কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ নামাকৰণ কৰা হ’ব এইগৰাকী ভাৰতীয় বিজ্ঞানীৰ নামেৰে

বিশ্বৰ আগশাৰীৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে ভাৰতীয় বিজ্ঞানী তথা চিপলাৰ সঞ্চালক প্ৰধান ইউচুফ হামিদৰ নামেৰে বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগক নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়াৰে পৰা ২০৫০ চনলৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰায়াসন বিজ্ঞান বিভাগক ‘ইউচুফ হামিদ ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি’ হিচাপে জনা যাৱ।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ ইউচুফ হামিদে তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে বিশ্বৰ ৰাসায়ন বিজ্ঞান জগতত এক চিনাকী নামত পৰিণত হৈছে।

ইউচুফ হমিদে বিশ্ববিদ্যালয়খনত ইউচুফ হামিদ ফাণ্ড আৰু হামিদ স্কোলাৰ প্ৰ’গ্ৰাম গঢ়ি তোলাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

ভাৰতীয় ফাৰ্মাচিউটিকেল জগতৰ অন্যতম চিপলাৰ সঞ্চালক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি উইচুফ হামিদে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

‘‘কেম্ব্ৰিজে মোৰ ৰাসায়ন বিজ্ঞান শিক্ষাৰ ভেটি গঢ়ি দিলে আৰু কেনেদৰে ৰসায়ন বিজ্ঞানৰ শিক্ষাৰে সমাজৰ বাবে অৱদান আগবঢ়াব পাৰি সেয়া জ্ঞান দিলে,’’ বিশ্ববিদ্যালয়খনৰ সিদ্ধান্তৰ পাছতে উৎসাহিত হৈ পৰা হামিদে এইদৰে কয়।

ৰসায়ন বিজ্ঞান বিভাগলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০৫ চনত ইউচুফ হামিদক পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰিছিল।