চিৰাঙৰ অতিৰিক্ত উপায়ুক্তৰ গাড়ীৰ খুন্দাত এজনৰ মৃত্যু

PicsArt_10-01-08.34.14

চিৰাং জিলাৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত আজি এক পথ দূৰ্ঘটনাত পতিত হয়৷  বৰপেটাৰ ৩১  নং ৰাষ্ট্ৰীয়  ঘাইপথৰ ভৱানীপুৰৰ ওচৰৰ বাংলীপাৰাত এই দূৰ্ঘটনাটো সংঘটিত হয়৷ চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত গয়া প্ৰসাদ আগৰৱালাই আজি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে AS 19B 0020 নম্বৰৰ গাড়ীখনেৰে গুৱাহাটীৰ পৰা চিৰাঙলৈ গৈ থকা অৱস্থাত বাংলীপাৰাত তেওঁ গৈ থকা গাড়ীখনে এজন লোকক খুন্দিওৱাৰ ফলত লোকজন মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে৷

মৃত লোকজনৰ নাম ইদ্ৰিছ আলী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই বাংলীপাৰাত স্থাপন হোৱা ভৱানীপুৰ পশু বজাৰখনৰ বাবে ঘাইপথটোত ব্যাপক যানজঁটৰ সংষ্টি হয়৷ আজি বজাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰে এটা গৰু দৌৰি যোৱাৰ ফলতে দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে৷

পঘাৰ পৰা এৰা খোৱা এটা গৰু গাড়ীখনৰ সন্মুখেৰে হঠাতে পাৰ হৈ যোৱাৰ লগে লগে চালকে গাড়ীখন আনপিনে লৈ যাব বিচাৰে যদিও, গৰুটোৰ পিছে পিছে দৌৰি অহা লোকজন গাড়ীৰ খুন্দাত চিটিকি পৰে৷

অতিৰিক্ত উপায়ুক্ত গয়াপ্ৰসাদ আগৰৱালাই লগে লগে লোকজনক নিজৰ গাড়ীৰেই ভৱানীপুৰ হস্পিটাললৈ লৈ  যায় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে৷

পিচত আৰক্ষীয়ে লোকজনৰ মৃতদেহটো বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

অবশ্যে জানিব পৰা গৈছে যে চিৰঙৰ অতিৰিক্ত উপায়ুক্ত গয়াপ্ৰসাদ আগৰৱালা দুৰ্ঘটনাটোৰ ফলত কোনোধৰণে আঘাতপ্ৰাপ্ত হোৱা নাই৷