অসম চৰকাৰৰ মুখঠেকেছা : কচুতলিৰ উচ্ছেদ স্থগিত ৰাখিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

পুনৰ ন্যায়ালয়ত মুখঠেকেছা খালে অসম চৰকাৰে। আইন অমান্য কৰি সোণাপুৰৰ কচুতলিত অন্যায় উচ্ছেদেৰে হিন্দুত্ববাদী শিবিৰৰ ৱাহ ৱাহ ল’ব খোজা হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

শেহতীয়াকৈ ৪৮ গৰাকী উচ্ছেদিত লোকে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত জনাইছিল লেখ আবেদন। আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভা আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে।

বিচাৰকদ্বয়ে শুনানি গ্ৰহণ কৰি অসম চৰকাৰক তীব্ৰ নিন্দা কৰাৰ লগতে উচ্ছেদ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে। অসম চৰকাৰে কৰা এই উচ্ছেদক আদালত অৱমাননা বুলি উল্লেখ কৰে আদালতে।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক জাননী জাৰি কৰি যথাৰ্থ অৱস্থা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে তিনি সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক উত্তৰ দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে। লগতে ন্যায়ালয়ে কয় যে এই আবেদনৰ অন্তৱৰ্তীকালীন সিদ্ধান্তত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অবিহনে কাৰো ব্যক্তিগত সম্পত্তিত বুলডজাৰ চলাব নোৱাৰিব অসমৰ চৰকাৰে।

উল্লেখ্য যে শেহতীয়াকৈ কেইবাটাও গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে কোনো কৰ্তৃপক্ষই বুলডজাৰ ব্যৱহাৰ কৰি অপৰাধমূলক কাৰ্যকলাপৰ বা সন্দেহযুক্ত লোকৰ সম্পত্তি ভাঙিব নোৱাৰিব। অৱশ্যে এই দিশৰ পৰা আদালতৰ এই ৰায় ৰাজহুৱা স্থানত অকৰ্তৃত্বশীল নিৰ্মাণ উচ্ছেদ বা ভংগৰ বাবে এনে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত যে প্ৰযোজ্য নহ’ব সেয়াও স্পষ্ট হৈ পৰিছে।

যোৱা সপ্তাহত জিলা প্ৰশাসনে সোণাপুৰৰ ট্ৰাইবেল বেল্টত বববাস কৰা একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ বাসগৃহ উচ্ছেদ কৰে। উক্ত লোকসকলক বিদেশী বা সন্দেহযুক্ত নাগৰিক বুলিও অভিহিত কৰে একাংশ বিজেপি নেতাই।  সেই উচ্ছেদৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত আৰক্ষীৰ গুলীত নিহত হয় দুজনকৈ লোক। শিশুসহ আহত হয় বহু লোক। লগতে আহত হয় কেইবাগৰাকী আৰক্ষী বিষয়া-জোৱানো। ইয়াৰ পিছতো উচ্ছেদ অভিযান অব্যাহত ৰাখে অসম চৰকাৰে।