ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

index

ৰাজ্যিক  উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই সোমবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰত্যাশাপূৰ্ণ জিলা হিচাপে ধুবুৰীত ৰূপায়ন হৈ থকা আঁচনিবোৰৰ লগতে বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷

জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী প্ৰমুখ্যে বিষয়সকলৰ  উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ৰমেন ডেকাই প্ৰথমে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কামৰ বুজ লয়৷

শিক্ষা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি ৰমেন ডেকাই বিভাগটোৰ বিষয়াসকলক নতুন শিক্ষা নীতিৰ ওপৰত গুৰুত্ব দিবলৈ কয়৷

তেওঁ কৃষি বিভাগৰ বিষয়াসকলক আধুনিক পদ্ধতিৰে লাভজনক খেতি কৰা খেতিয়কৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰু নিয়মীয়াকৈ খেতিপথাৰ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে৷

কৃষি বিভাগৰ কামৰ পৰ্যালোচনাৰ সময়ত জিলা উপায়ুক্তই বিলাসীপাৰা মহকুমাত হোৱা পৰ্যাপ্ত পৰিমাণৰ জলকীয়া উৎপাদনৰ কথা উল্লেখ কৰে৷

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলক ৰাজ্যিক জীৱিকা অভিযানৰ সুযোগ লবলৈ ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষগৰাকীয়ে আহ্বান জনায়৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আয়োগে গ্ৰহণ কৰা ‘সমৃদ্ধি হাঁহ-কুকুৰা পালন’ প্ৰকল্পৰ কথা উল্লেখ কৰি তেওঁ বিভাগটোৰ বিষয়াসকলক কাৰিকৰী সহায়ৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়৷

স্বনিয়োজনৰ সুযোগ সৃষ্টিৰ বাবে অধিক সংখ্যক দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰাত তেওঁ গুৰুত্ব দিয়ে৷

জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰি থকা জল জীৱন মিছনৰ পৰ্যালোচনা কৰি কাৰ্যকৰী কৰা পানীযোগান প্ৰকল্পবোৰ নিৰীক্ষণ কৰি থাকিবলৈ উপাধ্যক্ষগৰাকীয়ে কয়৷

মীন বিভাগে ৰূপায়ন কৰা ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ আঁচনিৰ হিতাধিকাৰীৰ তালিকা জমা দিবলৈ ৰমেন ডেকাই বিভাগটোৰ বিষয়াক নিৰ্দেশ দিয়ে আৰু আঁচনিখনৰ ক্ষেত্ৰভিত্তিক ৰূপায়ন নিৰীক্ষণৰ বাবে দণ্ডাধীশক দায়িত্ব দিবলৈ জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে৷

বৈঠকত জিলা উদ্যেগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধকে জনায় যে কোনো ‘ষ্টাৰ্ট আপ’ জিলাখনত আৰম্ভ হোৱা নাই৷

উপাধ্যক্ষগৰাকীয়ে কৃষি বিভাগ আৰু মীন বিভাগৰ সৈতে যুটীয়াভাৱে এই বিষয়ত সজাগতা শিবিৰ আয়োজনৰ পৰামৰ্শ দিয়ে৷

সমাজ কল্যাণ বিভাগৰ আঁচনি পৰ্যালোচনাৰ সময়ত জিলা উপায়ুক্তই জনায় যে পুষ্টিহীনতাত ভোগা শিশুৰ বাবে জিলাখনত বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে৷

বৈঠকত উপাধ্যক্ষগৰাকীয়ে লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, বন, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰো কাম কাজৰ পৰ্যালোচনা কৰে৷