নেলচন মেণ্ডেলাক বন্দী কৰি ৰখা জেইলৰ গাৰ্ড আছিল এইজন ক্ৰিকেটাৰ, দেশৰ হৈ কৰিছিল চমৎকাৰ

চাৰ্ল লেংগাভেল্ট। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ। এতিয়া তেওঁ নতুল বলাৰ তৈয়াৰত ব্যস্ত থাকে, অৰ্থাৎ বলিং প্ৰশিক্ষক।

এইগৰাকী প্ৰাক্তন বেগী বলাৰৰ আজি জন্মদিন।

লেংগাভেল্টে ক্ৰিকেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ আঁৰত আছে এটা আকৰ্ষণীয় কাহিনী।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ অহাৰ আগতে তেওঁ জেইলৰ এজন গাৰ্ড আছিল। সৰু-সুৰা জেইল নহয় সেইখন আছিল ড্ৰেকনষ্টিন জেইল য’ত এসময়ত নেলচন মেণ্ডেলা বন্দী হৈ আছিল।

জেইলত গাৰ্ড হিচাপে থকা অৱস্থাত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। যথোপযুক্ত গতি আৰু চুইঙৰ বাবে তেওঁক দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলত নিৰ্বাচিত কৰা হৈছিল।

২০০১ চনত তেওঁ কেনিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু ২০০৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক কৰে।

তেওঁ প্ৰথম টেষ্টত চমৎকাৰ প্ৰদৰ্শন আগবঢ়াইছিল। বেটিঙৰ সময়ত তেওঁৰ এটা আঙুলি ভাঙিছিল, কিন্তু তাৰ পাছতো বলিং কৰে আৰু মাত্ৰ চাৰি ৰান খৰচ কৰি পাঁচটা উইকেট দখল কৰি ইংলেণ্ডক ১৬৩ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য কৰায়।

এই মেচখন দক্ষিণ আফ্ৰিকাই ১৯৬ ৰানৰ ব্যৱধানত জয়ী হৈছিল।

ইয়াৰ পিছত তেওঁক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হয়। ইয়াত, লেংগাভেল্টে বাৰ্বাডোছ এদিনীয়াত চমৎকাৰ প্ৰদৰ্শন আগবঢ়ালৈ সক্ষম হয়।

মেচখনত ৱেষ্ট ইণ্ডিজ দলক জয়ৰ বাবে অন্তিম অভাৰত প্ৰয়োজন মাত্ৰ চাৰি ৰানৰ আৰু হাতত আছিল তিনিটা উইকেট। কিন্তু লেংগাভেল্টে মাত্ৰ দুই ৰান দিছিল আৰু হেট্ৰিক অৰ্জনেৰে দলক ১ ৰানত জয়ী কৰাইছিল।

চাৰ্ল লেংগাভেল্টে ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপ খেলিছিল। ২০০৩ চনত তেওঁ বিশেষ সুযোগ পোৱা নাছিল, কিন্তু ২০০৭ চনত তেওঁ দলৰ সৰ্বাধিক উইকেট দখলকাৰী আছিল।

অৱশ্যে, তেওঁ বেছি দিনৰ বাবে ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰিলে, যাৰ বাবে তেওঁ মাজে সময়ে দলৰ পৰা বাহিৰ হ’বলগীয়া ও হৈছিল।

২০০৮ চনত তেওঁ এক বিবাদৰ সন্মুখীন হয়। সমালোচক সকলৰ মতে আন্দ্ৰে নেইলক উপেক্ষা কৰি তেওঁক ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

এই বিবাদৰ বাবে তেওঁ দলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে আৰু তাৰ পিছৰ পৰা কোনো দিনে তেওঁ আৰু টেষ্ট খেলাৰ সুযোগ নাপালে।

তেওঁৰ টেষ্ট কেৰিয়াৰ মাত্ৰ এটা বছৰহে আছিল। তেওঁ ছখন টেষ্ট খেলিছিল আৰু ১৬ টা উইকেট দখল কৰিছিল।

আনহাতে তেওঁৰ ১০ বছৰীয়া এদিনীয়া কেৰিয়াৰত খেলা ৭২খন মেচত ১০০টা উইকেট দখল কৰিছিল। ৫খন টি-২০ মেচত লেংগাভেল্টে ১৭ টা উইকেট লাভ কৰিছিল।

উল্লেখ্য যে আজি কালি বলাৰসকলে যিটো নকল বলেৰে বেটছমেনসকলক শলঠেকত পেলাই সেই নকল বলৰ আৱিৰ্ভাৱত ডাঙৰ ভূমিকা পালন কৰিছিল লেংগাভেল্টে।

তেওঁ প্ৰথমে দক্ষিণ আফ্ৰিকাৰ ঘৰুৱা ক্ৰিকেটত এই নকল বল ব্যৱহাৰ কৰিছিল। অৱশ্যে জাহিৰ খানে হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নকল বল কৰা প্ৰথম বলাৰ।