NORTHEAST NOW (Assamese)

কৃষি, শিক্ষাক সামৰি হাগ্ৰামাৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ বিটিচি বাজেট

February 26, 2019 8:37 pm · ৰিনয় বসুমতাৰী
হাগ্ৰামা মহিলাৰীৰ বাজেট দাখিলৰ আলোকচিত্ৰ

আজিৰ পৰা কোকৰাঝাৰত দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সাধাৰণ বাজেট অধিৱেশন। বিটিএডি অঞ্চলৰ গ্ৰাম্যঞ্চলৰ বিকাশ, স্বাস্থ্য, পথ পৰিবহণ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, শিক্ষা আৰু কৃষিক্ষেত্ৰক সামৰি দাখিল কৰা হয় ২০১৯-২০ বৰ্ষৰ বিটিচিৰ বিত্তীয় বাজেট।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মঙলবাৰে ৪২.৫২০৬ কৌটি টকাৰ অতিৰিক্ত বাজেটেৰে মুঠ ৪৬৬৭.৭৬৬২ কোটি টকাৰ বাজেট দাখিল কৰে। সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মহিলাৰীয়ে বিটিচিৰ সৰ্বস্তৰৰ উন্নয়নৰ বাবে বাজেটত চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে।

আনহাতে,ৰাজ্যিক পুঁজিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন, আৰ্থিক আৰু নিয়োগ সৃষ্টিৰ বাবে ভালেমান আচনি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে বুলি কয়।

অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে বাজেট অধিবেশনত পৰিষদৰ বিধানসভাৰ ২৩০ নম্বৰ নিয়ম অনুযায়ী বাণিজ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন পাঠ কৰে। বিৰোধী সদস্য সকলৰ বিকাশ, বানপানী, গৰাখহনীয়া, শিক্ষা, সমাজ কল্যাণ, কৃষি আদি বিষয়ক লৈ কৰা প্ৰশ্নকালেৰে বাজেট অধিবেশন আৰম্ভ হয়।

য়ুনাইটেড পীপ’ল পাৰ্টি লিবাৰেলৰ বিৰোধী দলপতি ৰাৱাংগ্ৰা নাৰ্জাৰীয়ে উত্থাপিত বাজেটখনক সাধাৰণ বাজেট আখ্যা দি বাজেটত কোনোধৰণৰ বিশেষ ঘোষণা অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি মন্তব্য কৰে।  বড়োলেণ্ডত জনসংখ্যা অনুযায়ী এইবাৰ ৰাজ্য চৰকাৰে ১২.৯ শতাংশলৈ বিটিচি বাজেট বৃদ্ধি কৰিব লাগিছিল কিন্তু চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি নাৰ্জাৰীয়ে সমালোচনা কৰে।

Related News