বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকক গুলীয়াই হত্যা কৰাৰ ভাবুকি

বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীক চিকিৎসালয়খনৰে এজন সহকৰ্মীয়ে গুলীয়াই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা ঘটনাই চিকিৎসালয়খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কালি অৰ্থাৎ ১৪ ডিচেম্বৰত চিকিৎসালয়খনৰ অধীক্ষক ববীজিৎ গোস্বামীয়ে প্ৰসূতি বিভাগৰ কিছু সমস্যাক লৈ আলোচনা কৰি থকাৰ সময়তে চিকিৎসালয়খনৰ এনাস্থেচিয়া বিভাগৰ সহকাৰী অধ্যাপক ডাঃ ৰূপক ভট্টাচাৰ্যই অধীক্ষক গৰাকীক গুলীয়াই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। ফলত চিকিৎসালয়খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

আনহাতে এনেদৰে অধীক্ষক গৰাকীক ভাবুকি প্ৰদান কৰাত অধীক্ষক ববীজিৎ গোস্বামীয়ে বৰপেটা সদৰ থানাত ডাঃ ৰূপক ভট্টাচাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

সংঘটিত ঘটনা সন্দৰ্ভত অধীক্ষক গৰাকীয়ে জনোৱা মতে ডাঃ ভট্টাচাৰ্যই নিজৰ দায়িত্ব পালনত অপাৰগতা প্ৰকাশ কৰে। আৰু এই সন্দৰ্ভত অধীক্ষক গৰাকীয়ে এনাস্থেচিয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ সৈতে আলোচনা কৰি থকা অৱস্থাতে ডাঃ ভট্টাচাৰ্যই বিভিন্ন অশ্ৰাব্য গালি-গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

ইফালে এই ঘটনাক বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰী সন্থাই তীব্ৰ গৰিহণা প্ৰদান কৰিছে। লগতে উপযুক্ত দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।