দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ আত্মহননৰ ঘটনাই নতুন মোৰ লৈছে। আৰক্ষীয়ে এতিয়ালৈকে ফাদিল কৰা নাই শিখা শইকীয়াৰ ছুইচাইড নোট। আনহাতে, শিখা শইকীয়াৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।

ইপিনে, শিখা শইকীয়াৰ মাতৃয়ে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। শিৱসাগৰ লালিম গাঁৱৰ ১৪ নং ৱাৰ্ডৰ নিৰিশিত গগৈ আৰু তেওঁৰ পত্নী ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে শিখা শইকীয়াৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছে। এই  দম্পতিৰ বিৰুদ্ধে অভিযোগ তুলি শিখাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰিছে।

লগতে পঢ়ক: মাজনিশা শিৱসাগৰৰ দিখৌ নদীত জাপ দিলে এগৰাকী স্বাস্থ্যকৰ্মীয়ে; অঞ্চলজুৰি চাঞ্চল্য

সংবাদ মাধ্যমৰ আগত শিখা শইকীয়াৰ মাতৃয়ে জনোৱা মতে নিৰিশিত গগৈৰ পত্নী ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে যোৱা ১৮ জুনত আমগুৰি আৰক্ষী থানাত এক গোচৰ তৰিছিল। গোচৰ নম্বৰ আছিল ৬৫/২০২২। 

উল্লেখ্য যে  শিৱসাগৰৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত শিখা শইকীয়াক কিছু দিন পূৰ্বে ৰৌজি ৰাভা গগৈয়ে তেওঁৰ স্বামী নিৰিশিত গগৈৰ লগত অবৈধ সম্পৰ্ক থকাৰ সন্দেহত কাৰ্যালয়তে কটু কথাৰে অপদস্থ কৰিছিল। যাৰ বাবে শিখা শইকীয়াই আমগুৰি থানাত এজাহাৰ দাখিল কৰিছিল। এই বিস্ফোৰক মন্তব্য শিখা শইকীয়াৰ মাতৃৰ।

শিখা শইকীয়াৰ মাতৃয়ে কৰা অভিযোগ অনুসৰি সেই দিনাৰে পৰা কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ কেইগৰাকীমান সহকৰ্মীয়ে শিখা শইকীয়াক তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত ভাষ্য দিব বুলি জনাইছিল।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

নিজ কাৰ্যালয়ৰ সহকৰ্মীৰ এনে মন্তব্যত মানসিকভাৱে ভাগি পৰিছিল শিখা শইকীয়া। যাৰ বাবে বৃহস্পতিবাৰৰ নিশা শিখা শইকীয়াই দিখৌ দলঙৰ পৰা জাপ দিয়াৰ সন্দেহ কৰা হৈছে।

ইপিনে শিখা শইকীয়াই লিখি থৈ যোৱা ছুইচাইড নোটত কি লিখিছে সেয়া এতিয়ালৈকে আৰক্ষীয়ে ৰাজহুৱা কৰা নাই যদিও মাতৃয়ে সংবাদ মাধ্যমৰ আগত বহু তথ্য ফাদিল কৰিছে।