অসমৰ দৌৰৰাণী হিমাক বাঙালী কন্যা বুলি প্ৰচাৰ বাংলা সংবাদ মাধ্যমৰ

হিমা দাস

দেওবাৰে এছিয়ান গেইমছত মহিলাৰ ৪০০ মিটাৰ দৌৰত হিমা দাসে ৰূপৰ পদক অৰ্জনেৰে ঈৰ্ষণীয় সফলতা লাভ কৰাৰ পিছতে এতিয়া সকলোকে আপোনত্বৰ দাবী কৰিবলৈ উৎসাহিত কৰি তুলিছে। অসমৰ হিমা এতিয়া হৈ পৰিছে সকলোৰে হিমা। দেশৰ হিমা। দেশৰ সম্পদ। কিন্তু হিমাৰ অসমীয়া পৰিচয়, হিমাৰ গাত থকা অসমৰ মাটি-পানীৰ পৰিচয়ক যদি আন কোনোবাই তেওঁলোকৰ বুলি ক’ব খোজে?

তেনেকুৱা এটা অপপ্ৰয়াস দেখা গ’ল পশ্চিমবংগৰ এটা প্ৰতিষ্ঠিত নিউজ চেনেলৰ। ‘জি গ্ৰুপ’ৰ ‘জি ২৪ ঘণ্টা’ নামৰ নিউজ চেনেলটোৱে দেওবাৰে ব্ৰেকিং নিউজৰ নামত বাতৰি ‘৪০০ মিটার রেসে রুপো জয় বাঙালি কন্যার’ বুলি সম্প্ৰচাৰ কৰে। অৰ্থাৎ ৪০০ মিটাৰ দৌৰত ৰূপ জয় কৰিলে বাঙালী কন্যাই। এই বাতৰিয়ে অসমতো ব্যাপক চৰ্চা লাভ কৰিছে।

ফলত চুবুৰীয়া ৰাজ্যখনৰ এটা প্ৰতিষ্ঠিত নিউজ চেনেলে এনেদৰে অপপ্ৰচাৰত নমা কাৰ্যকলাপে অসমবাসীক আচৰিত কৰি তুলিছে।

উল্লেখযোগ্য যে পূৰ্বেও কলকাতাস্থিত এটা নিউজ প’ৰ্টেলেও এনে অপপ্ৰচাৰত নামিছিল। বৰ্তমান পুনৰ আন এটা বাংলাভাষাৰ নিউজ চেনেলে এনেদৰে প্ৰচাৰ কৰা কাৰ্যক সহজভাৱে ল’ব পৰা অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে।

আনহাতে যি সময়ত ব্যক্তিগত শ্ৰেষ্ঠ সময় মানেৰে অসমৰ হিমাই মহিলাৰ ৪০০ মিটাৰত ভাৰতৰ বাবে ৰূপৰ পদক আঁজুৰি আনি সমগ্ৰ ভাৰতবৰ্ষকে ধৰি ৰাজ্যখনলৈও গৌৰৱ কঢ়িয়াই আনিলে সেই সময়তে ‘জি ২৪ ঘণ্টা’ নামৰ নিউজ চেনেলটোৱে এনে অপপ্ৰচাৰেৰে বাতৰি সম্প্ৰচাৰ কৰা কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে।