NORTHEAST NOW (Assamese)

আইচক্ৰীমত মাতৃদুগ্ধৰ সোৱাদ! নৱতম আৱিষ্কাৰে বিশ্বজুৰি সৃষ্টি কৰিছে আলোড়নৰ…

April 2, 2025 6:27 pm · এন ই নাও নিউজ, গুৱাহাটী

শিশুৰ বৃদ্ধিৰ ক্ষেত্ৰত মাতৃদুগ্ধৰ বিকল্প নাথাকে। সেইবাবেই চিকিৎসকেও নৱজাতকক মাতৃদুগ্ধেৰে ডাঙৰ-দীঘল কৰিবলৈ উৎসাহিত কৰে। কিন্তু মাতৃদুগ্ধৰ সোৱাদ কেনেকুৱা হয় কোনেও কব নোৱাৰে। অৱশ্যে আমেৰিকাৰ শিশু সামগ্ৰীৰ ব্ৰেণ্ড ‘ফ্ৰিডাই নতুন উদ্যোগ গ্ৰহণ কৰিছে। মাতৃদুগ্ধৰ সোৱাদযুক্ত আইচক্ৰীম মুকলি কৰিবলৈ ওলাইছে কোম্পানীটোৱে। প্ৰায় সকলোৱেই ষ্ট্ৰবেৰী, ভেনিলা, চকলেটকে ধৰি বিভিন্ন সোৱাদৰ আইচক্ৰীম খোৱাত অভ্যস্ত। আইচক্ৰীমৰ এই নতুন সোৱাদৰ কথা শুনিবলৈ তেওঁলোকে ৰৈ থাকিব নোৱাৰে। কিন্তু সংগঠনটোৱে স্পষ্টকৈ উল্লেখ কৰিছে যে সন্তান জন্ম হবলৈ ৯ মাহ সময় লাগে। ঠিক তেনেকৈয়ে মাতৃদুগ্ধৰ সোৱাদযুক্ত আইচক্ৰীম খাবলৈ অপেক্ষা কৰিব লাগে।

মাতৃদুগ্ধ অমূল্য। গতিকে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে মাতৃদুগ্ধৰ পৰা তৈয়াৰী কোনো খাদ্যৰ অনুমোদন নিদিয়ে। গতিকে ‘মাতৃদুগ্ধৰ আইচক্ৰীম প্ৰকৃত মাতৃদুগ্ধৰ পৰা তৈয়াৰ কৰা নহয়। ‘ফ্ৰিডাৰ দাবী যে এই আইচক্ৰীমত মাতৃদুগ্ধৰ পুষ্টিকৰ মূল্য নাই। কেৱল সোৱাদৰ অনুকৰণ কৰা হৈছে। ইয়াৰ উপৰিও আইচক্ৰীমত মিঠাই থাকিব। লগতে নিমখীয়াও হব পাৰে।

View this post on Instagram

A post shared by Frida Mom (@fridamom)

শেহতীয়াকৈ কোম্পানীটোৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ শ্বেয়াৰ কৰি সকলোকে এই আইচক্ৰীমৰ বিষয়ে অৱগত কৰা হৈছিল। স্বাভাৱিকতে সেই ভিডিঅটো সকলোতে বিয়পি পৰিল। বহুতে আগ্ৰহেৰে অপেক্ষা কৰি আছে আইচক্ৰীমৰ এই নতুন সোৱাদটো চেষ্টা কৰিবলৈ। একাংশই বাৰে বাৰে সুধিছে কেতিয়া উপলব্ধ হব। অৱশ্যে কোম্পানীটোৱে ৯ মাহৰ আগতে উপলব্ধ নহব বুলি উল্লেখ কৰিছে। অনলাইনযোগে অৰ্ডাৰ দিবলৈও পৰামৰ্শ দিছে কোম্পানীটোৱে। কিন্তু কিছুমানে যথেষ্ট বিৰক্ত হৈছে। তেওঁলোকে কয় যে এইটো সংগঠনটোৱে মানুহক বোকা পানী খুৱাবলৈ কৰা অপপ্ৰচাৰৰ কৌশলৰ বাহিৰে আন একো নহয়। সেয়েহে এপ্ৰিল ফুল দিৱসৰ দিনা এই ভিডিঅটো পোষ্ট কৰিব লাগিছিল বুলিও নেটিজেনৰ এটা অংশই সংস্থাটোক পৰামৰ্শ দিয়ে।

Related News