ভাৰতত কৰ’না ৰোগীৰ সংখ্যা ১৬হাজাৰ অতিক্ৰম; ভেকচিন-ড্ৰাগ টেষ্টৰ বাবে টাস্ক ফ’ৰ্চ গঠন

1537 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে। আই চি এম আৰৰ তথ্য অনুসৰি বৰ্তমান দেশত কৰ’না ৰোগীৰ সংখ্যা ১৬হাজাৰ অতিক্ৰম কৰিছে।

বৰ্তমান দেশত কৰ’না আক্ৰান্ত ৰোগী হৈছে ১৬,১১৬জন। ইয়াৰ ভিতৰত ৫১৯গৰাকী লোকৰ মৃত্যু হৈছে। সেইদৰে ২৩০২গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লাৱ আগৰৱালে জানিবলৈ দিয়ে যে ভেকচিন আৰু ড্ৰাগ টেষ্টৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

যোৱা ১৪দিনত দেশৰ ২৩খন ৰাজ্যৰ ৪৩খন জিলাত কোনো নতুন কৰ’না আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই। তদুপৰি দেশৰ হটস্পট হিচাপে চিহ্নিত অঞ্চলসমূহত ২০ এপ্ৰিলৰ পাছত লকডাউনৰ সময়ত ঘোষণা কৰা ৰেহাইসমূহ দিয়া নহয়।

ইপিনে গৃহ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে যে লকডাউনৰ সময়ত অত্যাৱশ্যকীয় নোহোৱা সামগ্ৰীৰ ওপৰত থকা বাধা বলবৎ থাকিব।পৰিস্থিতি পৰ্যবেক্ষণৰ পাছতহে ৰেহাইৰ কথা বিবেচনা কৰা হ’ব।

গৃহ মন্ত্ৰ্যালয়ে মেডিকেল টীমৰ সম্পূৰ্ণ সুৰক্ষা আৰু লকডাউন কঠোৰভাৱে পালন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।