বজাৰতকৈ কম মূল্যত কিনক সোণ; মাত্ৰ ৫ দিনৰ বাবে এই অফাৰ

Gold prices fall over ₹5,000 per 10 gram

সোণৰ ব্যাপক মূল্য বৃদ্ধিৰ সময়তে মোদী চৰকাৰে এক আঁচনি লৈছে। য’ত এই আঁচনিৰ জৰিয়তে আপুনি বজাৰৰ মূল্যতকৈ কম দামতে সোণ কিনিব কৰিব পাৰিব।

এই আঁচনিৰ অধীনত ৯ ছেপ্টেম্বৰৰ পৰা আপুনি ৰেহাই মূল্যত সোণ কিনিব পাৰিব। অৱশ্যে এই সুবিধা সীমিত সময়ৰ বাবেহে অৰ্থাৎ ১৩ ছেপ্টেম্বৰলৈকেহে এই আঁচনিৰ জৰিয়তে আপুনি কম মূল্যত সোণ কিনিব পাৰিব।

উল্লেখযোগ্য যে মোদী চৰকাৰে ২০১৫ চনতে আৰম্ভ কৰা ‘সভাৰেইন গ’ল্ড বণ্ড’ (Sovereign Gold Bond) নামৰ আঁচনিৰ জৰিয়তে বিভিন্ন সময়ত কম মূল্যত সোণ কিনাৰ সুযোগ দি আহিছে। এই আঁচনিৰ অধীনত বজাৰৰ মূল্যতকৈ কম মূল্যত সোণ ক্ৰয় কৰাৰ সুযোগ প্ৰদান কৰা হয়।

এই আঁচনিৰ অধীনত ৯ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈকে আৰম্ভ হ’বলগীয়া ছিজনত প্ৰতি গ্ৰাম সোণৰ মূল্য হ’ব ৩৮৯০ টকা। প্ৰতি গ্ৰাম সোণৰ বজাৰৰ মূল্য হ’ল ৩৯২৭ টকা। অৰ্থাৎ প্ৰতি গ্ৰাম সোণত ৩৭ টকা ৰেহাই।

তাৰোপৰি গ্ৰাহকে সোণ কিনাৰ সময়ত যদি ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰেমেণ্ট কৰে তেতিয়া প্ৰতি গ্ৰাম সোণত ৫০ টকা ৰেহাই পাব। অৰ্থাৎ প্ৰতি গ্ৰাম সোণত ৮৭ টকা ৰেহাই।

মন কৰিব লগীয়া যে এই আঁচনিৰ অধীনত সোণ ক্ৰয় কৰিলে টেক্সৰ পৰা ৰেহাই পোৱাৰ লগতে বেংকৰ পৰা লোণ লোৱাৰো সুবিধা আছে।

বেংক, ডাকঘৰ, এন এছ ই (National Stock Exchange), বি এছ ই (Bombay Stock Exchange) আদিৰ জৰিয়তে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব।