কৰ’নাত আক্ৰান্ত বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদৰ্শক দিপজ্যোতি ইংতি

FB_IMG_15949643615280474

বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদৰ্শক দিপজ্যোতি ইংতি। ফটো: ফেচবুকৰ সৌজন্যত

কৰ’নাত আক্ৰান্ত হৈছে বশিষ্ঠ আৰক্ষী থানাৰ প্ৰথমজন আৰক্ষী বিষয়া ৷

বশিষ্ঠ থানাৰ উপ পৰিদৰ্শক দীপজ্যোতি ইংতি কোভিড-১৯ত আক্ৰান্ত হৈছে।

বৃহস্পতিবাৰে দিনৰ ভাগত কিছু পৰিমানে অসুস্থ হৈ পৰিছিল  উপ পৰিদৰ্শক দিপজ্যোতি ইংতি।

ইয়াৰ পাছতে সৰু সজাই ষ্টেডিয়ামত ৰেপিড টেষ্ট কৰিছিল ইংতিয়ে ৷

ৰেপিড টেষ্টৰ ফলাফলত বিষয়াজনৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে।

বিষয়াজনৰ পত্নীও আক্ৰান্ত হৈছে কৰ’নাত ৷

বিষয়াজনক ইতিমধ্যে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৃহস্পতিবাৰলৈ ইংতিৰ সংস্পৰ্শলৈ অহা লোকসকলৰ আজি নমুনা সংগ্ৰহ সংগ্ৰহ কৰা হ’ব ৷

ইপিনে বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যত ৮৯২ জন লোক কৰ’না আক্ৰান্ত ধৰা পৰে ৷ কামৰূপ মহানগৰ জিলাত মুঠ ৫৯৮ জন আক্ৰান্ত হয় কৰ’নাত।

ৰাজ্যত মুঠ ২০৬৪৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷

আনহাতে, গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাই আহিছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।