বৰ্ধৰাজ গোবিন্দম-এখন পেন ইণ্ডিয়ান বা ভাৰতীয় সাংস্কৃতিক সমন্বয়ক চলচ্চিত্ৰ। যিখন নিৰ্মিত হৈছে হিন্দী, তামিল,তেলেগু,মালায়ালমকে আদি কৰি ছটাকৈ ভাৰতীয় ভাষাত। উল্লেখনীয় যে বৰ্ধৰাজ গোবিন্দম অসমীয়া ভাষাতো নিৰ্মিত হৈছে। অৰ্থাৎ এইখন প্ৰথমখন অসমীয়া ছবি য’ত অসমীয়া অভিনেতা-অভিনেত্ৰীৰ লগতে আন আন কলা-কুশলীয়েও কাম কৰিছে। সমান্তৰালকৈ দক্ষিণ ভাৰতৰ অভিনয় শিল্পী তথা কলা-কুশলীয়েও কাম কৰিছে।
কৰ্ণাটক,হাইদৰাবাদৰ চলচ্চিত্ৰ পৰিচালক ভি সমুদ্ৰই পৰিচালনা কৰা ছবিখন অতি সোনকালে ছবিগৃহত মুক্তি পোৱাৰ কথা।
প্ৰধানতঃ তেলেগু আৰু আৰু অসমীয়া ছবি উদ্যোগ দুয়োটিৰে সমন্বয় ঘটিছে এই ছবিখনত। হাইদৰাবাদত শ্বুটিঙ হোৱাৰ লগতেই অসমতো ছবিখনৰ কিয়দংশৰ শ্বুটিঙ পুনৰাই কৰা হৈছে। বৰ্ধৰাজ গোবিন্দমৰ মুখ্য ভূমিকাত অভিনয় কৰিছে অসমৰ অভিনেত্ৰী প্ৰীতি কংকনা আৰু অভিনেতা ৰবি জাংঘুৱে।
উল্লেখ্য যে প্ৰীতি কংকনাৰ এইখন প্ৰথমখন পেন ইণ্ডিয়ান ছবি হোৱাৰ লগতে ৰবি জাংঘুৱে আকৌ পূৰ্বে দুখনকৈ অসমীয়া ছবি বহ্নিমান আৰু ৰক্তবীজতো অভিনয় কৰিছিলে। প্ৰীতি কংকনাৰ বাদেও ছবিখনত অভিনয় কৰিছে অসমৰ অভিনয় শিল্পী জ্যোতি নাৰায়ণ নাথ,দেৱজিত মজুমদাৰ,বিনোদ লাল দাস,বিশাল বিনদাছ গগৈ ইত্যাদিয়ে। অসমৰ পলাস সূৰ্য গগৈয়ে ছবিখনৰ এটি গীতৰ কাম কৰিছে। লগতে চেকেণ্ড ইউনিট ডি অ পি(ডাইৰেক্টৰ অৱ ফ’টোগ্ৰাফী)ত, শ্ৰী ভেংকটৰ লগত অসমৰ মানৱ জ্যোতি বৰুৱাই কাম কৰিছে। লগতেই উল্লেখনীয় যে অসমৰ আন এজন কুশলী চন্দন কুমাৰে ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বও বহন কৰিছে।
বৰ্ধৰাজ গোবিন্দমৰ টিজাৰ গত ৫ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ হোটেল শ্বুলিন গ্ৰেণ্ডত মুকলি কৰা হয়। অনুষ্ঠানত ছবিখনৰ কলা-কুশলী,পৰিচালক ভি সমুদ্ৰৰ লগতে অসমীয়া ছবিজগতৰ লগত জড়িত ভিন্ন ব্যক্তি উপস্থিত থাকে। ছবিখনৰ টিজাৰে ই এক ব্যৱসায়িকভাৱে সফল ছবি হোৱাৰেই ইংগিত বহন কৰিছে।