আজিৰ পৰা ঠিক পঞ্চাছ বছৰ আগৰ কথা। ৰাষ্ট্ৰসংঘৰ আহ্বানত ১৯৭২ চনৰ জুন মাহৰ ৫-১৬ তাৰিখলৈ ইউৰোপীয় দেশ চুইডেনৰ ৰাজধানী স্টকহোমত অনুষ্ঠিত হৈছিল এখন ঐতিহাসিক বিশ্ব-সভা। ১১৪ খন দেশে অংশ গ্ৰহণ কৰা United Nations Conference on the Human Environment নামৰ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন খনে পোন প্ৰথমবাৰৰ বাবে পৃথিৱী আৰু মানব জাতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কুৰি শতিকাৰ পাৰিৱেশিক সমস্যাবোৰৰ কথা গুৰুত্ব সহকাৰে আলোচনা কৰিলে আৰু পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সহযোগিতাৰে কাম কৰাৰ এক বিশ্বজনীন সন্মতিৰ বাট মুকলি কৰিলে। সেই সময়ত সমস্ত পৃথিৱীতে পৰিলক্ষিত হোৱা পৰিৱেশ প্ৰদূষণ, নিৰ্বননীকৰণ, শক্তিৰ উৎস খনিজ পদাৰ্থ সমূহৰ অত্যধিক নিষ্কাসন আৰু জনসংখ্যাৰ বিষ্ফোৰণ -বিশেষকৈ এই সমস্যাকেইটাই আৰু সাধাৰণভাবে মানুহে কৰা প্ৰাকৃতিক পৰিৱেশৰ ক্ষতিয়ে, সমস্ত বিজ্ঞানী, সমাজ বিজ্ঞানী আৰু ৰাষ্ট্ৰনেতাসকলক চিন্তিত কৰি তুলিছিল।
এই সমাৱেশে দিয়া প্ৰতিশ্ৰুতিৰ ফল স্বৰূপে ১৯৭২ চনৰ ডিচেম্বৰ মাহত জন্ম হ’ল United Nations Environment Program(UNEP), যিটো বৰ্তমান বৈশ্বিক পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি থকা আটাইতকৈ ডাঙৰ অনুষ্ঠান। তাৰোপৰি এই সন্মিলনীতে সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতি বছৰে ৫ জুন তাৰিখটো(এই সভাৰ আৰম্ভণিৰ দিনটো) বিশ্ব পৰিৱেশ দিৱস হিচাপে সমগ্ৰ পৃথিৱী জুৰি উদযাপন কৰা হ’ব । স্টকহোম সন্মিলনেই এতিয়াৰ বিশ্বৰ পাৰিৱেশ ৰক্ষাৰ বাবে বিভিন্ন ঠাইত চলি থকা পাৰিৱেশিক আন্দোলন তথা পাৰিৱেশিক ৰাজনীতি আৰু পাৰিৱেশিক প্ৰশাসনৰ ধ্যান-ধাৰণাবোৰৰো বাটকটীয়া।
যোৱা পঞ্চাছ বছৰত পৰিৱেশ সম্পৰ্কীয় চিন্তা-চৰ্চাৰ অনেক উন্মেষন, ক্ৰমবিকাশ আৰু পৰিবৰ্তন ঘটা দেখা গ’ল। আমি অনেক নতুন পৰিৱেশজনিত প্ৰত্যাহবানৰ সমুখীন হ’বলগা হ’ল । পৰিৱেশ বিজ্ঞান, গৱেষণা আৰু শিক্ষাৰ পৃথিৱী সৰ্বত্ৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিল। ১৯৭৪ চনৰ পৰা পালন কৰি অহা ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসটো সমগ্ৰ বিশ্বতে পৰিৱেশ সম্বন্ধীয় সচেতনতা আৰু কৰ্মোদ্যম বিয়পোৱাৰ আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈ পৰিল । বৰ্তমান UNEPৰ উদ্যোগত প্ৰায় ১৫০ খন দেশত এই দিৱস পালিত হয়।
বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নে পৰিৱেশ-জনিত কিছু সমস্যাৰ সমাধান কিয়দংশে সম্ভব কৰি তুলিলেও বেছিভাগ সমস্যাৰ পৰা আমি পৰিত্ৰাণ পোৱা নাই । ইতিমধ্যে গৱেষণা লব্ধ তথ্য আৰু জ্ঞানৰ পৰা জনা গ’ল যে প্ৰকৃতি ধংস আৰু পাৰিপাৰ্শ্বিকতাৰ অৱনতিৰ ফলত সমাজ, সংস্কৃতি, অৰ্থনীতি আৰু উন্নয়নৰ ক্ষেত্ৰসমূহত বহু নেতিবাচক প্ৰভাব পৰিছে যাৰবাবে সমস্যাবোৰ দিনে দিনে জটিল হৈ পৰিছে আৰু ইবোৰৰ আশু নিৰাময়ৰ সম্ভাৱনাও ধূসৰ হৈ পৰিছে।
পঞ্চাছ বছৰৰ পিছত ইতিহাসৰ পুনৰাবৃত্তি হ’বলৈ ওলাইছে। স্টকহোম সন্মিলনৰ পঞ্চাছ বৰ্ষপূৰ্তি উপলক্ষে সেই চহৰতে ৰাষ্ট্ৰসংঘৰ আহ্বানত এইবছৰৰ জুন মাহৰ ২-৩ তাৰিখে Stockholm+50 নামৰ আন্তৰ্জাতিক সভা অনুষ্ঠিত হ’ব । এই সভাৰ আলোচ্য বিষয় হ’ল ‘সকলোৰে সমৃদ্ধিৰ বাবে এখন সুস্থ পৃথিবী: আমাৰ দায়িত্ব আৰু সুযোগ’। ঠিক তাৰ পিছতে জুনৰ ৫ তাৰিখে পালিত হ’ব লগা এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰচাৰ-বাণী(slogan) হ’ল ‘এখনেই পৃথিবী(Only One Earth)’ আৰু বিষয় হৈছে ‘প্ৰকৃতিৰ সৈতে বহনক্ষম আৰু সৌহাৰ্দপূৰ্ণ সহবাস(Living sustainably in harmony with nature)। তাৎপৰ্যপূৰ্ণ কথা এই যে ১৯৭২ৰ সন্মিলন খনৰ ওপজ, স্টকহোম ঘোষনাপত্ৰ(Stockholm Declaration)ৰো শ্ল’গান আছিল Only One Earth.
মানব জাতিৰ বাবে একমাত্ৰ আৱাস স্থল আমাৰ মৰমৰ এই পৃথিবীখনৰ সুৰক্ষাৰ বাবে এতিয়া তিনিটা ভুবন জোৰা সমস্যা সবাতোকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এইকেইটা হ’ল জল-স্থল-বায়ুমণ্ডলৰ প্ৰদূষণ, প্ৰকৃতি ধ্বংস আৰু তদজনিত জৈৱবৈচিত্ৰ্যৰ অবনমন আৰু জলবায়ু পৰিবৰ্তন। মূলতঃ এই সমস্যাত্ৰয়ৰ মোকাবিলা কৰিব পৰাৰ ওপৰতে নিৰ্ভৰ কৰিব বিপন্ন ধৰিত্ৰী আৰু মানব সভ্যতাৰ ভবিষ্যত ।
প্ৰদূষণৰ বাবে বহু দেশত জল-স্থল-বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে। প্ৰতি বছৰে ৪০০ নিযুত টনৰো বেছি অপকাৰী ৰাসায়নি পদাৰ্থ পৃথিবীৰ নদী আৰু আন জলাশয় বোৰত প্ৰৱেশ কৰে। বায়ু প্ৰদূষণৰ জোখ-মাপৰ সুবিধা থকা বিশ্বৰ ৪৫ খন বৃহৎ মহানগৰ ৰ বায়ুমান নিৰ্ধাৰণৰ পৰা গম পোৱা গৈছে যে ইয়াৰে মাত্ৰ চাৰি খনৰ বায়ু মানহে বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে গ্ৰহণযোগ্য ।বৰ্তমান বিশ্বৰ ৯০ শতাংশ জনসংখ্যাই এনে ঠাইত বাস কৰে যি বোৰ ক্ষুদ্ৰ পদাৰ্থ কণিকা(particulate matter)-সৃষ্ট বায়ু দূষণৰ পৰা মুক্ত নহয়। ভাৰতত প্ৰদূষণৰ ভয়াবহতা পৃথিবীৰ ভিতৰতে বেছি । ২০২০ চনৰ এক সমীক্ষা অনুসৰি, বিশ্বৰ সৰ্বাধিক বায়ু প্ৰদূষিত ১০ খন চহৰৰ ৯ খনেই ভাৰতত অৱস্থিত । উদাহৰণ- দিল্লী, গাজিয়াবাদ, লখনৌ ইত্যাদি । আমাৰ অসমৰ গুৱাহাটিতো মাত্ৰাধিক বায়ু প্ৰদূষণে কেইবাঠাইতো জনস্বাস্থ্য বিপৰ্যস্ত কৰি তুলিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে, ২০১৮ চনত কৰা পৰ্যবেক্ষণ অনুযায়ী, ভাৰতৰ ৩৫১ খন নদী আৰু জলাশয় প্ৰদূষিত বুলি ঘোষনা কৰিছিল । তাৰে ৪৪ খন অসমৰ । মহাৰাষ্ট্ৰৰ(৫৩ খন) পিছতে অসমতে প্ৰদূষিত নদী-জলাশয়ৰ সংখ্যা আটাইতকৈ বেছি
উদ্ভিদ আৰু প্ৰাণীকূলৰ বিভিন্ন প্ৰজাতিৰ সংখ্যা কমি যোৱা, বিপন্ন প্ৰজাতি সমূহ ক্ৰমান্বয়ে নিঃশেষ হৈ অহা আদি ঘটনা দ্ৰুত গতিত বাঢ়িছে। বৰ্তমানৰ প্ৰজাতি বিলুপ্তিৰ হাৰ প্ৰাকৃতিক হাৰতকৈ প্ৰায় দহৰ পৰা এশ গুণ বেছি। আজিৰ পৃথিবীত থকা প্ৰায় ৮ নিযুত প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ১ নিুযুতেই বিলুপ্তিৰ পথত । ইয়াৰ বাবে দায়ী অৰণ্য, জলাশয় আদিৰ দৰে প্ৰাকৃতিক আবাসস্থলী আৰু পৰিস্থিতি তন্ত্ৰবোৰৰ নিৰ্বিচাৰ ধ্বংস। তাৰ লগতে অপৰিকল্পিত অৰু অবৈজ্ঞানিক ভূমি-ব্যৱহাৰ, প্ৰদূষণ, জলবায়ু পৰিবৰ্তন, অৰণ্যদাহ, আদিৰো ইয়াত ভূমিকা আছে। জৈৱবৈচিত্ৰ্য হ্ৰাস পোৱাৰ বাবে মানুহৰ কৃষি, খাদ্য, অৰ্থনীতি, আৰু আনকি সংস্কৃতিৰো ক্ষতি হয়। আমাৰ উত্তৰ পূৰ্বাঞ্চলতো যোৱা এটা দশকত বছৰে প্ৰায় ৩০০ বৰ্গ কিলোমিটাৰ অৰণ্য লোপ পাইছে। এই অঞ্চলৰ অৰণ্যভূমিত বনজুই লগাৰ প্ৰৱণতা দেশৰ ভিতৰতে বেছি বুলি নতুনকৈ জনা গৈছে। মিজোৰাম, চিকিম, নাগালেন্ড আৰু অসমত যোৱা পাঁচ বছৰত ঘটিত হোৱা বনজুইবোৰে ভৱিষ্যতৰ বাবে অশনি সংকেত কঢ়িয়াইছে ।
২০১৬ চনত প্ৰবৰ্তিত হোৱা ১৯৬ খন দেশৰ স্বাক্ষৰ সম্বলিত পেৰিচ চুক্তি মতে এই দেশবোৰে প্ৰাক- ঔদ্যোগিক কাল(১৮৫০-১৯০০)ৰ তুলনাত গোলকীয় উষ্ণতা বৃদ্ধি ২ ডিগ্ৰী চেন্টিগ্ৰেডৰ (পৰাপক্ষত ১.৫ ডিগ্ৰীৰ ভিতৰত) সীমাবদ্ধ ৰাখিবলৈ বদ্ধ পৰিকৰ হৈছিল। ইয়াৰ বাবে প্ৰয়োজন আছিল এই শতিকাৰ মাজ ভাগতে বেছিভাগ দেশে সেউজ গৃহ গেছ নিৰ্গমণ সম্পূৰ্ণ বন্ধ কৰা। কিন্তু বাস্তবত এনে হৈ উঠা নাই। ধৰাপৃষ্ঠৰ উষ্ণতা বৃদ্ধিয়ে ইতিমধ্যে ১.১ ডিগ্ৰী চেন্টিগ্ৰেড পাৰ কৰিলে। এই হাৰত বাঢ়ি থাকিলে ২০৪০ চন বা তাৰ আগতে উষ্ণীভৱনৰ মানে ১.৫ ডিগ্ৰী চেন্টিগ্ৰেড চুবগৈ । এই শতিকাৰ শেষলৈ এই মান হ’বগৈ ৩ ডিগ্ৰী চেন্টিগ্ৰেড ।
গোলকীয় উষ্ণীভৱনৰ আৰু তদসৃষ্ট জলবায়ু পৰিবৰ্তনে ইতিমধ্যে পৃথিবীত মানুহৰ অস্তিত্ব আৰু মানব সভ্যতাৰ প্ৰতি বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে। ক্ৰমবৰ্ধমান উষ্ণতা; অনিয়মীয়া বৰষুণ; অতি বৃষ্টি; ঘূৰ্ণী ধুমুহা-বান-খৰাঙৰ বৰ্ধিত প্ৰকোপ; উৰ্ধগামী সাগৰ পৃষ্ঠ; হিমালয়, সুমেৰু, কুমেৰু আৰু অন্যান্য পাৰ্বত্যাঞ্চলৰ বৰফ আৰু হিমবাহৰ খৰতকীয়া গলন আদি পৰিঘটনাবোৰে সমগ্ৰ পৃথিবীতে দুৰ্যোগ, মানুহৰ ব্যৱহাৰ-যোগ্য পানীৰ নাটনি, কৃষি উৎপাদন হ্ৰাস, খাদ্য-সুৰক্ষাৰ অভাৱ, পুষ্টিহীনতা, মানব-প্ৰব্ৰজন, আৰু দাৰিদ্ৰ আদি অনেক সৰু-বৰ সমস্যাৰ সৃষ্টি আৰু মাত্ৰা বৃদ্ধি কৰিছে।
আমাৰ উত্তৰ-পূৰ্বাঞ্চলতো জলবায়ু পৰিবৰ্তনৰ বিভিন্ন সূচক আৰু প্ৰভাৱ পৰিলক্ষিত হৈছে। বৃষ্টিপাতৰ শবছৰীয়া নিয়মীয়া বৈশিষ্ট্য ভাঙি অনিয়মীয়া বৰষুন, বৃষ্টিহীনতা আৰু অতি বৃষ্টি আমাৰ বতৰ আৰু জলবায়ুৰ নতুন সাধাৰণ প্ৰৱণতা হৈ পৰিছে। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ পৰা হোৱা বৰষুণৰ পৰিমাণ কিছু পৰিমাণে কমি অহা দেখা গৈছে। গ্ৰীষ্ম আৰু বৰ্ষা ঋতু বেছি গৰম আৰু দীঘলীয়া হোৱাৰ লগতে শীত কালচোৱা সংকুচিত হৈছে, শীতলতা কমিছে । এনধৰণৰ পৰিৱৰ্তনবোৰৰ বাবে কৃষি, স্বাস্থ্য, জলসম্পদ, জলসিঞ্চন আদি উন্নয়নৰ প্ৰায়বোৰ ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হৈছে। ভূমি স্খলন, বানপানী, ঢলপানী, ধুমুহা, বিজুলী-ঢেৰেকণি আদি দুৰ্যোগৰ প্ৰকোপ বাঢ়িছে। ২০১৮ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে কৰা এটা অধ্যয়নত অসমৰ জলবায়ু জনিত ক্ষতিপ্ৰৱণতা হিমালয় অঞ্চলৰ ১২ খন ৰাজ্যৰ ভিতৰতে সৰ্বাধিক বুলি কোৱা হৈছে।
এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ আহ্বান হ’ল প্ৰকৃতিৰ সৈতে শান্তি, সৌহাৰ্দ আৰু সন্মানজনক সহাৱস্থনৰ জৰিয়তে পাৰিৱেশিক সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰা । ইয়াৰ বাবে লাগিব ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় পৰ্যায়ত সঠিক নীতি আৰু তাৰ প্ৰয়োগ; চৰকাৰ, জনসাধাৰণ, নাগৰিক সমাজ আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা; পৰিৱেশ-অনুকুল জীৱন শৈলী অবলম্বন; আৰু প্ৰকৃতি সংবেদী উন্নত বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰ । এতিয়ােৰ পৰা প্ৰকৃতি-ভিত্তিক সমাধানেই(nature-based solution) হ’ব লাগিব সকলোবোৰ উন্নয়ন-সম্পৰ্কীয় কৰ্ম সম্পাদনৰ বাবে আমাৰ মূল নীতি ।আন্তৰ্জাতিক স্তৰত, বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ(sustainable development goals)ৰ প্ৰাপ্তি, পেৰিচ চুক্তিৰ কাৰ্যকৰীকৰণ, ২০২০ৰ পিছৰ নতুন গোলকীয় জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ পৰিকল্পনাৰ ৰূপায়ন আৰু কৰোনা অতিমাৰী আৰু তদ্ৰুপ বৈশ্বিক দুৰ্যোগৰ ব্যৱস্থাপনাত সহযোগিতা আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব আমি আহিব লগা দিনবোৰত এখন বহনক্ষম সমাজ আৰু পৃথিবী পাম নে নেপাম।
(ডঃ পাৰ্থ জ্যোতি দাস এজন পৰিৱেশ বিজ্ঞানী। তেখেত পৰিৱেশ, সমাজ আৰু উন্নয়ন সম্পৰ্কীয় সমন্বিত অধ্যয়ন আৰু গৱেষণাত ব্ৰতী। ডঃ দাস পৰিৱেশ সেৱী বেচৰকাৰী সংস্থা আৰণ্যকৰ সৈতে জড়িত।)