NORTHEAST NOW (Assamese)

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বাকী থকা ৫০ শতাংশ ঘৰভাড়া মুকলি

July 3, 2019 10:58 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্য চৰকাৰে মঙলবাৰে ৰাজ্যিক কৰ্মচাৰীৰ ৩০ মাহৰ বকেয়া ঘৰভাড়া ভাত্তাৰ বাকী থকা ৫০ শতাংশ ধন মুকলি কৰি দিবলৈ সকলো বিভাগৰ ডি ডি অ’ক বিশেষ ক্ষমতা প্ৰদান কৰিছে।

ৰাজ্যৰ বিত্ত বিভাগে মঙলবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে। উল্লেখযোগ্য যে সংশোধিত দৰমহা গাঁথনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে ২০১৬ চনৰ এক এপ্ৰিলৰ পৰা ২০১৮ চনৰ ৩০ ছেপ্তেম্বৰলৈ ঘৰভাড়া বানচৰ ৫০ শতাংশ বকেয়া ধন আদায় পাব লগা আছে।

এই নিৰ্দেশনা অনুসৰি অহা বছৰৰ ৩১ মাৰ্চ পৰ্যন্ত ডি ডি অ’ সকলে এনে বকেয়া বানচৰ লেনদেন কৰিব পাৰিব।

কালি ৰাজ্যৰ বিত্ত বিভাগে জাৰি কৰা এই নিৰ্দেশনাই স্বাভাৱিকতে ৰাজ্যিক কৰ্মচাৰীসকলক আনন্দিত কৰাৰ লগতে এই নিৰ্দেশনাক সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছে।

Related News