কি হৈছে চৰকাৰখনৰ? এইবাৰ ভাঙিব গুৱাহাটী জিলা পুথিভঁৰাল, নিৰ্মাণ হ’ব ১০ মহলীয়া অট্টালিকা!

ধাৰ ঋণত পোত গৈ থাকিলেও ভঙা-পতাৰ বাবে বিশেষভাৱে পৰিচিত হৈ পৰিছে বৰ্তমান অসমৰ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন। ঐতিহ্যৰ প্ৰতি সমূলি সন্মান প্ৰদৰ্শনৰ আগ্ৰহ নথকা এইখন চৰকাৰে কেবল বিতৰ্কৰ মাজেৰে কৰি গৈছে এটা এটাকৈ ভঙা-পতাৰ কাম।

চৰকাৰৰ ৰাজকোষৰ ধনৰ শৰাধ কৰি কামৰূপ (মেট্ৰ) জিলা উপায়ুক্তৰ কাৰ্যালয় ভৱন ভঙা, গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বাবে তৎপৰ হোৱাৰ পিছত এইবাৰ মহানগৰীৰ ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীৰ পাৰত থকা জিলা পুথিভঁৰালটো এইবাৰ ভাঙিবলৈ আগবাঢ়িছে চৰকাৰখনে।

লগতে পঢ়ক: কোন বা জিকে! টুইটাৰ আৰু মেটাৰ মাজত ‘থ্ৰেডছ’ক লৈ যুঁজ; আইনী ব্যৱস্থাৰ হুংকাৰ ইলন মাস্কৰ 

অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰি অনুসৰি জিলা পুথিভঁৰালটো ভাঙি তাত এটা দহমহলীয়া অট্টালিকা নিৰ্মাণ কৰিব। ইয়াৰ বাবে প্ৰাথমিকভাৱে প্ৰায় ৬০ লাখ টকা ধাৰ্যও কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, প্ৰায় আঠ কোটি টকা ব্যয় সাপেক্ষে জিলা পুথিভঁৰালৰ ভৱনটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ সময়তে ইয়াক ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ পৰা জিলা পুথিভঁৰালটোৰ সঞ্চালকগৰাকীক পত্ৰযোগে চৰকাৰী সিদ্ধান্তৰ কথা অৱগত কৰা হৈছে আৰু সম্পূৰ্ণ প্ৰকল্প প্ৰতিবেদন যুগুতৰ ক্ষেত্ৰত সহযোগিতা বিচৰা হৈছে।

পৰিতাপৰ কথা যে ৰাজ্য চৰকাৰৰ চৰম হেমাহিৰ বাবে ৰাজ্যখনৰ গ্ৰাম্য তথা জিলা পুথিভঁৰালসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। ৰাজ্যখনৰ মুঠ ২০৪ টা গ্ৰাম্য পুথিভঁৰালৰ আঠোটা ইতিমধ্যে বন্ধ হৈ গৈছে।

লগতে পঢ়ক: ‘শ্বাহৰুখ মুঠেই আকৰ্ষণীয় নহয়, অভিনয়ো নাজানে’; কিং খানক লৈ মন্তব্য অভিনেত্ৰীৰ, তাৰপিছত…

ইপিনে, বাতৰি অনুসৰি প্ৰস্তাৱিত ৬০ কোটি টকা ব্যয় সাপেক্ষ অট্টালিকাটোৰ নিৰ্মাণৰ কাম এজন বহিৰাগত ঠিকাদাৰক দিয়াৰো প্ৰস্তুতি চলিছে।

বৰ্তমান ৰাজ্য চৰকাৰখনে এনেদৰে ভঙা পতাৰ নামত ৰাজকোষৰ ধন অপচয় কৰাৰ বিষয়টোৱে সচেতন লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।