শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Sivasagar

শিৱসাগৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াই আত্মহত্যা কৰা ঘটনা সন্দৰ্ভত যোৱা নিশা এহাল দম্পতিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ২৩ জুনৰ মাজ নিশা দিখৌ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল শিখা শইকীয়া নামৰ মহিলা স্বাস্থ্য কৰ্মী গৰাকীয়ে। দিখৌত জপিওৱাৰ দুদিন পিছত উদ্ধাৰ হৈছিল শিখা শইকীয়াৰ মৃতদেহ।

ঘটনাৰ ১২ দিনৰ পিছত যোৱা নিশা শিৱসাগৰ আৰক্ষীয়ে সদৰ থানাত ৰুজু হৈ থকা ২৬১/২০২২ নম্বৰৰ গোচৰৰ ভিত্তিত নীৰিক্ষিত গগৈ আৰু ৰৌজি ৰাভা গগৈ নামৰ দম্পত্তীহালক তিনিচুকীয়াৰ এখন বাছৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ৰৌজি ৰাভা গগৈ আৰু নীৰিক্ষিত গগৈৰ ঘৰ শিৱসাগৰ লালিম গাঁৱত।

লক্ষ্যণীয় যে ৰৌজী ৰাভা গগৈয়ে ৰাজহুৱাকৈ অপদস্থ কৰাৰ বাবেই আত্মহননৰ পথ বাচি লোৱা বুলি চুইচাইড নোটত লিখি থৈ গৈছিল শিখা শইকীয়াই। ২৪ জুনত শিখা শইকীয়াৰ মাতৃয়ে শিৱসাগৰ সদৰ থানাত ৰুজু কৰিছিল গোচৰ।

ইয়াৰ পিছৰে পৰা পলাতক আছিল অভিযুক্ত দম্পত্তীহাল। অৱশেষত যোৱা নিশা তিনিচুকীয়াৰ এখন বাছৰ পৰাই গ্ৰেপ্তাৰ কৰে নীৰিক্ষীত গগৈ আৰু ৰৌজী ৰাভা গগৈক।

উল্লেখযোগ্য যে আত্মহত্যাৰ পূৰ্বে যোৱা ১৮ জুনত শিখা শইকীয়াই ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে আমগুৰি থানাত গোচৰ তৰিছিল। ৰৌজি ৰাভা গগৈয়ে কালু গাঁও স্বাস্থ্য কেন্দ্ৰলৈ গৈ অপদস্থ কৰা বুলি অভিযোগ উত্থাপন কৰি তৰিছিল গোচৰ।

শিখা শইকীয়া আৰু নীৰিক্ষীত গগৈৰ মাজত অবৈধ প্ৰেম প্ৰণয় চলি থকা বুলি সন্দেহ কৰিয়েই ৰৌজি ৰাভা গগৈয়ে অপদস্থ কৰিছিল শিখা শইকীয়াক।

আমগুৰি আৰক্ষীয়ে ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল যদিও ২৩ জুনৰ নিশা আত্মহত্যা কৰে শিখা শইকীয়াই।