰপতিয়ে এনেদৰে বিদেশত বিনিয়োগ কৰাৰ তথ্য পোহৰলৈ আহিছে। ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰৰ নামো পেণ্ডোৰা পেপাৰ্ছৰ তথ্যত পোহৰলৈ অহা দেখা গৈছে।

কাকত খনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰায় ৩০০ লোকৰ নামো পেণ্ডোৰা পেপাৰ্ছৰ সৈতে জৰিত হৈ আছে। সেই ৩০০ গৰাকী ভাৰতীয়ৰ ভিতৰত বহু কেইগৰাকীৰ বিৰুদ্ধে ব্যাপক অৰ্থনৈতিক অনিয়মৰ অভিযোগ আছে। তেওঁলোকৰ ভিতৰত প্ৰাক্তন সাংসদ আদিও আছে।