কৃষ্ণাইৰ পাৰ্বতী ওয়েল চাৰ্ভিছৰ ব্যতিক্ৰমী বিহু : জাতীয় সাজ পৰিধান কৰি কৰ্তব্যত ব্যস্ত কৰ্মচাৰী

IMG_20190415_164918

জাতীয় সাজ পৰিধান কৰি কৰ্তব্যত ব্যস্ত পাৰ্বতী ওয়েল চাৰ্ভিছৰ কৰ্মচাৰী। ফটো : নৰ্থইষ্ট নাও

বিগত বৰ্ষ সমূহৰ দৰে এই বেলিও কৰ্তব্যৰ মাজৰে কৃষ্ণাইৰ টুকুৰা পাৰ্বতী ওয়েল চাৰ্ভিছৰ কৰ্মচাৰী সকলে জাতীয় সাজ পিন্ধি পেট্ৰ’ল পাম্পতে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু ৷

বিহু বুলিলে কোনে নো ৰৈ থাকিব পাৰে সেয়ে আত্মীয় পৰিজনৰ পৰা আঁতৰত থকা এই লোক সকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পৰিধান কৰি দিনটো কৰ্তব্যৰ মাজতে হেঁপাহ পলুৱাই নাচিলে।

বিগত বৰ্ষৰ দৰে এইবাৰো সাত বিহুলৈকে এনেদৰে  উখল মাখল হৈ থাকিব পাৰ্ৱতী ওয়েল চাৰ্ভিছ।

উল্লেখ্য যে অকল ৰঙালী বিহু বুলিয়েই নহয়,পাৰ্বতী ওয়েল চাৰ্ভিছে প্ৰতিটো জাতীয় অনুষ্ঠানেই অতি ধুমধামেৰে তথা ব্যতিক্ৰমীভাৱে পালন কৰি আহিছে ৷

তেওঁলোকে জানিবলৈ দিয়ে যে সাত বিহু লৈকে এনেদৰে জাতীয় সাজ পৰিধান কৰি তেওঁলোকে পেট্ৰ’ল-ডিজেল বিতৰণ কৰি থাকিব।